ETV Bharat / bharat

Gold layers in Kedarnath temple inner walls: সোণৰ তৰপেৰে কেদাৰনাথৰ ভিতৰখণ্ডক ন-ৰূপ - শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ

কেদাৰনাথ ধামৰ আভ্যন্তৰীণ ভাগৰ দেৱালকে ধৰি চিলিংসমূহত ৫৫০ টাকৈ সোণৰ তৰপ দিয়াৰ পিছত ইয়াৰ এক নতুন উজ্জ্বলতা প্ৰকাশ পাইছে । আই আই টি ৰুৰ্কী, চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ৰুৰ্কী (CBRR) আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ (ASI) ৬ জনীয়া এটা দলে মন্দিৰৰ ভিতৰত লগোৱা সোণৰ এই লেয়াৰিঙৰ কাম পৰিদৰ্শন কৰে ।

Kedarnath temple inner walls, ceiling decorated with 550 gold layers in Uttarakhand
সোণৰ তৰপেৰে সজাই তোলা হৈছে কেদাৰনাথৰ ভিতৰখণ্ড
author img

By

Published : Oct 27, 2022, 7:50 AM IST

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ : কেদাৰনাথ ধামৰ আভ্যন্তৰীণ ভাগৰ দেৱালকে ধৰি চিলিংসমূহত ৫৫০ টাকৈ সোণৰ তৰপ দিয়াৰ পিছত ইয়াৰ এক নতুন উজ্জ্বলতা প্ৰকাশ পাইছে (Gold layers on inner walls in Kedarnath Dham) । মন্দিৰৰ আভ্যন্তৰীণ ভাগত লগোৱা সোণৰ লেয়াৰিঙৰ কাম বুধবাৰে পুৱা সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ সভাপতি অজেন্দ্ৰ অজয়ে (Badrinath Kedarnath Temple Committee President Ajendra Ajay)। তেওঁ কয় যে এই কাম তিনিদিন পূৰ্বৰে পৰা আৰম্ভ কৰা হৈছিল ।

আই আই টি ৰুৰ্কী(IIT Roorkee), চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ৰুৰ্কী (CBRR) আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ (ASI)ৰ ৬ জনীয়া এটা দলে মন্দিৰৰ ভিতৰত লগোৱা সোণৰ এই লেয়াৰিঙৰ কাম পৰিদৰ্শন কৰে । বিশেষজ্ঞসকলে এক প্ৰতিবেদনত দিয়া পৰামৰ্শৰ পিছতে কেদাৰনাথ মন্দিৰত সোণৰ প্ৰলেপ লগোৱাৰ কাম আৰম্ভ হৈছিল । মন্দিৰ কমিটিৰ সভাপতি অজেন্দ্ৰ অজয়ে কয় যে, তিনিদিন পূৰ্বে ১৮ টাকৈ খচ্চৰৰ দ্বাৰা সোণসমূহ কেদাৰনাথলৈ পৰিবহণ কৰা হৈছিল । তেওঁ লগতে কয়, ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ দুজন বিষয়াৰ তত্বাৱধানত ১৯ গৰাকী শিল্পীয়ে দেৱাল আৰু চিলিংসমূহত প্ৰলেপ লগোৱাৰ কাম কৰিছিল ।

শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্দিৰ পৰিদর্শনৰ সময়ত ৯.৭ কিলোমিটাৰ দৈর্ঘৰ গৌৰীকুন্দ-কেদাৰনাথ সংযোগী এটা ৰ’পৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ এই কাম সম্পূৰ্ণ হোৱাৰ অন্তত এই ৰ’পৱে ব্যৱহাৰ কৰি ভক্তসকলে ৩০ মিনিটৰ ভিতৰত গৌৰীকুণ্ডৰ পৰা আহি মন্দিৰত উপস্থিত হ’ব পাৰিব ।

ইফালে, বুধবাৰে নিশা ১২.০১ বজাৰ পৰা আৰম্ভ হোৱা গোৱৰ্ধন পূজা অৰ্থাৎ অন্নকুট উপলক্ষে শীতকালৰ বাবে বন্ধ হৈ পৰে গংগোত্ৰী মন্দিৰৰ পৰ্টেলসমূহ । এই শীতকালীন সময়চোৱাত ৰাখিবৰ বাবে মুখবা গাঁৱৰ মুখীমথলৈ ছমাহৰ বাবে গংগা দেৱীৰ মূৰ্তি স্থানান্তৰিত কৰা হৈছে । মুখীমথলৈ যোৱাৰ পথত নিশা এই মূৰ্তি চণ্ডী দেৱী মন্দিৰত ৰাখি বৃহস্পতিবাৰে মূল গন্তব্য স্থানৰ বাবে পুনৰ যাত্ৰা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।

পৰিচালনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, এইবাৰৰ চৰ ধাম যাত্ৰা অন্তিম পৰ্যায়ত থকা তথা ভাই দুজ উপলক্ষে বৃহস্পতিবাৰে যমুনোত্ৰী আৰু কেদাৰনাথ মন্দিৰৰ পৰ্টেল বন্ধ থাকিব । ইফালে যিহেতু চলিত ঋতুৰ বাবে যাত্ৰা সমাপ্ত হ’ব, সেয়েহে বদ্ৰীনাথ মন্দিৰৰ পৰ্টেলসমূহ অহা ১৯ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হ'ব ৷

লগতে পঢ়ক: PM Modi picture : কেদাৰনাথ মন্দিৰৰ বাহিৰত তোলা প্ৰধানমন্ত্ৰী মোডীৰ ফটোক লৈ বিতৰ্ক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.