ETV Bharat / bharat

৬ জানুৱাৰীত লক্ষ্যত উপনীত হ'ব আদিত্য এল-১ - ISRO Solar mission

Aditya L1: বহু প্ৰত্যাশিত আদিত্য এল-১য়ে সঠিকভাৱে কাম কৰি আছে । ২০২৪ চনৰ আৰম্ভণিতে ভাৰতৰ প্ৰথম সৌৰ অভিযানৰ মহাকাশযানখনে এল-১ পইণ্টত প্ৰৱেশ কৰিব । ইছৰোৱে এই কথা নিশ্চিত কৰিছে ।

L1 point insertion of Aditya L1 to be done on Jan 6
৬ জানুৱাৰীত লক্ষ্যত উপনীত হ'ব আদিত্য এল-১
author img

By ANI

Published : Dec 24, 2023, 11:30 AM IST

নেশ্যনেল ডেস্ক,২৪ ডিচেম্বৰ : ভাৰতৰ মহাকাশ গৱেষণা খণ্ডৰ বাবে ভাল খবৰ । অহা বছৰৰ প্ৰথম সপ্তাহতে দেশৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১ লক্ষ্যত উপনীত হ'ব । ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ সোমনাথে শনিবাৰে কোৱা মতে আদিত্য এল-১ অহা ৬ জানুৱাৰীত এল-১ বিন্দুত প্ৰৱেশ কৰিব । অৱশ্যে ইছৰোৰ মুৰব্বীগৰাকীৰ মতে মহাকাশযানখনে লক্ষ্যস্থানত উপনীত হোৱাৰ সময় এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই । ইছৰোৰ মুৰব্বীগৰাকীয়ে গুজৰাটৰ বদোদৰাত ছত্ৰ সংসদৰ দ্বাৰা আয়োজিত সপ্তম ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ।

উল্লেখ্য যে চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল ছফ্ট লেণ্ডিঙৰ পিচত ইছৰোৱে ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথম সৌৰ অভিযান - আদিত্য এল-১ উৎক্ষেপণ কৰিছিল ।

চলিত মাহৰ আৰম্ভণিতে ইছৰোৱে জনাইছিল যে আদিত্য এল-১ৰ সৌৰ বায়ু কণা পৰীক্ষাৰ (ASPEX) দ্বিতীয় সঁজুলি সৌৰ বায়ু আয়ন স্পেক্ট্ৰোমিটাৰ (SWIS) কাৰ্যক্ষম হৈ আছে । ইছৰোৱে এক্সৰ পোষ্টত কৈছিল যে হিষ্টোগ্ৰামে ২ দিনত সৌৰ বায়ু আয়ন স্পেক্ট্ৰোমিটাৰে গ্ৰহণ কৰা প্ৰটন আৰু আলফা কণা গণনাৰ শক্তিৰ তাৰতম্য বৰ্ণনা কৰে ।

ইছৰোৰ এক বিবৃতি অনুসৰি ভাৰতৰ আদিত্য এল-১ মহাকাশযানত থকা আদিত্য সৌৰ বায়ু কণা পৰীক্ষা পেলোডে স্বাভাৱিকভাৱে কাম কৰি আছে । আদিত্য এল-১ৰ সৌৰ বায়ু কণা পৰীক্ষাৰত দুটা অত্যাধুনিক সঁজুলি থাকে । সৌৰ বায়ু আয়ন স্পেক্ট্ৰোমিটাৰ (SWIS) আৰু ষ্টেপচ (চুপ্ৰাথাৰ্মাল আৰু এনাৰ্জেটিক কণা স্পেক্ট্ৰোমিটাৰ)।

ষ্টেপছ সঁজুলিটো ১০ ছেপ্টেম্বৰত কাৰ্যকৰী হৈছিল । সৌৰ বায়ু আয়ন স্পেক্ট্ৰোমিটাৰ ২ নৱেম্বৰত সক্ৰিয় কৰা হৈছিল আৰু ই অনুকূল প্ৰদৰ্শন কৰিছে । যোৱা ৭ নৱেম্বৰৰ এক বিবৃতিত ইছৰোৱে কৈছিল যে আদিত্য এল-১ত থকা স্পেক্ট্ৰোমিটাৰটোৱে সৌৰ ফ্লেয়াৰৰ পৰ্যায় নথিভুক্ত কৰিছে । সৌৰ ফ্লেয়াৰ হৈছে সৌৰ বায়ুমণ্ডলৰ হঠাতে হোৱা উজ্জ্বলতা । ফ্লেয়াৰে বিদ্যুৎ চুম্বকীয় বৰ্ণালীত সকলো তৰংগ দৈৰ্ঘ্যত বৰ্ধিত নিৰ্গমন উৎপন্ন কৰে - ৰেডিঅ', অপ্টিকেল, ইউভি, ছফ্ট এক্স-ৰে, কঠিন এক্স-ৰে আৰু গামা-ৰে ।

ইছৰোৱে লগতে কৈছিল যে আদিত্য এল-১ সূৰ্যৰ ওপৰত অৱতৰণ নকৰে বা সূৰ্যৰ ওচৰলৈ নাযায় । ই কোনো বাধা নোহোৱাকৈ নিৰন্তৰ সূৰ্যক পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ'ব । যাৰ ফলত বিজ্ঞানীসকলে সৌৰ কাৰ্যকলাপ আৰু প্ৰকৃত সময়ত মহাকাশৰ বতৰৰ ওপৰত সেইবোৰৰ প্ৰভাৱ অধ্যয়ন কৰিব পাৰিব ।

লগতে পঢ়ক :লুনা-২৫ৰ বিফলতাৰ পাছত ৰাছিয়াৰ পৰৱৰ্তী চন্দ্ৰ অভিযানৰ ভৱিষ্যৎ কি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.