ETV Bharat / bharat

কৃষি আইনকলৈ উত্তাল লোকসভা - মধ্যস্থতা আৰু সমাধান

নতুন কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদক লৈ লোকসভাত বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে সদন স্থগিত ৰখা হয় । প্ৰথমে সন্ধিয়া ৫ বজাত তাৰ পিছত ৬ বজাত আৰু ৭ বজালৈ স্থগিত ৰখা হয় সদন ।

কৃষি আইনকলৈ উত্তাল লোকসভা
কৃষি আইনকলৈ উত্তাল লোকসভা
author img

By

Published : Feb 4, 2021, 8:46 PM IST

নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী: কৃষি আইনকলৈ লোকসভাৰ মজিয়াটো দেখা গ'ল উত্তাল প্ৰতিবাদ । নতুন কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদক লৈ লোকসভাত বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে সদন স্থগিত ৰখা হয় । প্ৰথমে সন্ধিয়া ৫ বজাত তাৰ পিছত ৬ বজাত আৰু ৭ বজালৈ স্থগিত ৰখা হয় সদন । নতুন কৃষি আইন বাতিলৰ বাবে বিৰোধী সদস্যসকলে শ্লোগান দিয়া মাজতে আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মধ্যস্থতা আৰু সমাধান (সংশোধনী) বিধেয়ক, ২০২১ উপস্থাপন কৰে ।

বিধেয়কখন প্ৰৱৰ্তন কৰি প্ৰসাদে কয় যে বিধেয়ক খনে নিৰ্ধাৰিত আৰ্থিক প্ৰতিষ্ঠানৰ জৰিয়তে মধ্য়স্থতাকাৰীসকলৰ দ্ৰুত নিযুক্তিৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে । বিধেয়ক খনে চৰকাৰে আগতে অনা এটা অধ্যাদেশো সলনি কৰিব বিচাৰে । পিছত বিৰোধীসকলৰ প্ৰতিবাদৰ মাজত লোকসভা সন্ধিয়া ৬ বজালৈ স্থগিত কৰা হয়।

৬ বজাত লোকসভাৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰে যদিও বিৰোধী সদস্যসকলে পুনৰ কৃষি আইন বাতিল কৰাৰ দাবীক লৈ শ্লোগান দিয়া দেখিবলৈ পোৱা যায় । অধ্যক্ষৰ আসনত থকা বিজেপি সাংসদ ৰাজেন্দ্ৰ আগৰৱালে প্ৰতিবাদকাৰী নেতাসকলক তেওঁলোকৰ আসন ল'বলৈ আহ্বান জনাইছিল । প্ৰতিটো বিষয়ত আলোচনা কৰাৰ সকলোৰে অধিকাৰ আছে বুলি কৈ বিৰোধীয়ে প্ৰদৰ্শন কৰা প্লে কাৰ্ডবোৰ প্ৰদৰ্শন নকৰিবলৈও আহ্বান জনাই অধ্য়ক্ষ গৰাকীয়ে । কিন্তু বিৰোধীৰ প্ৰতিবাদ অব্যাহত থকাৰ বাবে তেওঁ সন্ধিয়া ৭ বজালৈ সদন পুনৰ স্থগিত কৰে ।

লগতে পঢ়ক:মিজোৰামত নতুনকৈ এগৰাকীও আক্ৰান্ত হোৱা নাই ক'ভিড-১৯ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.