নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যেৰে সোমবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে মনোনয়ন পত্ৰ দাখিল কৰে । সোমবাৰে পুৱা প্ৰায় ১১ বজাত কন্নুৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
মাস্ক, ফেচ শ্বিল্ড, গ্ল’ভছ পৰিহিত প্ৰবীণ মাৰ্ক্সবাদী নেতাগৰাকীক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে চিপিআই (এম)ৰ কন্নুৰৰ জিলা সম্পাদক এম ভি জয়ৰাজনকে ধৰি দলৰ নেতাসকলে । ধৰ্মাদমৰ ৰিটাৰ্ণিং বিষয়া বেভিন জন ভাৰ্গীছে পিনাৰায়ী বিজয়নৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰে । দ্বিতীয়বাৰৰ বাবে ধৰ্মাদম সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বিজয়ন ।
লগতে পঢ়ক: এনএলএফটি প্ৰধান পৰিমল দেৱবাৰ্মাক ত্ৰিপুৰালৈ প্ৰেৰণ