ETV Bharat / bharat

Kejriwal Bungalow Row : চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাৰ পৰা কি আশা কৰিব পাৰি; প্ৰধানমন্ত্ৰীক আক্ৰমণ কেজৰিৱালৰ - Kejriwal slams PM Modi

বুধবাৰে চিবিআয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ পিডব্লিউডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । চিবিআইৰ এই সিদ্ধান্তৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে প্ৰধানমন্ত্ৰী উদ্বিগ্ন হৈ আছে ।

Kejriwal Bungalow Row
Kejriwal Bungalow Row
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 8:36 PM IST

প্ৰধানমন্ত্ৰীক আক্ৰমণ কেজৰিৱালৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ চৰকাৰী বাংলোৰ নৱীকৰণৰ চিবিআই তদন্ত আৰম্ভ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে । বৃহস্পতিবাৰে কেজৰিৱালে কয় যে তেওঁৰ বিৰুদ্ধে তদন্ত নতুন নহয় । প্ৰধানমন্ত্ৰী উদ্বিগ্ন হৈ পৰিছে আৰু এই কাৰ্যই তেওঁৰ উদ্বিগ্নতা প্ৰদৰ্শন কৰিছে । তেওঁ লগতে কয় যে এইটোৱে প্ৰথম তদন্ত নহয়, এতিয়ালৈকে বিগত ৮ বছৰত তেওঁৰ বিৰুদ্ধে ৫০ টাতকৈও অধিক গোচৰৰ তদন্ত কৰা হৈছে ।

  • #WATCH दिल्ली के मुख्यमंत्री के लिए नए आवास के निर्माण और 'नवीनीकरण' में कथित अनियमितताओं की जांच के लिए सीबीआई द्वारा प्रारंभिक जांच दर्ज करने पर मुख्यमंत्री अरविंद केजरीवाल ने कहा, "...प्रधानमंत्री मोदी घबराए हुए हैं और यह उनकी घबराहट दिखाता है। ये पहली जांच नहीं है, अब तक 50… pic.twitter.com/XOuXuKjX3v

    — ANI_HindiNews (@AHindinews) September 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"কেতিয়াবা তেওঁলোকে কয় যে কেজৰিৱালে বিদ্যালয় নিৰ্মাণত, বাছত, সুৰাত, পথ নিৰ্মাণত, পানীত আৰু লগতে বিদ্যুতত কেলেংকাৰী কৰিছে । বিশ্বত হয়তো সৰ্বাধিকসংখ্যক তদন্ত মোৰ ক্ষেত্ৰতে হৈছে । এতিয়ালৈকে কোনো ক্ষেত্ৰতে একো পোৱা হোৱা নাই আৰু ইয়াতো একো নাপাব । যেতিয়া একো ভুলেই কৰা নাই, তেতিয়া আপুনি কি পাব ?" কেজৰিৱালে এই মন্তব্য কৰি কয় যে এগৰাকী চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ ৰজাৰ পৰা আৰু কি আশা কৰিব পাৰি ।

  • अब इन्होंने CM आवास की CBI जाँच शुरू करवा दी।

    प्रधानमंत्री जी घबराए हुए हैं। ये उनकी घबराहट दिखाता है।

    मेरे ख़िलाफ़ enquiry कोई नई बात नहीं है। अभी तक मेरे ख़िलाफ़ पिछले 8 साल में 50 से ज़्यादा मामलों में enquiry करवा चुके हैं। बोले केजरीवाल ने स्कूल बनवाने में घोटाला कर… pic.twitter.com/rPtIpUcU4Y

    — Arvind Kejriwal (@ArvindKejriwal) September 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কেজৰিৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে কেৱল দিনটোৰ ২৪ ঘণ্টায়ে তদন্ত-তদন্তৰ খেল খেলি থাকে বা ভাষণ দি থাকে । তেওঁলোকে একো নকৰে । তেওঁলোকে বিচাৰে যে মই আন নেতা আৰু দলৰ দৰে তেওঁলোকৰ সৈতে যোগ দিওঁ । কিন্তু মই তেওঁলোকৰ ওচৰত শিৰনত কৰাবিধৰ নহয় । তেওঁলোকে মোৰ বিপক্ষে যিমান বিচাৰে সিমান তদন্ত কৰাওক বা ভুৱা গোচৰ ৰুজু কৰক । মই তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ যে যেনেদৰে পূৰ্বৰ সকলো তদন্তত একো ওলোৱা নাই, এই তদন্ততো একো নোলায় । আৰু যদি তেনে হয়, তেন্তে মিছা তদন্ত কৰাৰ বাবে তেওঁ পদত্যাগ কৰিবনে ?

উল্লেখ্য যে কেজৰিৱালৰ চৰকাৰী বাংলোৰ নৱীকৰণে প্ৰকাশ কৰিছে যে ৰাজহুৱা নিৰ্মাণ বিভাগৰ বহু মানদণ্ড তাত উলংঘা কৰা হৈছে । ইয়াৰ ভিতৰত আছে নৱীকৰণৰ বাবে ৪৫ কোটি টকাৰো অধিক ব্যয়, ডিডিএৰ মাষ্টাৰ প্লেন উলংঘন, নিৰ্মাণৰ বাবে বিভিন্ন খণ্ডত উচ্চ ব্যয় আৰু ঐতিহ্য আইন উলংঘন ।

লগতে পঢ়ক: Kejriwal bungalow renovation: CBIয়ে আৰম্ভ কৰিলে কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.