ETV Bharat / bharat

কেৰালাত এইবাৰ মুঠ ১.৭৫ লাখ শিক্ষাৰ্থীৰ নামভৰ্তি - মুঠ ১.৭৫ লাখ শিক্ষাৰ্থী

লোক শিক্ষা কাৰ্যকল্প মিছনে কেৰালাত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহে পুনৰ আৰম্ভণিৰ গ্ৰহণ কৰিছে । এই বছৰ ৰাজ্যখনত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১.৭৫ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন
author img

By

Published : Jan 1, 2021, 11:25 AM IST

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী: কেৰালা ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত নতুন শিক্ষা নীতিৰ অধীনত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১.৭৫ লাখ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে । লোক শিক্ষা কাৰ্যকল্প মিছন আৰম্ভণিৰ পাচতে বিগত চাৰি বছৰত ৬.৮ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে । লোক শিক্ষা কাৰ্যকল্প মিছন অৰ্থাৎ প্ৰাথমিক শিক্ষা সাৰ্বজনীনকৰণৰ বাবে লোৱা চৰকাৰী আৰু বে-চৰকাৰী ব্যৱস্থাসমূহ ।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন

যোৱা বছৰৰ শিক্ষা বৰ্ষৰ তুলনাত এই বছৰৰ শিক্ষা বৰ্ষত ৮১৭০ তকৈও অধিক শিক্ষাৰ্থীয়ে প্ৰথম শ্ৰেণীত, ৪৩৭৮৯ তকৈও অধিক শিক্ষাৰ্থীয়ে পঞ্চম শ্ৰেণীত, ৩৫৬০৬ তকৈও অধিক শিক্ষাৰ্থীয়ে অষ্টম শ্ৰেণীত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে । চৰকাৰী বিদ্যালয়ত ১৭৫০৭৪ তকৈও অধিক শিক্ষাৰ্থীয়ে বিভিন্ন শ্ৰেণীত নামভৰ্তি কৰে । যোৱা বছৰৰ তুলনাত এই বৰ্ষত মুঠ ৪৭,৭৬০ গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে ।

ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত মুঠ ৯১৫১০ গৰাকী শিক্ষাৰ্থী হ্ৰাস পায় । এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে মন্তব্য কৰি কয় যে লোক শিক্ষা কাৰ্যকল্প মিছনৰ বাবেই বিদ্যালয়সমূহৰ বুনিয়াদী শিক্ষা আৰু আন্তঃগাঁঠনিৰ ক্ষেত্ৰত এয়া পৰিৱৰ্তন আহিছে । এই শিক্ষা মিছনৰ উদ্দেশ্য মাথো এটাই আছিল যে সামাজিক দৃষ্টিৰে ইয়াৰ সম্প্ৰসাৰণ ঘটাই অতি দৰিদ্ৰ পৰিয়ালৰ লোকৰ শিশুসকলে যাতে শিক্ষা লাভ কৰে তাৰ পৰিপ্ৰেক্ষিততেই এই শিক্ষা মিছন আৰম্ভ কৰা হৈছিল বুলি কয় মুখ্যমন্ত্ৰী পিনাৰায়ে ।

লগতে পঢ়ক: ভক্তৰ বাবে খুলি দিয়া হ'ল কেৰালাৰ সাবৰীমালা মন্দিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.