নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত গুজৰাটৰ আহমেদাবাদত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে 'কেন্দ্ৰ-ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা সন্মিলন' । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ভাৰ্চুৱেল' পদ্ধতিৰে উদ্বোধন কৰা এই ৰাষ্ট্ৰীয় বিজ্ঞান-প্ৰযুক্তিবিদ্যা সন্মিলনত অসম চৰকাৰৰ হৈ ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত চাৰিজনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছে (Science and Technology Minister Keshav Mahanta)।
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙৰ লগতে ৰাজ্যসমূহৰ বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰীসকল, প্ৰতিখন ৰাজ্যৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিবৰ লগতে বিশিষ্ট বিজ্ঞানী-গৱেষক, দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ আগশাৰীৰ প্ৰতিনিধি, বিজ্ঞান-প্ৰযুক্তি খণ্ডৰ উদ্যমী, এনজিঅ'ৰ প্ৰতিনিধি, যুৱ বিজ্ঞানী আদিয়ে অংশগ্ৰহণ কৰা মহত্বপূৰ্ণ বিজ্ঞান সন্মিলনখনৰ প্ৰথম দিনাৰ আলোচনাত অংশ লৈ অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তই দেশৰ প্ৰতিখন ৰাজ্যতে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন ক্ষেত্ৰখনৰ সংবৰ্ধন আৰু দ্ৰুত উন্নীতকৰণত সহায়ক হোৱাকৈ ৰাজ্যিক বিজ্ঞান-প্ৰযুক্তিবিদ্যা পৰিষদসমূহক প্ৰয়োজনীয় সহায়-সমৰ্থন আগবঢ়োৱাৰ লগতে আৰু দিক-দৰ্শনৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰে (Union State Science and Technology Conference)।
![Keshab Mahanta attends Union State Science and Technology Conference in Ahmedabad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20220910-wa0020_1009newsroom_1662822368_253.jpg)
ৰাজ্যসমূহত বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ উপযুক্ত বিকাশৰ দ্বাৰাহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ বিজ্ঞান-প্ৰযুক্তিবিদ্যাই দিব পৰা সুফলসমূহ সুষমভাৱে আগবঢ়াই নিব পৰা যাব বুলি মন্ত্ৰী মহন্তই কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । মন্ত্ৰীগৰাকীয়ে অসমত বিজ্ঞান-আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণৰ লগতে স্কুলীয়া স্তৰৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক অনুসন্ধিৎসা, বিজ্ঞানমনস্কতা আৰু উদ্ভাৱনী চিন্তা-ধাৰাৰ বিকাশৰ বাবে উপযুক্ত পৰিৱেশ গঢ়াত বিগত ছবছৰত ৰাজ্য চৰকাৰে লোৱা বিশেষ কাৰ্যব্যৱস্থাৰ বিষয়েও কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ড৹ সিঙৰ লগতে বিভিন্ন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰতিনিধিসকলক অৱগত কৰে ।
বিশেষকৈ, অসমৰ সকলো জিলাতে বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণৰ লগতে জলবায়ুৰ পৰিবৰ্তন ৰোধৰ বাবে অসম চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ প্ৰসংগ সন্মিলনত তেওঁ উল্লেখ কৰে । আহমেদাবাদৰ বিজ্ঞান নগৰীত আয়োজিত কেন্দ্ৰ তথা ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা সন্মিলনখনত অসমৰ পৰা বিভাগীয় মন্ত্ৰী মহন্তৰ সৈতে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সচিব লয়া মাদ্দুৰী, বিশেষ সচিব পি এল এন ৰাজু আৰু অসম বিজ্ঞান-প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ বিজ্ঞান-প্ৰযুক্তি শাখাৰ তত্বাৱধায়ক মুৰব্বী ড৹ জয়দীপ বৰুৱায়ো অংশগ্ৰহণ কৰিছে ।
![Keshab Mahanta attends Union State Science and Technology Conference in Ahmedabad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/img-20220910-wa0019_1009newsroom_1662822368_603.jpg)
উল্লেখ্য যে, দুদিনীয়া বিজ্ঞান-প্ৰযুক্তি সন্মিলনখনত ভাৰতৰ বিজ্ঞান-প্ৰযুক্তি আৰু উদ্ভাৱন বিষয়ক লক্ষ্য ২০৪৭, ৰাষ্ট্ৰীয় হাইড্ৰ'জেন মিছনৰ কাৰ্য ৰূপায়নত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ভূমিকা, ৰাজ্যসমূহত ভৱিষ্যতে বিজ্ঞান-প্ৰযুক্তি আৰু উদ্ভাৱন খণ্ডৰ বিকাশৰ পথ-নিৰ্দেশনা, ডিজিটেল মাধ্যমেৰে সকলোৰে বাবে স্বাস্থ্যসেৱা, কৃষকৰ আয় বৃদ্ধিৰ বাবে প্ৰযুক্তিগত সহায়-সমৰ্থন, বিজ্ঞান-প্ৰযুক্তিৰ বহুল ব্যৱহাৰেৰে দেশত বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ উপশম, সকলোৰে বাবে পৰিষ্কাৰ-প্ৰদূষণমুক্ত শক্তিৰ উপলব্ধতা আদি বিষয়সমূহক লৈ বিস্তাৰিত ভাৱে আলোচনা কৰা হ'ব ।
ইফালে, এই ৰাষ্ট্ৰীয় বিজ্ঞান-প্ৰযুক্তিবিদ্যা সন্মিলনখনৰ সৈতে সংগতি ৰাখি আহমেদাবাদৰ বিজ্ঞান নগৰীত আয়োজন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান-প্ৰযুক্তিবিদ্যা প্ৰদৰ্শনীত অসমেও অংশগ্ৰহণ কৰিছে । কেন্দ্ৰীয় বিজ্ঞান-প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙে অসমৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তৰ উপস্থিতিত আজি এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।
ৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসম পেভিলিয়নত এছটেকৰ ফালৰ পৰা বিজ্ঞান-প্ৰযুক্তি বিষয়ক আকৰ্ষণীয় 'আৰ্হি' আৰু গৱেষণা প্ৰকল্প উপস্থাপন কৰা হৈছে । এছটেকৰ লগতে অসম পেভিলিয়নত ভাগ লৈছে গুৱাহাটী বায়' পাৰ্কৰ পৃষ্ঠপোষকতাপ্ৰাপ্ত অসমৰ দুটা ষ্টাৰ্ট-আপ গোটেও । ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে অসম পেভিলিয়ন পৰিদৰ্শন কৰি এছটেকৰ দলটোৰ লগতে ষ্টাৰ্ট-আপ গোট দুটাৰ সদস্যকেইগৰাকীৰে মত বিনিময় কৰি উৎসাহিত কৰে ।
লগতে পঢ়ক: বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হ'ব বিপ্লৱ দেৱ