ETV Bharat / bharat

মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দুই মন্ত্ৰীৰ পদত্যাগ

মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ । শ্ৰম মন্ত্ৰী (Labour minister) সন্তোষ গাংৱাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে (Education Minister Ramesh Pokhriyal) কেবিনেটৰ পৰা পদত্যাগ কৰে ।

Union Cabinet reshuffle
মোডীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে দুই মন্ত্ৰীৰ পদত্যাগ
author img

By

Published : Jul 8, 2021, 6:33 AM IST

নেশ্যনেল ডেস্ক, 8 জুলাই : ২০১৯ চনত প্ৰধানমন্ত্ৰী (Prime minister) নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়টো কাৰ্যকাল আৰম্ভ কৰিছিল । ইয়াৰ পিছতে দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে । মোডীৰ মন্ত্ৰীসভালৈ নতুনকৈ কাৰ আগমন ঘটিব ? পুৰণি মন্ত্ৰীসভাৰ কেনেধৰণৰ সালসলনি কৰা হ'ব ?

এই সকলো বিষয়ক লৈ বিভিন্ন ধৰণৰ জল্পনা-কল্পনা অব্যাহত আছে । ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এইক্ষেত্ৰত কেইবাবাৰো বৈঠকত মিলিত হৈছে । কিন্তু এই চৰ্চাৰ মাজতে মোডীৰ মন্ত্ৰীসভাৰ দুগৰাকীকৈ মন্ত্ৰীৰ পদত্যাগ । শ্ৰম মন্ত্ৰী (Labour minister) সন্তোষ গাংৱাৰ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে (Education Minister Ramesh Pokhriyal) কেবিনেটৰ পৰা পদত্যাগ কৰে ।

বুধবাৰে সন্ধিয়া সম্ভাৱ্য কেবিনেট ৰদবদলৰ (Union Cabinet reshuffle) পূৰ্বে দুয়োগৰাকীয়ে কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰাৰ লগে লগে ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা বিৰাজ কৰিছে ।

শ্ৰমিক আৰু নিযুক্তিৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) পদত অধিষ্ঠিত গাংৱাৰে পুৱা তেওঁৰ পদৰ পৰা পদত্যাগ কৰে । ইফালে সাংবাদিকৰ প্ৰশ্নত গাংৱাৰে এক ইতিবাচক ইংগিত দি মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ কথা স্বীকাৰ কৰে । অৱশ্যে নতুন মন্ত্ৰীসভাত তেওঁৰ দায়িত্ব কি হ'ব, সেই বিষয়ে কোনো ধৰণৰ মন্তব্য নিদিলে গাংৱাৰে ।

আনহাতে মোডীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণকলৈ জল্পনা-কল্পনা অব্যাহত আছে বিভিন্ন মহলত । বহুতৰ মতে মন্ত্ৰীসভাত যুৱ প্ৰজন্মৰ নতুন মুখক অগ্ৰাধিকাৰ দিয়া হ'ব । আনফালে একাংশই দাবী কৰা মতে বিভিন্ন জনগোষ্ঠী বা আঞ্চলিক প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিব প্ৰধানমন্ত্ৰী মোডীয়ে । অৱশ্যে সন্ধিয়া ৬ বজাৰ পিছতহে গম পোৱা যাব প্ৰকৃততে মোডীৰ মন্ত্ৰীসভাত কাক অগ্ৰাধিকাৰ দিয়া হ'ব ।

ইতিমধ্যে মন্ত্ৰীত্বৰ আশাত সাংসদসকলেও ৰাজধানী চহৰত বাহৰ পাতিছে । প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী শীৰ্ষ নেতাও উপস্থিত হৈছে ৰাজধানী দিল্লীত । ইফালে মোডীৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (Ex cm of Assam) সৰ্বানন্দ সোণোৱালকো দিল্লীলৈ মাতি পঠিওৱা হৈছে । সূত্ৰৰ পৰা জানিব পৰা মতে সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) মোডীৰ নতুন মন্ত্ৰীসভাত স্থান পোৱাটো একপ্ৰকাৰ নিশ্চিত ।

লগতে পঢ়ক : দেশত এতিয়াও উপলব্ধ ১.৬৭ কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.