আগৰতলা, ২১ জুলাই : ত্ৰিপুৰাৰ আইনী পৰিমাপ বিভাগে ক'ভিড-১৯ সময়ছোৱাত গ্ৰাহকসকলক প্ৰতাৰণা কৰাৰ বাবে ২৬৭ গৰাকী ব্যৱসায়ীৰ পৰা ৯.৮৬ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰিছে (Legal Metrology Department of Tripura)। উল্লেখ্য় যে, প্ৰতাৰিত হোৱাৰ পৰা গ্ৰাহকক সুৰক্ষাৰ ক্ষেত্ৰত আইনী পৰিমাপ বিভাগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । পেকেট কৰা সামগ্ৰীৰ সঠিক ওজন নিশ্চিত কৰাটো এই বিভাগৰ দায়িত্ব । পেকেট কৰা সামগ্ৰীবোৰ মুদ্ৰিত মূল্যতকৈ অধিক মূল্যত বিক্ৰী কৰগব নোৱাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে ।
খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সূত্ৰই কয় যে, ২০২১-২২ বিত্তীয় বৰ্ষত বিভাগটোৱে ৪৮৬ গৰাকী লোকক জৰিমনা বিহি ১.৬৬ কোটি টকা সংগ্ৰহ কৰিছে । আইনী পৰিমাপ বিভাগে ২০২১-২২ বিত্তীয় বৰ্ষত ৩৯,১৯৮ গৰাকী ব্যৱসায়ীৰ ওজন আৰু জোখাসঁজুলি পৰীক্ষা কৰে । বিভিন্ন সমস্যাৰ বাবে ৪৮৬ গৰাকীৰ বিৰুদ্ধে জৰিমনা আৰোপ কৰা হৈছে ।
আনহাতে, বিভাগটোৱে ৰাজহ হিচাপে ১.৬৬ কোটি টকা সংগ্ৰহ কৰিছে। কোভিড-১৯ অতিমাৰীৰ সময়ত বিভাগটোৱে গ্ৰাহকসকলক প্ৰৱঞ্চনা কৰাৰ বাবে জৰিমনা হিচাপে ২৬৭ গৰাকী ব্যৱসায়ীৰ পৰা ৯,৮৬,৫০০ টকা সংগ্ৰহ কৰিছে (During Covid Legal Metrology Department collected Rs 9,86,500)। বিভাগটোৰ এগৰাকী বিষয়াই কয় যে, তলাবন্ধৰ সময়ছোৱাত ক্ৰেতাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিভাগৰ দ্বাৰা বজাৰত নিয়মীয়া নিৰীক্ষণ কৰা হৈছিল ।
লগতে পঢ়ক:Drinking Water Crisis: খোৱাপানীৰ দাবীত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ