ETV Bharat / bharat

পুঞ্চ চিকিৎসালয়ত উপস্থিত লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা

author img

By

Published : Sep 14, 2022, 4:25 PM IST

জম্মু-কাশ্মীৰৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকললৈ ৫ লাখ টকা সাহায্য প্ৰদানৰ কথা ঘোষণা লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ (5 lakhs compensation to killed in punch accident) । আনহাতে, জম্মু-কাশ্মীৰ ৰাজ্যপাল প্ৰশাসনে আহত লোকসকলক ১ লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে ।

jk
jk

নেচনেল ডেস্ক, ১৪ ছেপ্টেম্বৰ : আজি জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত এক ভয়ংকৰ মটৰ দুৰ্ঘটনা সংঘটিত হয় (Horrific motor accident at Punch Jammu Kashmir) । উক্ত দুৰ্ঘটনাত প্ৰায় ১২ জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰা হৈছে । JK-12-1419 নম্বৰৰ বাহনখন পুঞ্চ জিলাৰ মাণ্ডি তহচিলৰ সীমান্ত অঞ্চল চাওজিয়ানৰ বিয়াৰী খাৱৈত বাগৰি পৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ।

আনহাতে, আন প্ৰায় ২৭ জন লোক আহত হয় । আহতসকলক স্থানীয় লোক আৰু ভাৰতীয় সেনা, জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মাণ্ডিৰ উপ জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । তাত প্ৰাথমিক চিকিৎসাৰ পিছত আহতসকলক পুঞ্চৰ ৰাজা সুখদেৱ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (12 people died in Motor accident In Jammu Kashmir) ।

ইয়াৰ উপৰি ৬ জন লোকক বিমানেৰে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ (Jammu Government Medical College) লৈ যোৱা হয় । চৰকাৰী সূত্ৰ অনুসৰি, এই বাহনখন চাওজিয়ানৰ পৰা বজাৰ অভিমুখে আহি আছিল । কিন্তু হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন চাওজিয়ানৰ বিয়াৰী অঞ্চলৰ এটা গভীৰ খাৱৈত পৰি যায় । যাৰ ফলত 12 জন লোক নিহত হোৱাৰ লগতে আন 27 জন লোক আহত হয় । তাৰে ভিতৰত কিছু স্কুলীয়া শিশুও আছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয়শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ (Lieutenant Governor of Jammu and Kashmir) মনোজ সিনহা পুঞ্চ ভ্ৰমণৰত অৱস্থাত আছে । মনোজ সিনহাই পুঞ্চ জিলা চিকিৎসালয়লৈ গৈ আহতসকলক সাক্ষাৎ কৰে (LG Manoj Sinha reached District Hospital Poonch) । লগতে তেওঁ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলক ৫ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে (5 lakhs compensation to killed in punch accident) । আনহাতে, জম্মু-কাশ্মীৰ ৰাজ্যপাল প্ৰশাসনে আহত লোকসকলক ১ লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে ।

উল্লেখ্য যে মাণ্ডি তহচিলৰ বিভিন্ন স্থানত ৰাস্তাৰ শোচনীয় অৱস্থাৰ বাবে প্ৰতিদিনে সৰু-বৰ দুৰ্ঘটনা ঘটিয়ে থাকে । মন কৰিবলগীয়া যে দুমাহ আগতে বিয়াৰী খাৱৈৰ ওচৰত এখন চুমো গাড়ীও দুৰ্ঘটনাত পতিত হৈছিল । উক্ত দুৰ্ঘটনাত চাৰিজন লোক নিহত হৈছিল । তথাপিও কিন্তু মাণ্ডিৰ পথবোৰৰ অৱস্থা একেই আছে ।

লগতে পঢ়ক :জম্মুৰ পুঞ্চ জিলাত পথ দুৰ্ঘটনাত নিহত 11 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.