ETV Bharat / bharat

Earth sciences Minister Kiren Rijiju : ভূবিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কিৰেণ ৰিজিজুৰ

author img

By

Published : May 19, 2023, 2:28 PM IST

ভূবিজ্ঞান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে কিৰেণ ৰিজিজুৱে (Earth Sciences Minister Kiren Rijiju take charge) । শুকুৰবাৰে ৰিজিজুৱে আনুষ্ঠানিকভাৱে ভূবিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে । উল্লেখ্য, এক আচৰিত সিদ্ধান্তত এদিন পূৰ্বে কিৰেণ ৰিজিজুক কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পৰা অপসাৰণ কৰা হৈছিল ।

Earth sciences Minister Kiren Rijiju
Earth sciences Minister Kiren Rijiju

নিউজ ডেস্ক, ১৯ মে' : শুকুৰবাৰে ভূবিজ্ঞান মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব গ্ৰহণ কৰে কিৰেণ ৰিজিজুৱে (Earth Sciences Minister Kiren Rijiju take charge) । দায়িত্ব গ্ৰহণ কৰি তেওঁ কয় যে বৰ্তমান সময়ত এইটো এটা অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰালয় । ভূবিজ্ঞান মন্ত্ৰালয়ত কাম কৰাৰ যথেষ্ট সুযোগ আছে (Ministry of Earth Sciences) । সৰুৰে পৰা এইটো তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰ বুলি উল্লেখ কৰি ৰিৰিজুৱে এই দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জনায় । আনহাতে, প্ৰধানমন্ত্ৰীয়ে তেওঁক বিভিন্ন বিভাগ তথা মন্ত্ৰালয়ত কাম কৰাৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে বুলিও উল্লেখ কৰে (Kiren Rijiju thanked PM Narendra Modi) ।

  • #WATCH | Delhi: Kiren Rijiju takes charge as Earth Sciences Minister

    Union Minister Kiren Rijiju was shifted to the Ministry of Earth Sciences from the Ministry of Law and Justice, yesterday pic.twitter.com/HUfPY0v36q

    — ANI (@ANI) May 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, বৃহস্পতিবাৰে এক আশ্চৰ্যচকিত সিদ্ধান্তত অৰুণাচলৰ সাংসদগৰাকীক কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ দায়িত্বৰ পৰা আঁতৰ কৰা হয় (Kiren Rijiju removed as law minister) । কেন্দ্ৰীয় আইন মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ এদিন পিছত কিৰেণ ৰিজিজুৱে কয় যে এই পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী, শাস্তি নহয় ।

অৱশ্যে উচ্চতম ন্যায়ালয়ৰ সৈতে তেওঁৰ শেহতীয়া বিবাদ সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি তেওঁ কয় যে আজি ৰাজনীতিৰ দিন নহয় । আনহাতে, নতুন মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণৰ পিছত ৰিজিজুৱে কয় যে এই পৰিৱৰ্তন কোনো শাস্তি নহয়, এইটো হৈছে চৰকাৰৰ পৰিকল্পনা । এয়া প্ৰধানমন্ত্ৰী মোডীৰ দৃষ্টিভংগী । উল্লেখ্য, ৰিজিজুৱে ৰবি শংকৰ প্ৰসাদৰ স্থলাভিষিক্ত হৈ আইন মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁ 2021 চনৰ 7 জুলাইত আইন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ।

  • #WATCH | "Opposition will definitely criticise me...opposition speaking against me is not a new thing...this shifting is not a punishment, this is the plan of the govt, this is the vision of PM Modi...": Union Minister Kiren Rijiju, after taking in charge of Ministry of Earth… pic.twitter.com/71tD28xx6l

গুৰুত্বপূৰ্ণ কথাটো হৈছে, লোকসভা নিৰ্বাচনৰ মাত্ৰ এবছৰ পূৰ্বে অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে । ন্যায়াধীশ নিযুক্তিক লৈ চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত সঘনাই হোৱা বিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ এই পৰিৱৰ্তনত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰে । ৰিজিজুৱে ন্যায়াধীশসকলৰ দ্বাৰা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ কলেজিয়াম ব্যৱস্থাত 'বিদেশী' বুলি কোৱাৰ পিছতে বিতৰ্ক অধিক বৃদ্ধি পায় ।

আনহাতে, বিগত জানুৱাৰী মাহত তেওঁ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়লৈ কলেজিয়াম ব্যৱস্থাত চৰকাৰী মনোনীত ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰিবলৈও এখন পত্ৰ লিখে । লগতে মাৰ্চ মাহত ৰিজিজুৱে ন্যায়পালিকাই বিৰোধী দলৰ ভূমিকা পালন কৰিবলৈ চেষ্টা কৰাৰ কথাও উল্লেখ কৰিছিল ।

লগতে পঢ়ক :Karnataka Cabinet Formation : হাইকমাণ্ডৰ সৈতে কেবিনেট গঠনৰ বিষয়ে আলোচনা; দিল্লীলৈ সিদ্দাৰামাইয়া-শিৱকুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.