ETV Bharat / bharat

পশ্চিমবংগ নিৰ্বাচনত কৰা বিতৰ্কিত মন্তব্যৰ বাবে থানাত হাজিৰ হ'ব মিথুন চক্ৰৱৰ্তী - পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন

অভিনয়ৰ পৰা ৰাজনীতিৰ পথাৰলৈ যোৱা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক আৰক্ষী থানাত হাজিৰ হোৱাৰ নিৰ্দেশ ৷ কলকাতা আৰক্ষীয়ে চক্ৰৱৰ্তীক এই নিৰ্দেশ দিছে ৷ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰদান কৰা বিতৰ্কিত ভাষণৰ বাবে ৰুজু হোৱা গোচৰৰ ভিত্তিত ষ্টাৰ কেম্পেইনাৰ গৰাকীক আৰক্ষীয়ে এই নিৰ্দেশ দিছে ৷

Kolkata Police directs Mithun Chakraborty to appear before it today
বিতৰ্কিত মন্তব্যৰ বাবে আজি থানাত হাজিৰ হ'ব মিথুন চক্ৰৱৰ্তী
author img

By

Published : Jun 28, 2021, 12:09 PM IST

নেশ্যনেল ডেস্ক, 28 জুন : বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰদান কৰা বিতৰ্কিত ভাষণৰ বাবে বলিউদৰ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ৷ দেওবাৰে কলকাতা আৰক্ষীয়ে ভিডিঅ' কনফাৰেন্সযোগে চক্ৰৱৰ্তীক সোমবাৰে থানাত উপস্থিত হোৱাৰ আদেশ দিয়ে ৷ অভিনয়ৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়া মিথুন চক্ৰৱৰ্তীক 16 জুন তাৰিখে কলকাতা আৰক্ষীয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন (West Bengal assembly polls)ৰ প্ৰচাৰৰ সময়ত আগবঢ়োৱা বিতৰ্কিত ভাষণ সন্দৰ্ভত সোধ-পোছ কৰিছিল ৷

উল্লেখ্যে যে, এপ্ৰিল-মে' মাহত অনুষ্ঠিত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলৰ ভিতৰত মিথুন চক্ৰৱৰ্তী আছিল অন্যতম ৷ উক্ত নিৰ্বাচনী প্ৰচাৰৰ সময়তে ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত দেওবাৰে ভিডিঅ' কনফাৰেন্সযোগে আৰক্ষীয়ে তেওঁক সোধ-পোছ কৰে ৷ জানিব পৰা মতে তৃণমূল কংগ্ৰেছে কলকাতাৰ মাণিকতলা থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল ৷

উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত চক্ৰৱৰ্তীয়ে তেওঁ অভিনয় কৰা এখন ছবিৰ এটি বিখ্যাত সংলাপ মাতিছিল ৷ উক্ত সংলাপটো আছিল, "Marbo ekhane lash porbe shoshane"(তোমাক ইয়াত মাৰিম আৰু মৃতদেহ গৈ শ্মশানত পৰিব) ৷ অৱশ্যে 2021 ৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ শাসনৰ পৰা তৃণমূল কংগ্ৰেছক উৎখাত কৰাৰ বাবে বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও গৰিষ্ঠসংখ্যক আসনেৰে তৃণমূল কংগ্ৰেছ পুনৰ পশ্চিমবংগৰ শাসনত অধিষ্ঠিত হয় ৷

উল্লেখ্য যে, বিগত মাহত সমাপ্ত হোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে 213 খন আসন লাভ কৰি জয়লাভ কৰাৰ পৰিৱৰ্তে 294 খন আসনৰ ভিতৰত মাত্ৰ 77 আসনতে বিজেপি দল সন্তুষ্ট থাকিবলগীয়াত পৰে ৷ 2 মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে পশ্চিমবংগৰ কেইবাটাও ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছিল ৷

এই ঘটনাক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) সষ্টম হোৱা পৰিলক্ষিত হৈছে ৷ নিৰ্বাচনোত্তৰ হিংসাৰ ভুক্তভোগীক অভিযোগ দাখিলৰ বাবে আহ্বান জনাই NHRC য়ে স্পষ্ট কৰি দিছে যে, ইয়াৰ সদস্যসকলে জাতি, ধৰ্ম, বৰ্ণ, লিংগ, জাতি আৰু ৰাজনৈতিক সম্পৰ্ক নিৰ্বিশেষে ভুক্তভোগী বা অভিযোগকাৰীসকলক লগ কৰিব । যিসকল আহিব নোৱাৰে তেওঁলোকক তেওঁলোকৰ অভিযোগ, আৱেদন, সমৰ্থনকাৰী প্ৰমাণ আৰু নথিপত্ৰ ইমেইল আইডি(Email ID)ত প্ৰেৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে

লগতে পঢ়ক: পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাৰ ভুক্তভোগীক অভিযোগ দাখিলৰ বাবে আমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.