ETV Bharat / bharat

বামপন্থী দলৰ আহ্বানত পশ্চিমবংগত ১২ ঘন্টীয়া বন্ধ - ১২ ঘন্টীয়া পশ্চিমবংগ বন্ধৰ আহ্বান

দলীয় কৰ্মীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে ১২ ঘন্টীয়া পশ্চিমবংগ বন্ধৰ আহ্বান জনাই বামপন্থী দলে । বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ পৰিলেও খোলা থাকিল চৰকাৰী পৰিবহণ সেৱা ।

বামপন্থী দলৰ আহ্বানত পশ্চিমবংগত ১২ ঘন্টীয়া বন্ধ

author img

By

Published : Feb 12, 2021, 4:09 PM IST

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে পশ্চিমবংগৰ কলকাতাত এটা সমদলত অংশ লোৱা বামপন্থী দলৰ একাংশ কৰ্মীক প্ৰহাৰ কৰিছিল আৰক্ষীয়ে । কলকাতাৰ পৰা নাবান্নালৈ উলিওৱা সমদলটোৰ কৰ্মীসকলক আৰক্ষীয়ে বিভিন্ন ধৰণে বাধা দিয়াৰ লগতে প্ৰহাৰ কৰিছিল । এই ঘটনাৰ প্ৰতিবাদত বামপন্থী দলে সমগ্ৰ পশ্চিমবংগত শুকুৰবাৰে ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনায় । উল্লেখ যে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধ সন্ধিয়া ৬ বজালৈ কাৰ্যকৰী হৈ থাকিব ।

এই বন্ধৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখা গ'ল ৰাজ্য়খনৰ বিভিন্ন প্ৰান্তত । চিলিগুৰিটো বন্ধৰ প্ৰভাৱ পৰিল যদিও ৰাজহুৱা পৰিবহণ ব্য়ৱস্থাত কোনো প্ৰভাৱ পৰা দেখা নগ'ল এই বন্ধৰ । কিয়নো তৃণমূল কংগ্ৰেছৰ নেতৃত্বতাধীন পশ্চিমবংগ চৰকাৰে শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিতি থাকিবলৈ নিৰ্দেশ দিয়ে । এক বিবৃতি যোগে সকলো চৰকাৰী প্ৰতিষ্ঠান তথা কাৰ্যালয়ৰ কৰ্মচাৰীসকলক উপস্থিত থকাৰ নিৰ্দেশ দিয়ে ৰাজ্য় চৰকাৰে ।

লগতে পঢ়ক:গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ শীৰ্ষ বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.