ETV Bharat / bharat

Lalit Modi threatens Rahul Gandhi : ৰাহুল গান্ধীক ললিত মোডীৰ ধমক - Lalit Modi tag congress leader Kamal Nath

ৰাহুল গান্ধীক ব্ৰিটেইনৰ আদালতলৈ লৈ যোৱাৰ হুংকাৰ ললিত মোডীৰ (Lalit Modi tweets against Rahul Gandhi)। ৰাহুল গান্ধীয়ে নিজকে মূৰ্খ প্ৰমাণ কৰাৰ অপেক্ষা কৰি আছে ললিত মোডীয়ে । মোডী পৰিয়ালে দেশৰ বাবে যথেষ্ট কাম কৰিছে বুলিও দাবী কৰিছে আইপিএলৰ প্ৰতিষ্ঠাপকগৰাকীয়ে ।

Lalit Modi threatens Rahul Gandhi
ৰাহুল গান্ধীক ললিত মোডীৰ ধমক
author img

By

Published : Mar 30, 2023, 12:55 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ সৰৱ পলাতক ব্যৱসায়ী ললিত মোডী । পলাতক ব্যৱসায়ীগৰাকীয়ে টুইট কৰি ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনালে (Lalit Modi challenges Rahul Gandhi)। আই পি এলৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন অধ্যক্ষ ললিত মোডীয়ে বৃহস্পতিবাৰে কেইবাটাও এচাৰ্বিক টুইটত ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । ললিত মোডীৰ মতে ৰাহুল গান্ধীয়ে তেওঁক ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা বুলি অভিযোগ কৰাৰ বাবে ৰাহুল গান্ধী ব্ৰিটেইনৰ আদালতৰ দ্বাৰস্থ হ'ব লাগিব ।

কেইবাটাও টুইটত ললিত মোডীয়ে লিখিছে যে বিৰোধী নেতাসকল হয় অজ্ঞাত বা কেৱল প্ৰতিশোধৰ বাবে এনে কৰিছে আৰু তেওঁ আদালতত ৰাহুল গান্ধীক সম্পূৰ্ণ মূৰ্খ বুলি উপস্থাপন কৰাৰ বাবে অপেক্ষা কৰি আছে (Lalit Modi slams Rahul Gandhi)।

ললিত মোডীয়ে উল্লেখ কৰা মতে ৰাহুল গান্ধীয়ে তেওঁ ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰি থকা বুলি কৈ আছে । ৰাহুল গান্ধীক পাপ্পু আখ্যা দি ললিত মোডীয়ে কয় যে বিৰোধী নেতাৰ একো কৰিবলগীয়া নাই বাবেই এইবোৰ কৰি আছে (Lalit Modi tweets against Rahul Gandhi)। ৰাহুল গান্ধীক ব্ৰিটেইনৰ আদালতৰ মুখামুখি কৰোৱাৰো হুংকাৰ দিয়ে । ললিত মোডী নিশ্চিত যে ৰাহুল গান্ধীয়ে কিছুমান দৃঢ় প্ৰমাণ লৈ আহিব । আনকি ৰাহুল গান্ধীক মূৰ্খ প্ৰমাণ কৰিবলৈও তেওঁ অপেক্ষা কৰি আছে । গান্ধী পৰিয়ালক উদ্দেশ্যি তেওঁ বেগ মেন আখ্যা দিয়ে ।

আন এটা টুইটত তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথক টেগ কৰি লিখিছে (Lalit Modi tag congress leader Kamal Nath)। ললিত মোডীৰ মতে তেওঁ নিজৰ ঠিকনা আৰু ফটো আদি প্ৰেৰণ কৰিব পাৰে । যিসকল প্ৰকৃত দুৰ্বৃত্ত তেওঁলোকক ভাৰতৰ মানুহক মূৰ্খ বনাব দিয়া নহ'ব বুলিও মোডীয়ে টুইটটোত উল্লেখ কৰে । গান্ধী পৰিয়ালক টেগ কৰি ললিত মোডীয়ে লিখিছে যে তেওঁলোকে এইটো দেখুৱাব বিচাৰিছে যে তেওঁলোকে আমাৰ দেশ শাসন কৰাৰ অধিকাৰী । কঠোৰ দায়বদ্ধ আইন পাছ কৰাৰ লগে লগে তেওঁ ঘূৰি আহিব বুলিও কয় ললিত মোডীয়ে ।

ললিত মোডীয়ে টুইটটোত দাবী কৰা মতে যোৱা ১৫ বছৰত তেওঁ এটকাও ভাৰত চৰকাৰৰ পৰা লোৱা নাই । তেনেস্থলত তেওঁ ভাৰতক প্ৰৱঞ্চনা কেনেকৈ কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে । ললিত মোডীয়ে দাবী কৰা মতে ১৯৫০ চনৰ আৰম্ভণিৰ পৰাই মোডী পৰিয়ালে দেশৰ বাবে অধিক কাম কৰিছে যিটো কংগ্ৰেছ নেতাসকলে কল্পনাও কৰিব নোৱাৰে । তেওঁ নিজেও বহুত কৰিছে আৰু ইয়াতকৈও অধিক কৰাৰ সপোন আছে । সেয়েহে গান্ধী পৰিয়ালক কলংকিত লুণ্ঠনকাৰী বুলি দাবী কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাই ললিত মোডীয়ে ।

উল্লেখ্য যে আইপিএল ক্ৰিকেটৰ প্ৰতিষ্ঠাপক আছিল ললিত মোডী (IPL founder Lalit Modi)। আনকি তেওঁ অধ্যক্ষ হৈ থকা সময়তে ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে আইপিএলৰ দ্বিতীয় সংস্কৰণ দক্ষিণ আফ্ৰিকাত খেলা হৈছিল ।

ইফালে, ৩১ মাৰ্চত চেন্নাই চুপাৰ কিংছ আৰু ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ মাজত আই পি এল ২০২৩ প্ৰতিযোগিতা আৰম্ভ হ'ব । ৩১ মাৰ্চত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামেত অনুষ্ঠিত হ'ব এই ৰোমাঞ্চকৰ খেলখন । প্ৰতিযোগিতাখনৰ ফাইনেল ২৮ মে'ত আহমেদাবাদৰ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ETV Exclusive: মোদীয়ে নিজেই পুটিনক কৈছিল এই যুগ যুদ্ধৰ বাবে নহয়; লিথুৱেনিয়াৰ ৰাষ্ট্ৰদূত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.