ETV Bharat / bharat

Kuki militant camp burnt : মণিপুৰত ৰাইজে জ্বলালে কুকি সংগঠনৰ শিবিৰ - Villagers torched UKLF camp

মণিপুৰত কুকি উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা অব্যাহত আছে । ইয়াৰ মাজতে নিশা বিদ্ৰোহী সংগঠন কুকি লিবাৰেচন ফ্ৰণ্টৰ এটা পৰিত্যক্ত শিবিৰ জ্বলাই দিয়ে উত্তেজিত ৰাইজে (Kuki militant camp burnt)। উগ্ৰপন্থীয়ে বহু লোকৰ ঘৰ জ্বলাই দিয়াৰ লগতে আক্ৰমণো কৰিছিল ।

Kuki militant camp burnt
মণিপুৰত ৰাইজে জ্বলালে কুকি সংগঠনৰ শিবিৰ
author img

By

Published : Jun 5, 2023, 12:30 PM IST

নেশ্যনেল ডেস্ক,৫ জুন : মণিপুৰত হিংসাত্মক ঘটনা অব্যাহত আছে (Manipur violence)। ইয়াৰ মাজতে বিদ্ৰোহী সংগঠন কুকি লিবাৰেচন ফ্ৰণ্টৰ এটা পৰিত্যক্ত শিবিৰ জ্বলাই দিয়ে উত্তেজিত ৰাইজে । সোমবাৰে আৰক্ষীয়ে জনোৱা মতে মণিপুৰৰ কাকচিং জিলাৰ চুগনুত সংগঠনটোৰ এটা পৰিত্যক্ত শিবিৰ জ্বলাই দিয়ে । শনিবাৰে মাজনিশা কাকচিং জিলাৰ চেৰৌত চুগনুৰ কংগ্ৰেছৰ বিধায়ক কে ৰঞ্জিতৰ বাসগৃহকে ধৰি উগ্ৰপন্থীয়ে কমেও ১০০ টা পৰিত্যক্ত ঘৰ জ্বলাই দিয়াৰ পাছত গাঁওবাসী উত্তেজিত হৈ উঠিছে ।

আৰক্ষীয়ে জনোৱা মতে যোৱা দুদিন ধৰি উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰায় ২৪ ঘণ্টাই গুলীচালনা হৈ আছে (Clashes in Manipur)। ইফালে উগ্ৰপন্থীয়ে অগ্নিসংযোগ কৰাৰ পাছতে দেওবাৰে ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া বাহিনীয়ে গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ সৈতে নাজাৰেথ শিবিৰত আক্ৰমণ কৰে যাৰ ফলত উগ্ৰপন্থীসকলে তেওঁলোকৰ শিবিৰৰ এৰি পলায়ন কৰে ।

গাঁওবাসীয়ে পাছত দেওবাৰে নিশা শিবিৰটো জ্বলাই দিয়ে (Villagers torched UKLF camp)। জানিব পৰা মতে শিবিৰটোত নতুনকৈ নিয়োগ কৰা কুকি উগ্ৰপন্থীসকলৰ বাবে প্ৰশিক্ষণৰ সুবিধাও আছিল । দেওবাৰে ইম্ফল পশ্চিম জিলাৰ ফায়েঙৰ পৰা ভয়ংকৰ গুলীবৰ্ষণৰ খবৰ পোৱা গৈছে । আনকি কুকি উগ্ৰপন্থীয়ে এটা কাঠৰ মিলো জ্বলাই দিয়ে । আৰক্ষীয়ে জনোৱা মতে কোনো অচিনাক্ত লোকে দেওবাৰে ইম্ফল পশ্চিম জিলাৰ লাঙ্গোলত কেইটামান ঘৰ জ্বলাই দিয়ে ।

এমাহ পূৰ্বেৰ পৰা মণিপুৰত আৰম্ভ হোৱা জাতিগত হিংসাত প্ৰায় ৯৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ৩১০ গৰাকী লোক আহত হয় (Total death in Manipur)। বৰ্তমান মুঠ ৩৭,৪৫০ গৰাকী লোকে ২৭২ টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে ।

ইফালে মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে । আৰক্ষী, ভাৰতীয় সেনা, অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনীসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছে । ৰাইজকো আইন শৃংখলা বজাই ৰাখিবলৈ চৰকাৰে আহ্বান জনাইছে ।

লগতে পঢ়ক :Again Train accident in Odisha : ওড়িশাত আকৌ ৰে’ল দুৰ্ঘটনা, লাইচ্যুত হৈছে এখন মালবাহী ৰে’ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.