নেশ্যনেল ডেস্ক, 22 মাৰ্চ : বিগত কিছুদিনৰে পৰা স্বাস্থ্যজনিত সমস্যাত ভুগিছে বিহাৰৰ আৰ জে ডি দলৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ ৷ মঙলবাৰে যাদৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত (Lalu Prasad Yadav health update) উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ পৰা দিল্লীলৈ নিয়াৰ প্ৰস্তুতি (Lalu Yadav will be sent to Delhi for better treatment) চলোৱা হৈছে ৷
লালু যাদৱক দিল্লীলৈ পঠোৱাৰ বিষয়টোত মঙলবাৰে RIMS ত অনুষ্ঠিত হ’বলগীয়া চিকিৎসা পৰিষদৰ এখন বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব । লালু যাদৱৰ শৰীৰত ক্ৰিয়েটিনৰ স্তৰ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, একে সময়তে প্ৰাক্তন সাংসদ আৰ কে ৰাণাক চিকিৎসা পৰিষদে দিল্লীলৈ নিয়াৰ বাবে অনুমতি জনাইছে ।
লগতে চাওক: লালুৰ বাবে বিষাদেৰে ভৰা হ'ল ৰঙৰ উৎসৱ