নিউজ ডেস্ক, 29 অক্টোবৰ : গুজৰাটৰ অংকলেশ্বৰত এক আশ্চৰ্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যোৱা এজন লোকৰ পেটৰ ভিতৰত এখন ছুৰী আৱিষ্কাৰ কৰি স্তম্ভিত হৈ পৰে ৷ সূত্ৰ অনুসৰি অংকলেশ্বৰ গাৰ্ডেন চিটিৰ বাসিন্দা অতুল গিৰীক পাঁচ বছৰ পূৰ্বে ছুৰীৰে আঘাত হানিছিল ৷ চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়লৈ যাওঁতে চিকিৎসকে ভালদৰে পৰীক্ষা নকৰি ঔষধ দিছিল তেওঁক ৷
পাঁচ বছৰৰ পাছত গিৰি দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়লৈ যায় আৰু বছৰ বছৰ ধৰি পেটৰ বিষৰ সমস্যাৰ কথা চিকিৎসকক জনায় ৷ তাৰ পিছত চিকিৎসকে তেওঁক পৰীক্ষা কৰি এক্স-ৰে’ কৰি পেটত এখন ছুৰী উদ্ধাৰ কৰে ৷ পাঁচ বছৰ ধৰি পেটত আবদ্ধ হৈ থকা কটাৰীখন আঁতৰাবলৈ অহা দুই তিনিদিনৰ ভিতৰত অতুলৰ অস্ত্ৰোপচাৰ কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷
চলিত বৰ্ষৰ আৰম্ভণিতে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (এইমছ), চিকিৎসকে এক জটিল অস্ত্ৰোপচাৰ কৰি ছয় ইঞ্চি দৈৰ্ঘ্যৰ এখন ছুৰী এজন লোকৰ পিঠিৰ পৰা সফলতাৰে আঁতৰাই আনিছিল ৷ হাৰিয়ানাৰ কৰ্ণালৰ বাসিন্দা 30 বছৰীয়া ৰোগীজনে যোৱা 12 জুলাইত নিজৰ গহনা দোকানখন ডকাইতিৰ পৰা ৰক্ষা কৰি থকাৰ সময়তে এই আঘাত পোৱা বুলি অভিযোগ উঠিছে ৷
"ৰোগীজনে একেদিনাই সন্ধিয়া চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ আহিছিল আৰু তেওঁৰ পিঠিত তেতিয়াও ছুৰীখন সোমাই আছিল ৷ এই অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া 13 জুলাইত কৰা হৈছিল ৷" এইমছ ট্ৰমা চেণ্টাৰৰ মুৰব্বী ডাঃ কামৰান ফাৰুকে সংবাদ সংস্থা পিটিআইৰ এনেদৰে কৈছিল ৷
লগতে পঢ়ক : Husband attack wife face : সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ মুখত ব্লেডেৰে অকিয়ালে স্বামীয়ে