ETV Bharat / bharat

Kejriwal on Delhi service act : কেন্দ্ৰীয় চৰকাৰক পুনৰ প্ৰত্যাহ্বান কেজৰিৱালৰ - AAP celebrates Independence day

কেন্দ্ৰীয় চৰকাৰৰ দিল্লী সেৱা আইনক কঠোৰ সমালোচনা কেজৰিৱালৰ । কেন্দ্ৰৰ এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যুঁজ দিব দিল্লী চৰকাৰে । দিল্লীৰ ৰাজপথ ইউৰোপীয় মানদণ্ডৰ কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ।

Kejriwal on Delhi service act
কেন্দ্ৰীয় চৰকাৰক পুনৰ প্ৰত্যাহ্বান কেজৰিৱালৰ
author img

By

Published : Aug 15, 2023, 5:02 PM IST

নেশ্যনেল ডেস্ক,১৫ আগষ্ট : সংসদৰ বৰ্ষাকালীন অধিৱেশনত গৃহীত হোৱা দিল্লী সেৱা বিধেয়ক ইতিমধ্যে আইনত পৰিণত হৈছে । এই আইন অনুসৰিয়ে এতিয়া দিল্লীৰ শাসন চলিব । কিন্তু এই বিৰুদ্ধে যুঁজত এতিয়াও পৰাজয় স্বীকাৰ কৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে এক বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । কেজৰিৱালে কয় যে তেওঁ দিল্লীৰ লোকসকলক এই নতুন আইনৰ পৰা মুক্ত কৰিব ।

কেজৰিৱালে অভিযোগ কৰা মতে দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিবলৈ এই আইনখন অনা হৈছে । দিল্লীৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে । এখন গণতান্ত্ৰিক চৰকাৰৰো কাম কৰাৰ সামৰ্থ্য কাঢ়ি লোৱা হৈছে । কেজৰিৱালে উল্লেখ কৰা মতে বহুতো লোক তেওঁৰ ওচৰলৈ গৈ সুধিছে তেওঁ এতিয়া কেনেদৰে কাম কৰিব । স্বাধীনতা দিৱস উপলক্ষে তেওঁ দিল্লীৰ দুই কোটি লোকক আশ্বাস দিয়ে যে চৰকাৰৰ দুটা কাম অব্যাহত থাকিব । এফালে, আম আদমি চৰকাৰে শক্তি ঘূৰাই পাব । লগতে তেওঁলোকে আদালতলৈ যাব আৰু অধিকাৰবোৰ ঘূৰাই ল'ব ।

কেজৰিৱালৰ মতে তেওঁলোকে উচ্চতম ন্যায়ালয়ত এই যুঁজ দিব । কেজৰিৱালে অভিযোগ কৰা মতে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা সেই লোকসকলে দিল্লী চৰকাৰৰ কামত বাধা দিবলৈ চেষ্টা কৰি আছে । কিন্তু দিল্লীত কৰা সকলো কাম অব্যাহত থাকিব । বিনামূলীয়া বিদ্যুৎ অব্যাহত থাকিব, সন্তানে ভাল শিক্ষা লাভ কৰি থাকিব । মানুহে সম্প্ৰীতিৰে থাকিব । মহিলাসকলৰ বাবে বিনামূলীয়া ভ্ৰমণ অব্যাহত থাকিব ।

তেওঁ কয় যে কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই । হয়তো গতি অলপ হ্ৰাস হ'ব । যেতিয়া ক্ষমতা ঘূৰি আহিব তেতিয়া পুনৰ দ্ৰুত গতিত কাম আৰম্ভ হ'ব বুলিও কেজৰিৱালে উল্লেখ কৰে ।

শেহতীয়াকৈ, দিল্লীৰ পৌৰ নিগমে সমগ্ৰ দিল্লীত এক স্বচ্ছ অভিযান আৰম্ভ কৰিছে । ইয়াত দিল্লীৰ সকলো পৌৰ নিগম, সকলো অনাময় কৰ্মী, তেওঁলোকৰ সকলো বিষয়া নিয়োজিত হৈ আছে । দিল্লীৰ জনসাধাৰণক এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে অনাগত দিনত তেওঁৰ কাৰ্যসূচীত তিনি-চাৰিটা কাম তালিকাৰ শীৰ্ষত আছে । এটা হ'ল পানী যোগান । দিল্লীৰ প্ৰতিটো ঘৰলৈ ২৪ ঘণ্টাৰ বাবে পানী যোগান ধৰা । দ্বিতীয়টো হ'ল যমুনা পৰিষ্কাৰ কৰা । তৃতীয়টো হ'ল সকলো ভগা ৰাস্তা মেৰামতি কৰা । চৰকাৰে দিল্লীৰ ৰাস্তাবোৰ ইউৰোপীয় মানদণ্ডৰ কৰি তোলাত নিয়োজিত হৈ আছে বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :Kejriwal Vishwaguru definition : 'কেৱল ভাষণেৰে ভাৰত বিশ্বগুৰু হ'ব নোৱাৰে, বিভিন্ন ক্ষেত্ৰত উন্নয়ন লাগিব'-কেজৰিৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.