ETV Bharat / bharat

অপহৰণ কাণ্ড সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰীক জেৰা আৰক্ষীৰ - বেডমিণ্টন খেলুৱৈ প্ৰবীন কুমাৰ

প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰবীন কুমাৰ আৰু তেওঁৰ ভাতৃৰ অপহৰণ কাণ্ডৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে জেৰা চলাইছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ভূমা অখিলা প্ৰিয়াক । মঙলবাৰে নিশা ব'ৱেনপল্লী অঞ্চলত প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰবীন কুমাৰ বাসগৃহত প্ৰৱেশ কৰি তালাচী চলায় ১৫ গৰাকী লোকৰ এটা দলে । নিজকে আবকাৰী বিষয়া বুলি পৰিচয় দিয়া অভিযানকাৰী দলটোৱে পিছত ভাতৃসহ প্ৰবীন কুমাৰক ঘৰৰ পৰা লৈ যায় ।

অপহৰণ কাণ্ড সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ভূমা অখিলা প্ৰিয়াক জেৰা আৰক্ষীৰ

author img

By

Published : Jan 6, 2021, 9:05 PM IST

নেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: বুধবাৰে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ভূমা অখিলা প্ৰিয়াক ব'ৱেনপল্লী থানাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰবীন কুমাৰ আৰু তেওঁৰ ভাতৃৰ অপহৰণ কাণ্ডৰে জড়িত থকাৰ সন্দেহত জেৰা চলোৱা হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীক । এতিয়াও পলাতক হৈ আছে তেওঁৰ স্বামী ভাৰ্গৱ ৰাম । মঙলবাৰে নিশা ব'ৱেনপল্লী অঞ্চলত প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰবীন কুমাৰ আৰু আৰু মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ আত্মীয়ৰ বাসগৃহত প্ৰৱেশ কৰি তালাচী চলায় ১৫ গৰাকী লোকৰ এটা দলে ।

নিজকে আবকাৰী বিষয়া বুলি পৰিচয় দিছিল অভিযানকাৰী দলটোৱে । প্ৰবীন কুমাৰ, নবীন ৰাও আৰু সুনীল ৰাওক লৈ যায় অভিযানকাৰী বিষয়াৰ দলটোৱে । আবকাৰী বিষয়া বুলি পৰিচয় দিয়া লোককেইজনে তেওঁলোকৰ পৰা কেইবাখনো ভূমি সম্বন্ধিত নথি-পত্ৰত স্বাক্ষৰ লৈছিল পৰিয়ালৰ লোকে অভিযোগ তুলিছে । গুণ্ডাগিৰি কৰাৰ অভিযোগ তুলি পৰিয়ালৰ সদস্য প্ৰতাপ ৰাওই এজাহাৰ দাখিল কৰে ।

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষী আয়ুক্ত অঞ্জানী কুমাৰ ভুক্তভোগীৰ বাসগৃহত উপস্থিত হয় । কেইঘণ্টামানৰ ভিতৰতে আৰক্ষীয়ে তিনিওকে উদ্ধাৰ কৰে । অপহৰণকাৰীয়ে তেওঁলোকক নৰশিংগি অঞ্চলত এৰি থৈ গৈছিল । ভূমি বিবাদক কেন্দ্ৰ কৰি তিনিওকে অপহৰণ কৰা হৈছিল । অপহৰণকাৰীক জালত পেলোৱাৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে, অভিযানকাৰী দলটোৱে প্ৰথমে পৰিয়ালৰ আন সদস্যসকলক এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি মোবাইল ফোন আৰু লেপটপ জব্দ কৰিছিল । তেওঁলোকে সন্দেহ প্ৰকাশ কৰি অভিযানকাৰী দলটো যোৱাৰ পিছত আৰক্ষীক খবৰ দিয়ে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশত বাটৰ কুকুৰৰ আক্ৰমণত কিশোৰী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.