ETV Bharat / bharat

নৱ গঠিত লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ শপত গ্ৰহণ - লাই স্বায়ত্ব শাসিত জিলা পৰিষদ

বিগত 4 ডিচেম্বৰত অনুষ্ঠিত এই নিৰ্বাচনত মুঠ 72 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ নিৰ্বাচনত মিজো নেশ্যনেল ফন্টে 25 খন আসনৰ 20 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰতে ভাৰতীয় জাতীয় কংগ্ৰেছে 1 খন, বিজেপিয়ে 1 খন আৰু নিৰ্দলীয় প্ৰৰ্থীয়ে 1 খন আসন লাভ কৰে ৷

As_ntl_Lai_Autonomous_District_Council_sworn_vis
নৱ গঠিত লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ শপত গ্ৰহণ
author img

By

Published : Dec 14, 2020, 10:20 PM IST

মিজোৰাম, 14 ডিচেম্বৰ : মিজো নেশ্যনেল ফন্টৰ নেতৃত্বত গঠিত লাই স্বায়ত্ব শাসিত জিলা পৰিষদে সোমবাৰে মুখ্য কাৰ্যবাহী সদস্য মামঘাম চীনজেৰ অধীনত শপত গ্ৰহণ কৰে ৷ এই শপত গ্ৰহণ অনুষ্ঠানটি অনুষ্ঠিত হয় লংগলাই চহৰৰ কাৰ্যবাহী সচিবালয়ত ৷ জিলা পৰিষদখনৰ নৱ নিৰ্বাচিত সদস্যসকলে লংগলাইৰ উপায়ুক্ত ড৹ এনড্ৰিউ এইচ বনলালদিকাৰ আগত নিজৰ শপতবাক্য পাঠ কৰে ৷

উল্লেখ্য যে, কিছু দিন পূৰ্বে অনুষ্ঠিত লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত মিজো নেশ্যনেল ফ্ৰন্টে 25 খন আসনৰ 20 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰতে ভাৰতীয় জাতীয় কংগ্ৰেছে 1 খন, বিজেপিয়ে 1 খন আৰু নিৰ্দলীয় প্ৰৰ্থীয়ে 1 খন আসন লাভ কৰে ৷ বিগত 4 ডিচেম্বৰত অনুষ্ঠিত এই নিৰ্বাচনত মুঠ 72 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ বিজেপিয়ে 17 খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে 14 খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 15 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷

নৱ গঠিত লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ শপত গ্ৰহণ

বিজেপিৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী টি. জাকুংগা ভাউমবুক সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ তেখেত লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী সদস্য আছিল ৷ লাই স্বায়ত্ব শাসিত জিলা পৰিষদৰ লাই বিধানসভা মুঠ 28 খন আসনেৰে গঠিত ৷ ইয়াৰে 25 খন আসনৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতা হয় আৰু তিনিখন আসমনৰ বাবে প্ৰাৰ্থী মিজোৰামৰ ৰাজ্যপালে নিৰ্বাচন কৰে আৰু এই তিনিখন আসনৰ এখন আসন মহিলাৰ বাবে সংৰক্ষিত ৷

2015 চনৰ নিৰ্বাচনত কংগ্ৰেছে 16 খন আসন লাভেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল, 8 খন আসন লাভ কৰিছিল এম এন এফ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 1 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত 1972 চনত গঠন কৰা হৈছিল লাই স্বায়ত্ব শাসিত জিলা পৰিষদ ৷ ই মিজোৰামৰ তিনিখন স্বায়ত্ব শাসিত জিলা পৰিষদৰ এখন ৷ এই স্বায়ত্ব শাসিত পৰিষদখনে লংগলাই চহৰ, ছাংগাউ মহকুমা দক্ষিণ-পূৱ মিজোৰামক সাঙুৰি আছে ৷ ইয়াৰ মুখ্য কাৰ্যালয় লংগলাই চহৰত অৱস্থিত ৷

লগতে পঢ়ক-কৃষক আন্দোলনত যোগদানৰ বাবে যোৱা জামিয়া ছাত্ৰক ওভতাই পঠালে প্ৰতিবাদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.