ETV Bharat / bharat

Mi 17V5 Helicopter ৰ বিষয়ে সবিশেষ

author img

By

Published : Dec 8, 2021, 9:25 PM IST

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ আন 11 জনে (CDS Gen Bipin Rawat passed away)৷ তেওঁলোক যোৱা হেলিকপ্টাৰখন আছিল এখন Mi-17V5 হেলিকপ্টাৰ ৷ কি এই Mi-17V5 হেলিকপ্টাৰ, জানিবলৈ পঢ়ক...

Mi 17V5 chopper
Mi 17V5 chopper

তেজপুৰ, 8 ডিচেম্বৰ : তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে (CDS Gen Bipin Rawat passed away)৷ তেওঁৰ সৈতে মৃত্যুক আঁকোৱালি লয় পত্নী মধুলিকা ৰাণাৱট আৰু আন 11জন সেনা বিষয়াই ৷ তামিলনাডুৰ চিলুৰৰ পৰা জেনেৰেল বিপিন ৰাৱাট আৰু বাকী সকলক লৈ ৱেলিংটন অভিমুখে উৰা মাৰিছিল এখন Mi-17V5 হেলিকপ্টাৰে (Gen Bipin Rawat on board the crashed chopper) ৷ কিন্তু ঘন কুঁৱলীৰ বাবে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় ৷ ফলত প্ৰাণ হেৰুৱাই জেনেৰেল ৰাৱাট আৰু বাকী 11 জনে ৷

কিন্তু তেওঁলোকক লৈ যোৱা Mi-17V5 হেলিকপ্টাৰখন বৰ্তমান চৰ্চালৈ আহিছে ৷ কিয়নো পূৰ্বেও এই হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে ৷ কি এই Mi-17V5 হেলিকপ্টাৰ, জানিবলৈ নিশ্চয় আপোনাৰো মন গৈছে ৷

লগতে পঢ়ক : Air Crash in India: নেতাজীৰ সুভাষ বসুৰ পৰা দৰ্জী খাণ্ডুলৈ...

Mi-17V5 হৈছে ভাৰতীয় সেনাই আকাশী মাৰ্গেৰে যাতায়াতৰ বাবে ব্যৱহাৰ কৰা Mi-8/17 ৰ এখন হেলিকপ্টাৰ ৷ কাজান আৰু উলান-উদেৰ দুটা কাৰখানাত নিৰ্মিত ছোভিয়েটত ডিজাইন কৰা এই ৰাছিয়ান সামৰিক হেলিকপ্টাৰ (Russian military chopper)।

ইয়াক ৰাছিয়ান সেৱাত Mi-8M এমআই-8এম চিৰিচজৰ বুলি জনা যায় ৷ কেবিনৰ ভিতৰত সামগ্ৰী কঢ়িয়াই নিয়াৰ সুবিধা হোৱাকৈ আৰু বাহ্যিক শ্লিঙযুক্ত আৰ্হিত প্ৰস্তুত কৰা এই Mi-17V5 হৈছে বিশ্বৰ আটাইতকৈ উন্নত পৰিবহণ হেলিকপ্টাৰৰ অন্যতম ৷

Mi-17V5 ক সেনাৰ বাহিনী, অস্ত্ৰশস্ত্ৰ সৰবৰাহ, কনভয় নিৰাপত্তা, নিয়মীয়া তহল তথা উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হয় ৷ ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে 1.3 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি ৰাছিয়াৰ পৰা 2008 চনত ক্ৰয় কৰিছিল 80 খন হেলিকপ্টাৰ ৷ 2011 চনত এই হেলিকপ্টাৰ ভাৰতীয় বায়ু সেনাক অৰ্পন কৰা হয় ৷ ইয়াৰে 36 খন হেলিকপ্টাৰ 2013 চনতহে লাভ কৰে বায়ু সেনাই ৷

Rosoboronexport এ 2018 চনৰ জুলাই মাহত Mi-17V-5 সামৰিক হেলিকপ্টাৰৰ অন্তিম কেইখন ভাৰতলৈ পঠিয়ায় ৷ ভাৰতীয় বায়ু সেনাই 2019 চনৰ এপ্ৰিল মাহত এই Mi-17V-5 হেলিকপ্টাৰৰ মেৰামতিৰ ব্যৱস্থা আৰম্ভ কৰে ৷

লগতে পঢ়ক : CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

Mi-17V-5 হেলিকপ্টাৰৰ বিৱৰণ :

মুঠ দৈৰ্ঘ : 18 মিটাৰ

সৈন্য বহন ক্ষমতা : 36

সৰ্বাধিক ওজন বহন ক্ষমতা : 13,000 কিঃগ্ৰাঃ

সৰ্বাধিক গতি : 250 কিঃমিঃ প্ৰতি ঘন্টাত

মুঠ অতিক্ৰম ক্ষমতা : 1,065 কিঃমিঃ

ইঞ্জিনৰ প্ৰকাৰ : Turboshaft

প্ৰথমখন হেলিকপ্টাৰ নিৰ্মাণ : 1975 চনত

মুঠ কৰ্মচাৰী 3 গৰাকী

যোৱা 18 নৱেম্বৰত আঞ্জাও জিলাত এই একে পৰ্যায়ৰ অৰ্থাৎ Mi-17 হেলিকপ্টাৰ দুর্ঘটনগ্ৰস্ত হৈছিল ৷ দুজন পাইলট আৰু তিনিজন কৰ্মচাৰীৰ সৈতে আঞ্জাওৰ পৰা হায়ুলুং লৈ আহি থকা অৱস্থাত দুর্ঘটনগ্ৰস্ত হয় যদিও যাত্ৰী সকল সুকলমে ৰক্ষা পৰে ।

লগতে পঢ়ক : General Bipin Rawat passed away : সেনাৰ হেলিকপ্টাৰতেই জীৱন সামৰিলে জেনেৰেল ৰাৱাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.