ETV Bharat / bharat

ক্ৰমাৎ হ্ৰাস পাইছে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা - STATE WISE REPORT

ক্ৰমান্বয়ে ভাৰতত হ্ৰাস পাইছে দৈনিক ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ ঘটনা । বৃহস্পতিবাৰে নতুনকৈ মহামাৰীৰ কবলত পৰে ৩৫,৩৪২ জন লোক । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়(Union Health and Family Welfare Ministry)ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৪৮৩ জন কৰ'ণা আক্ৰান্ত ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।

LATEST COVID19 STATE WISE REPORT
ক্ৰমান্বয়ে ভাৰতত হ্ৰাস পাইছে দৈনিক ক'ভিড আক্ৰান্তৰ ঘটনা
author img

By

Published : Jul 23, 2021, 1:33 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই : সমগ্ৰ দেশতে বৰ্তমানেও ক'ভিড-১৯(COVID-19) মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত আছে যদিও তুলনামূলকভাৱে হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়(Union Health and Family Welfare Ministry)ৰ পৰা পোৱা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত ৩৫,৩৪২ জন লোক নতুনকৈ ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হয় । আনহাতে, বুধবাৰে অৰ্থাৎ নতুনকৈ ৪১,৩৮৩ জন লোক মহামাৰীৰ কবলত পৰিছিল । ইয়াৰ পূৰ্বে মঙলবাৰে আক্ৰান্ত হৈছিল ৪২,০১৫ জন লোক ।

সমান্তৰালকৈ হ্ৰাস পাইছে ক'ভিড-১৯ত আক্ৰান্তৰ মৃত্যুৰ হাৰ । বৃহস্পতিবাৰৰ দিনটোত ৪৮৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে আৰু এই পৰিসংখ্যাসহ এতিয়ালৈকে দেশত মহামাৰীৰে যুঁজি প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হৈছেগৈ ৪,১৯,৪৭০ জন । ইফালে বুধবাৰে ৫০৭ জন ৰোগীৰ মৃত্যু হৈছিল । বৰ্তমান দেশত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,০৫,৫১৩ গৰাকী ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, এতিয়ালৈকে দেশত ৩,০৪,৬৮,০৭৯ জন লোক আৰোগ্য হৈ উঠিছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, টীকাকৰণ অভিযানৰ অধীনত বৰ্তমানলৈকে দেশত ৪২,৩৪,১৭,০৩০ জন লোকক ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে(Indian Council of Medical Research) জনোৱা মতে, ২২ জুলাই পৰ্যন্ত ৪৫,২৯,৩৯, ৫৪৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ভিতৰত বৃহস্পতিবাৰে ১৬,৬৮,৫৬১টা নমুনা পৰীক্ষা কৰা হৈছে । আনহাতে, মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এতিয়াও দেশৰ বহু ৰাজ্য কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । অৱশ্যে, দেশজুৰি সংক্ৰমণৰ হাৰ হ্ৰাস পালেও বহু ৰাজ্যত বৰ্তমানেও ক'ভিড-১৯ৰ সংক্ৰমণ আশানুৰূপভাৱে কম হোৱা নাই ।

লগতে পঢ়ক:বিশ্বজুৰি পুনৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ : WHO

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.