ETV Bharat / bharat

পেট্ৰ'লিয়াম খণ্ডত বিনিয়োগ কৰিব নোৱাৰাৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি হৈছে: ধৰ্মেন্দ্ৰ প্ৰধান - নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ

"ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পেট্ৰ'লিয়াম খণ্ডত বিনিয়োগ কৰিব নোৱাৰাৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি হৈছে" । একেৰাহে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বাঢ়ি থকাৰ সময়তে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ।

Dharmendra Pradhan
ইন্ধনৰ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মন্তব্য
author img

By

Published : Nov 1, 2021, 12:40 PM IST

নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ : বিগত কেইবামাহো ধৰি ইন্ধনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক । পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাচতো কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে বিৰোধীয়ে । কিন্তু সকলো অসাৰ প্ৰতিপন্ন হৈছে । ইন্ধনৰ মূল্য হ্ৰাস হোৱাৰ কোনো লক্ষণেই দেখা পোৱা নাই ।

এই সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী তথা প্ৰাক্তন পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, ক'ভিড-১৯ মহামাৰীৰে যুঁজ দিবলগীয়া হোৱা বাবে চৰকাৰে প্ৰায় দুবছৰ ধৰি পেট্ৰ'লিয়াম খণ্ডত বিনিয়োগ কৰিব পৰা নাছিল আৰু সেইবাবে ইন্ধনৰ মূল্যবৃদ্ধি হৈছে ।

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ দায়িত্বত থকা বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাণপুৰত সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতে প্ৰায় ৮০ শতাংশ পেট্ৰ'লিয়ামজাত সামগ্ৰী আমদানি কৰে । ক'ভিড-১৯ মহামাৰীৰ ফলত যোৱা দুবছৰ ধৰি পেট্ৰ'লিয়াম খণ্ডত কোনো বিনিয়োগ কৰিব পৰা হোৱা নাই । ফলত ইন্ধনৰ দাম বাঢ়িছে ।

তেওঁ লগতে কয় যে, এতিয়া আমদানিৰ ব্যয়ও বৃদ্ধি কৰা হৈছে । সেয়েহে, ভাৰত চৰকাৰে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ বাবে অধিক পৰিকল্পনা যুগুত কৰিবলৈ চেষ্টা চলাই আছে ।

চৰকাৰী তথ্য অনুসৰি, ৩৫ পইচা বৃদ্ধিৰ পাচত সোমবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৯.৬৯ টকা আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৯৮.৪২ টকা হৈছে ।

আনহাতে, মুম্বাইত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১১৫.৫০ টকা আৰু ১০৬.৬২ টকা হৈছেগৈ । কলকাতাত প্ৰতি লিটাৰ পেট্ৰ'ল ১১০.১৫ টকাত আৰু প্ৰতি লিটাৰ ডিজেল ১০১.৫৬ টকাত বিক্ৰী হৈছে । আনহাতে, চেন্নাইত, সোমবাৰে পেট্ৰ'লৰ মূল্য ১০৬.৩৫ টকা ।

প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ১০২.৫৯ টকা । ইন্ধনৰ মূল্যৰ বিষয়ত মতামত আগবঢ়োৱাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, উত্তৰ প্ৰদেশত ডায়েমোনিয়াম ফছফেট আৰু আন সাৰৰ কোনো অভাৱ নাই । এই সন্দৰ্ভত তেওঁ শুকুৰবাৰে ৰাসায়নিক পদাৰ্থ আৰু সাৰ মন্ত্ৰী মনসুখ মাণ্ডৱিয়াৰ সৈতে আলোচনা কৰিছে বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.