নিউজ ডেস্ক, 14 ডিচেম্বৰ: জিম কৰবেটৰ The Mohan Man eater শীৰ্ষক কাহিনীটো আপোনালোকে নিশ্চয় পঢ়িছে ৷ এটা নৰখাদক বাঘক হত্যা কৰাৰ নিৰ্মোহ বৰ্ণনা সেই কাহিনীত দাঙি ধৰিছিল প্ৰখ্যাত চিকাৰী জিম কৰবেটে ৷ আজি আমি আপোনালোকক ক’বলৈ লৈছে আন এটা নৰখাদক বাঘৰ কথা ৷
দক্ষিণৰ অতিকৈ মনোৰম ৰাজ্য কেৰালাৰ বনমন্ত্ৰী এ কে শচিন্দ্ৰনে বৃহস্পতিবাৰে কয় যে ৱায়ানাডত কিছুদিন ধৰি ত্ৰাস চলাই অহা 13 বছৰীয়া বাঘটো (WWL 45) নৰহত্যাৰ বাবে দায়ী ৷ বাঘটোৰ তথ্য বনবিভাগৰ হাতত আছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বাঘটোক নৰখাদক হিচাপে চিহ্নিত কৰি ইতিমধ্যে হত্যাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷
যোৱা 9 ডিচেম্বৰত ৱায়ানাডৰ কালপেট্টা বনাঞ্চলৰ সমীপত প্ৰজীশৰ বাসিন্দা ৱাকেৰিৰ মৃতদেহৰ আধা অংশ উদ্ধাৰ হৈছিল ৷ তেওঁক ঘাঁহ কাটিবলৈ যাওঁতে বাঘে মাৰি আধা খাই এৰি যোৱা বুলি সন্দেহ কৰা হৈছিল ৷ স্থানীয় লোকে দাবী কৰিছিল যে বাঘটো এটা নৰখাদক ৷ ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বাঘটোক গুলীয়াই হত্যা কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷
মন্ত্ৰী শচিন্দ্ৰনে কয় ‘‘মুখ্য বন্যপ্ৰাণী অধীক্ষকে বাঘটোক হত্যা কৰাৰ বাবে এক নিৰ্দেশ জাৰী কৰিছে ৷ ইতিমধ্যে 25 টা কেমেৰাৰে বাঘটোক তীক্ষ্ণ নজৰত ৰখা হৈছে আৰু অভিযানৰ বাবে 2 টা পিঞ্জৰা সাজু কৰি ৰখা হৈছে ৷’’ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অভিজ্ঞ শ্বুটাৰ আৰু চিকিৎসকসহ পাঁচটা টহলদাৰী দলে অভিযান চলাই আছে ৷ স্থানীয় লোকসকলেও বন বিভাগে প্ৰদান কৰা সুবিধা অৱলম্বন কৰি এই টহলদাৰী দলক সহায় কৰিছে ৷
বাঘটোক ধৰিব নোৱাৰিলে বা অজ্ঞান কৰিব নোৱাৰিলে হত্যা কৰাৰ চৰকাৰী আদেশক প্ৰত্যাহ্বান জনাই কেৰালা উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ পিছতে তেওঁ এই বক্তব্য প্ৰদান কৰে ।
উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে বনমন্ত্ৰী শচিন্দ্ৰনে ৷ য’ত উল্লেখ কৰা হৈছে যে আবেদনখন জনস্বাৰ্থৰ পৰিৱৰ্তে প্ৰচাৰৰ বাবে দাখিল কৰা যেন লাগে আৰু আবেদনকাৰী সংস্থা এনিমেলছ এণ্ড নেচাৰ এথিক্স কমিউনিটিৰ ওপৰত ২৫,০০০ টকা খৰচ বহনৰ বাবে আৰোপ কৰা হৈছে ৷
লগতে পঢ়ক: যোৱা চাৰি বছৰত বাঘৰ আক্ৰমণত নিহত ২৯৩ জন লোক; হাতীয়ে প্ৰাণ ল’লে ২৬৫৭