নিউজ ডেস্ক, 2 অক্টোবৰ : আজি দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী ৷ 1964 চনৰ 27 মে’ত পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছতে 9 জুনত তেওঁ দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ তেওঁ ‘শ্বেত বিপ্লৱ’ৰ প্ৰচাৰ কৰিছিল ৷ দেশৰ খাদ্যৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে শাস্ত্ৰীয়ে বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যত ‘সেউজ বিপ্লৱ’ৰো প্ৰচাৰ কৰিছিল ৷
লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল 1904 চনৰ 2 অক্টোবৰ তাৰিখে ৷ তেওঁৰ পিতৃ আছিল সাৰদা প্ৰসাদ শ্ৰীবাস্তৱ আৰু মাতৃ আছিল ৰামদুলাৰী দেৱী ৷ শাস্ত্ৰীৰ পিতৃৰ পৰিয়ালটো ৰামনগৰ, বেনাৰসৰ জমিনদাৰ আছিল ৷ 1906 চনত শাস্ত্ৰীৰ যেতিয়া বয়স প্ৰায় ডেৰ বছৰ আছিল মহামাৰী প্লেগত আক্ৰান্ত হৈ তেওঁৰ পিতৃৰ মৃত্যু হয় ৷
পিতৃৰ মৃত্যুৰ সময়ত শাস্ত্ৰীৰ মাতৃ ৰামদুলাৰী দেৱী আছিল অন্তঃসত্বা ৷ ৰামদুলাৰী দেৱীয়ে শাস্ত্ৰী আৰু তেওঁৰ বায়েকক লগত লৈ ৰামনগৰৰ পৰা মোগলচৰাইৰ পিতৃগৃহলৈ গুচি যায় ৷ তাত তেওঁ শাস্ত্ৰীৰ ভনিয়েক সুন্দৰী দেৱীক জন্ম দিয়ে ৷ ইয়াৰ পিছত ককাক হাজাৰী লালজীৰ ঘৰতে শাস্ত্ৰী আৰু তেওঁৰ দুয়োগৰাকী বায়েক-ভনিয়েক ডাঙৰ-দীঘল হয় ৷
প্ৰায়বোৰ কায়স্থ পৰিয়ালৰ দৰেই শাস্ত্ৰীৰ পৰিয়ালটো ল’ৰা-ছোৱালীয়ে উৰ্দু ভাষা আৰু সংস্কৃতি শিকাটো পৰম্পৰা আছিল কাৰণ সেইসময়ত উৰ্দু আৰু ফৰাচী চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ হৈছিল ৷ শাস্ত্ৰীয়ে বুধন মিঞা নামৰ এগৰাকী মৌলবীৰ তাত শিক্ষাজীৱনৰ পাতনি মেলিছল ৷ তাত তেওঁ ষষ্ঠ শ্ৰেণীলৈ পঢ়িছিল ৷ ইয়াৰ পিছতে 1971 চনত মোমায়েক বিন্দেশ্বৰ প্ৰসাদৰ বেনাৰলৈ বদলি হয় আৰু মোমায়েকৰ সৈতে শাস্ত্ৰীক পৰিয়ালটো বেনাৰসলৈ গুচি আহে ৷
বেনাৰসৰ হৰিশ চন্দ্ৰ হাইস্কুলত শাস্ত্ৰীয়ে সপ্তম শ্ৰেণীত নামভৰ্তি কৰে ৷ সেই সময়তেই শাস্ত্ৰীয়ে তেওঁৰ জাতিগত উপাধি ‘শ্ৰীবাস্তৱ’ ত্যাগ কৰে ৷ 1921 চনত যেতিয়া শাস্ত্ৰী দশম শ্ৰেণীত আছিল আৰু চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ তিনিমাহ বাকী আছিল সেই সময়তেই শাস্ত্ৰীয়ে বেনাৰসত মহাত্মা গান্ধী আৰু পণ্ডিত মদন মোহন মালব্যৰ দ্বাৰা আয়োজিত এক জনসভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই গান্ধীৰ ছাত্ৰসমাজক চৰকাৰী বিদ্যালয়ৰ পৰা নাম কৰ্তন আৰু অসহযোগ আন্দোলনত যোগদানৰ আহ্বানত অনুপ্ৰাণিত হয় শাস্ত্ৰী ৷ পিছদিনাই শাস্ত্ৰীয়ে হৰিশ চন্দ্ৰ হাইস্কুলৰ পৰা নিজৰ নাম কৰ্তন কৰি স্বেচ্ছাসেৱক হিচাপে কংগ্ৰেছ দলৰ স্থানীয় শাখাত যোগদান কৰে ৷
1921 চনৰ 10 ফেব্ৰুৱাৰীত জাতিৰ পিতা মহাত্মাগান্ধীয়ে উদ্বোধন কৰা ‘কাশী বিশ্ববিদ্যালয়’ৰ পৰা 1925 চনত philosophy and ethicsত প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে লাল বাহাদুৰ শাস্ত্ৰীয়ে ৷ ইায়াতেই তেওঁক ‘শাস্ত্ৰী’ উপাধি প্ৰদান কৰা হয় ৷ দৰাচলতে কাশী বিশ্ববিদ্যালয়ৰ পৰম্পৰা অনুসৰি স্নাতক ডিগ্ৰীধাৰী সকলক প্ৰতিষ্ঠানৰ তৰফৰ পৰা ‘শাস্ত্ৰী’ উপাধি প্ৰদান কৰা হৈছিল কিন্তু এই উপাধি গোটেই জীৱন তেওঁৰ নামৰ সৈতে থাকে ৷
1928 চনত মহাত্মা গান্ধীৰ আহ্বান মৰ্মে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰে ৷ সেই সময়তেই তেওঁ এবছৰৰ বাবে কাৰাবাস খাটিবলগীয়া হয় ৷ 1937 চনত তেওঁ উত্তৰ প্ৰদেশৰ সংসদীয় পৰিষদৰ আহ্বায়ক সম্পাদক হিচাপে কাম কৰিছিল ৷ 1940 চনত তেওঁক সত্যাগ্ৰহ আন্দোলনক সমৰ্থন কৰাৰ অপৰাধত পুনৰ এবছৰৰ বাবে কাৰাবাসলৈ প্ৰেৰণ কৰা হয় ৷
১৯৪২ চনৰ ৮ আগষ্টত মহাত্মা গান্ধীয়ে বোম্বেৰ গোৱালিয়া টেংকত ভাৰত ত্যাগৰ ভাষণত ব্ৰিটিছসকলক ভাৰত ত্যাগ কৰাৰ দাবী জনায় । সেইসময়তেই এবছৰ কাল কাৰাগাৰত কটাই অহা শাস্ত্ৰীয়ে পুনৰ এলাহাবাদ ভ্ৰমণ কৰে ৷ এসপ্তাহৰ বাবে, তেওঁ জৱাহৰলাল নেহৰুৰ ঘৰ আনন্দ ভৱনৰ পৰা স্বাধীনতা কৰ্মীসকললৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল । তেওঁ ১৯৩৭ আৰু ১৯৪৬ চনত ইউনাইটেড প্ৰভিন্সৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত, শাস্ত্ৰীক তেওঁৰ গৃহ ৰাজ্য উত্তৰ প্ৰদেশৰ সংসদীয় সচিব হিচাপে নিযুক্ত দিয়া হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত ৰফি আহমেদ কিদৱাই কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰি প্ৰস্থান কৰাৰ পিছত তেওঁক গোবিন্দ বল্লভ পন্তৰ মুখ্যমন্ত্ৰীত্বত আৰক্ষী আৰু পৰিবহন মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।
1951 চনত পণ্ডিত জৱাহৰলাল নেহৰু মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তেই শাস্ত্ৰীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিপুল সফলতাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
১৯৬৪ চনৰ ২৭ মে'ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত তেতিয়াৰ কংগ্ৰেছৰ সভাপতি কে কামৰাজে ৯ জুনত শাস্ত্ৰীক প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে ৷
প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম সম্প্ৰচাৰত, ১৯৬৪ চনৰ ১১ জুনত শাস্ত্ৰীয়ে কৈছিল:
"প্ৰতিখন ৰাষ্ট্ৰৰ জীৱনত এনে এটা সময় আহে যেতিয়া ই ইতিহাসৰ পথ পাৰ হৈ যায় আৰু ৰাষ্ট্ৰখনে কোনটো পথ বাছনি কৰিব লাগে সেয়া নিৰ্ণয় কৰিব লাগে । কিন্তু আমাৰ বাবে, কোনো অসুবিধা বা সংকোচ ৰখাৰ প্ৰয়োজন নাই, সোঁ বা বাওঁফালে চোৱাৰ প্ৰয়োজন নাই । আমাৰ পথ পোন আৰু স্পষ্ট - সকলোৰে বাবে স্বাধীনতা আৰু সমৃদ্ধিৰ সৈতে ঘৰত সমাজতান্ত্ৰিক গণতন্ত্ৰ গঢ়ি তোলা, আৰু সকলো ৰাষ্ট্ৰৰ সৈতে বিশ্ব শান্তি আৰু বন্ধুত্ব বজাই ৰখা ।"
লগতে পঢ়ক : সবৰমতী আশ্ৰম : গান্ধীজীৰ চিন্তাধাৰাৰ এক অমূল্য ফচল