ETV Bharat / bharat

Lalu Prasad Yadav: ৰাহুল গান্ধীক বিয়া কৰোৱাৰ আহ্বান লালু প্ৰসাদ যাদৱৰ

author img

By

Published : Jun 23, 2023, 8:32 PM IST

নিজৰ কথন শৈলীৰে ৰাইজৰ মাজত অতি জনপ্ৰিয় আৰ জে ডিৰ নেতা লালু প্ৰসাদ যাদৱ ৷ শেহতীয়াকৈ বৰ্ষীয়ান ৰাজনীতিকগৰাকী অসুস্থ হোৱাৰ লগতে সোমাই পৰিছিল কেতবোৰ বিতৰ্কৰ মাজত ৷ শুকুৰবাৰে পুনৰ নিজস্ব শৈলীত দেখা পোৱা গ’ল নেতাগৰাকীক ৷

Lalu Prasad Yadav
Lalu Prasad Yadav
ৰাহুল গান্ধীক বিয়া কৰোৱাৰ আহ্বান লালু প্ৰসাদ যাদৱৰ

নেশ্যনেল ডেস্ক, 23 জুন: কংগ্ৰেছৰ যুৱৰাজ হিচাবে পৰিচিত ৰাহুল গান্ধীক বিয়া কৰোৱাৰ আহ্বান ৰাষ্ট্ৰীয় জনতা দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালু প্ৰসাদ যাদৱ ৷ লালু প্ৰসাদ যাদৱে শুকুৰবাৰে ৰাহুল গান্ধীক কয়, ‘‘আপোনাক বিয়া কৰাবলৈ কওঁতে আপুনি আমাৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়া নাছিল ৷ আপুনি বিয়া কৰাব লাগিছিল ৷ সময় এতিয়াও পাৰ হোৱা নাই ৷ আপুনি বিয়া কৰাওক আৰু আমি বৰযাত্ৰী হিচাপে অংশ গ্ৰহণ কৰিম ৷’’

পাটনাত বিৰোধীৰ উমৈহতীয়া বৈঠকৰ পাচত আয়োজন কৰা এক সংবাদমেলৰ অন্তত ৰাহুল গান্ধীক উদ্দেশ্যি এই মন্তব্য কৰে লালু প্ৰসাদ যাদৱে ৷ তেওঁ লগতে কয়, ‘‘আজি বৈঠকলৈ ৰাহুল গান্ধী আহিছে ৷ তেওঁ ভাল কাম কৰি আছে ৷ তেওঁ খোজ কাঢ়ি দেশবাসীক ভাৰত দৰ্শন কৰালে ৷ লোকসভাতো তেওঁ আদানিৰ প্ৰসংগত ভাল স্থিতি লৈছে, ভাল প্ৰদৰ্শন কৰিছে ৷’’ৰাহুল গান্ধীৰ দীঘল দাড়িৰ কথাও উল্লেখ কৰে লালু প্ৰসাদ যাদৱে ৷

উল্লেখ্য যে বিভিন্ন বিতৰ্কৰ পাচতো এতিয়াও ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় লালু প্ৰসাদ যাদৱ ৷ ইয়াৰ মূলতে হ’ল তেওঁৰ নিজস্ব কথন শৈলী ৷ এই কথন শৈলীৰ বাবে 75 বছৰীয়া ৰাজনীতিকগৰাকী সকলোৰে মাজত জনপ্ৰিয় ৷

নিজস্ব কথন শৈলীৰে শুকুৰবাৰৰ সংবাদমেলত আন কেতবোৰ মন্তব্য কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে ৷ তেওঁ কয়, ‘‘মোৰ চিকিৎসাৰ অন্তত বহু দিনৰ পাচত মই সংবাদ মাধ্যমক সম্বোধন কৰিছো ৷ এতিয়া মই সম্পূৰ্ণ ‘ফিট’ ৷ এতিয়া নৰেন্দ্ৰ মোদী আৰু বিজেপিক ভালদৰে ‘ফিট’ কৰিব লাগিব ৷’’ তেওঁ লগতে কয়, ‘‘এতিয়া নৰেন্দ্ৰ মোদী দেশৰ নেতা নহয় ৷ তেওঁ এতিয়া বিদেশ ভ্ৰমণত ব্যস্ত আৰু আমেৰিকালৈ গৈ চন্দন কাঠ বিতৰণ কৰিছে ৷’’

তেওঁ আৰু কয়, ‘‘মই ভেণ্ডি কিনিবলৈ নাযাওঁ, কিন্তু মই জানো যে প্ৰতিকিলো ভেণ্ডিৰ দাম এতিয়া 60 টকা ৷ আন আন সামগ্ৰীৰো এতিয়া দেশত ব্যাপক হাৰত দাম বৃদ্ধি হৈছে ৷’’ এই দৰেই শুকুৰবাৰে নিজস্বৰূপত বহু দিনৰ পাচত দেখিবলৈ পোৱা গ’ল ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বীগৰাকীক ৷

লগতে পঢ়ক: Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.