তেজপুৰ, ৩০ জুলাই : মণিপুৰত শাম কটা নাই পৰিস্থিতি ৷ মণিপুৰৰ এগৰাকী ১১ বছৰীয়া প্ৰকৃতিপ্ৰেমী লিচিপ্ৰিয়া কাংগুজামে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিবলৈ বিচৰা নাই বুলি প্ৰধানমন্ত্ৰীলৈ টুইট কৰিছে । তেওঁ টুইটটোত উল্লেখ কৰে, "প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমি আপোনাৰ মন কী বাত শুনিব বিচৰা নাই, আপুনি মণিপুৰৰ লোকৰ মন কী বাত কওক ৷ আমি প্ৰায় মৃতপ্ৰায় ৷"
![Licypriya tweet to PM Modi on Maan ki Baat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-07-2023/as-tezpur-02-30july-vuspix-licypriya-vs-pm-pranabkumardas-7203907_30072023165251_3007f_1690716171_137.jpg)
লিচিপ্ৰিয়াই এই জুলাই মাহৰ ২ তাৰিখে প্ৰথমবাৰ প্ৰধানমন্ত্ৰীলৈ মন কী বাত অনুষ্ঠানৰ সন্দৰ্ভত টুইটাৰত উল্লেখ কৰি মণিপুৰৰ লোকৰ মন কী বাত শুনাওক বুলি প্ৰধানমন্ত্ৰীলৈ অনুৰোধ কৰিছিল ৷ শেহতীয়াকৈ ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, প্ৰতিনিধিৰ সোঁত ববলৈ আৰম্ভ কৰিছে ৷
বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিক্ষোভ লিচিপ্ৰিয়াৰ:
এই সন্দৰ্ভত লিচিপ্ৰিয়াই এক টুইটযোগে উল্লেখ কৰে যে, "মণিপুৰ ভ্ৰমণ কৰিবলৈ অহা ৰাজনীতিবিদসকলে আমাৰ কাৰণে একো কৰা নাই। ৰাজনৈতিক দল সংগঠনে মণিপুৰ ভ্ৰমণ কৰি গৃহহীন লোকসকলক শিবিৰত লগ কৰি ফটো ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰাৰ বাহিৰে অন্য একো নতুন কাম কৰা নাই ৷ তেওঁলোকৰ এই পৰিদৰ্শনৰ ফলত মণিপুৰৰ হিংসা হ্ৰাস পোৱা নাই আৰু তেওঁলোকে ক্ষতিগ্ৰস্ত লোকক সহায়ও কৰা নাই ৷"
![Licypriya tweet to PM Modi on Maan ki Baat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-07-2023/as-tezpur-02-30july-vuspix-licypriya-vs-pm-pranabkumardas-7203907_30072023165251_3007f_1690716171_661.jpg)
লিচিপ্ৰিয়াই অন্য এটা টুইট কৰি উল্লেখ কৰে যে, যোৱা 29 জুলাই শনিবাৰে মণিপুৰৰ ইম্ফলত পাহাৰ ভৈয়ামৰ প্ৰায় 3 লাখ লোকে ৰাজ্যখনত শান্তিৰ বাবে ৰাজপথত ওলাই আহিছে আৰু সেয়া আপুনি সম্ভৱ কৰিলে বুলি মন্তব্য কৰে । এই সমদল উলিয়াবলৈ বাধ্য কৰোৱাৰ বাবে ধন্যবাদ ৷
হিংসাত্মক কাৰ্য আৰম্ভণি:
প্ৰায় তিনিমাহত ভৰি দিবহি মণিপুৰৰ হিংসাত্মক ঘটনাই ৷ যোৱা 3 মে'ৰ পৰা আজি 30 জুলাইত সম্পূৰ্ণ হ’ল 88 দিনত ভৰি দিলেহি মণিপুৰৰ হিংসাত্মক ঘটনাই ।
![Licypriya tweet to PM Modi on Maan ki Baat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-07-2023/as-tezpur-02-30july-vuspix-licypriya-vs-pm-pranabkumardas-7203907_30072023165251_3007f_1690716171_1080.jpg)
বায়’মেট্ৰিক্স পৰীক্ষা :
ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহ বিভাগৰ সিদ্ধান্ত মৰ্মে মণিপুৰত আৰম্ভ কৰিছে বায়’মেট্ৰিক্স পৰীক্ষা । এতিয়াৰ পৰা মণিপুৰত ম্যানমাৰৰ নাগৰিক প্ৰৱেশৰ বাবে প্ৰয়োজনীয় হ’ব বায়’মেট্ৰিক্স ব্যৱস্থা ৷ ইয়াৰ জৰিয়তে নাগৰিকৰ তথ্য আহৰণ কৰিব পৰা যাব ৷
মণিপুৰ গৃহ বিভাগৰ ম্যানমাৰৰ দায়িত্ব থকা যুটীয়া সচিব পিটাৰ ছালামে ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোন সাক্ষাত কয় যে, গৃহ মন্ত্ৰালয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (এনচিআৰবি) এটা দল প্ৰেৰণ কৰি ৰাজ্য চৰকাৰৰ বিষয়াসকলক অবৈধ ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ বায়’মেট্ৰিক্স তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিছে।
লগতে পঢ়ক: Manipur crisis: INDIA মিত্ৰজোঁটৰ সাংসদ প্ৰতিনিধিয়ে মণিপুৰৰ ৰাজ্যপালক দাখিল কৰিলে স্মাৰক পত্ৰ