ETV Bharat / bharat

ওলোটাকৈ লিখি অভিলেখ গঢ়িলে কেৰালাৰ মহিলাই - Kerala woman enters Indian book of records for mirror writing

কেৰালাৰ কাচাৰাগোড জিলাৰ কে লালিতাই সোঁফালৰ পৰা বাওঁফাললৈ মালায়ালমত লিখাৰ দক্ষতা অৰ্জন কৰিছে আৰু তেওঁ নিৰ্দিষ্ট সময়ত বহু শব্দ লিখাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

ওলোটাকৈ লিখি অভিলেখ গঢ়িলে কেৰালাৰ মহিলাই

author img

By

Published : Mar 3, 2021, 10:08 PM IST

নিউজ ডেস্ক,৩ মাৰ্চ: এইবাৰ ওলোটা লিখনিৰে (মিৰ'ৰ ৰাইটিং) অভিলেখ সৃষ্টি কৰিলে কেৰালাৰ এগৰাকী মহিলাই । ৰাজ্যখনৰ কাচাৰাগোড জিলাৰ ৪৪ বছৰীয়া কে ললিতাই সোঁফালৰ পৰা বাওঁফাললৈ মালায়ালম ভাষা লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । আৰবী ভাষা যি ধৰণে সোঁফালৰ পৰা বাওঁফালে লিখা হয়, সেই আৰ্হিত কাচাৰাগোড জিলাৰ কে ললিতাই মালায়ালম লিখিছে যিবোৰ আয়নাত প্ৰতিফলিত কৰি পঢ়িব পৰা যায় ।

মহামাৰীৰ পৰিস্থিতিৰ মাজত লকডাউনত ললিতাক সন্তানে ওলোটা লিখাৰ কলা সম্পৰ্কে এক ধাৰণা দিছিল । প্ৰথমে তাইৰ নাম পিছফালৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত এটা নতুন বস্তু শিকাৰ উৎসাহেৰে তাই ওলোটা লিখাৰ দক্ষতা অতি সোনকালে অৰ্জন কৰিব পাৰিছিল । ললিতাই মালায়ালম ভাষাত ভাৰতৰ সকলো ৰাজ্য আৰু ৭০০তকৈও অধিক জিলাৰ নাম সোঁফালৰ পৰা বাওঁফালে লিখিবলৈ শিকিছে । তাই এই সকলোবোৰ বিপৰীত ক্ৰমত মনত ৰাখিব পাৰে আৰু ওলোটাকৈ লিখিব পাৰে ।

ললিতাই বিৰতি অবিহনে এক ঘণ্টা ১৬ মিনিটৰ ভিতৰত ওলোটা লিখাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে । তাইৰ পৰৱৰ্তী লক্ষ্য হৈছে গিনিজ বুক অফ ৰেকৰ্ডত স্থান পোৱা । ললিতাৰ স্বামী আৰু দুই কন্যা সন্তান তাইৰ এই সফলতাকলৈ যথেষ্ট উৎসাহী আৰু গৌৰৱান্বিত ।

লগতে পঢ়ক:ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণ সম্ভৱঃ প্ৰশান্ত মালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.