ETV Bharat / bharat

Law and oreder situation of Tripura: বৰ্তমান ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি উন্নত: মুখ্যমন্ত্ৰী

author img

By

Published : Oct 26, 2022, 3:43 PM IST

ত্ৰিপুৰাত বৰ্তমান উন্নত আইন শৃংখলা পৰিস্থিতি(Law and oreder situation of Tripura) । পূৰ্বৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এই দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ । শীঘ্ৰেই আইন-শৃংখলা তথ্যৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ।

law and order situation is in better position
বৰ্তমান ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি উন্নত: মুখ্যমন্ত্ৰী

আগৰতলা,২৬ অক্টোবৰ: বুধবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই দাবী কৰে যে বৰ্তমান ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতি পূৰ্বৰ চৰকাৰতকৈ বহুত ভাল(Law and order situation of Tripura) । মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ভাই ফোঁটা গ্ৰহণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী ড৹ সাহাই কয় যে শীঘ্ৰেই তেওঁ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ তথ্য প্ৰকাশ কৰিব(CM on law and order situation in Tripura) ।

তেঁও কয় যে শীঘ্ৰেই আইন-শৃংখলা তথ্যৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰা হ'ব আৰু তাৰ পিছতে মানুহে বুজি পাব যে ৰাজ্যখনত আইন-শৃংখলাৰ পৰিস্থিতি উন্নত স্থিতিত আছে(CM publish a white paper on Law and Order data) । মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে স্বীকাৰ কৰে যে কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আৰু সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ত্ৰিপুৰা আৰক্ষীক প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হৈছে ।

এই সন্দৰ্ভত তেঁও কয় যে শেহতীয়াকৈ কিছুমান ঘটনা সংঘটিত হৈছে আৰু তেঁও আৰক্ষীক এনে ঘটনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আৰু তদন্ত চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছে । অপৰাধৰ প্ৰতি চৰকাৰৰ শূণ্য সহনশীলতা নীতি অব্যাহত আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেঁও লগতে কয় য়ে আইন-শৃংখলা পৰিস্থিতিৰ তথ্যত এইখন চৰকাৰ আৰু পূৰ্বৰ চৰকাৰৰ সৈতে তুলনা কৰা হ'ব ।

উল্লেখ্য যে বিগত কেইবামাহো ধৰি ৰাজ্যখনত বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে । এইক্ষেতত ত্ৰিপুৰাত বিভিন্ন ৰাজনৈতিক দলৰ মাজত সংঘাত অব্যাহত থকা দেখা গৈছে (Clashes among political parties in Tripura)। বিভিন্ন স্থানত আকৌ দলীয় সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হোৱা দেখা গৈছে ।

বিগত ছেপ্টেম্বৰ মাহত মানিক সৰকাৰে অভিযোগ কৰা অনুসৰি চিপিআই(এম)ৰ সমৰ্থকে এটা সমদলত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল তেওঁলোকে ঘৰলৈ উভতি যোৱাৰ সময়ত আক্ৰমণৰ সন্মুখীন হৈছিল । এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মানিক সৰকাৰসহ চিপিআই(এম)ৰ সাতজনীয়া এটা প্ৰতিনিধি দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে ।

লগতে পঢ়ক: Goods train brake failure in Gaya: গয়াত ব্ৰেক ফেইল হোৱাত লাইনচ্যুত মালবাহী ৰে'ল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.