নেশ্যনেল ডেস্ক,২৬ আগষ্ট : উত্তৰ প্ৰদেশত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে । পিতৃ আৰু ভাতৃয়ে মিলি হত্যা কৰিলে কিশোৰীক । কৌশাম্বী জিলাৰ সৰায় আকিল অঞ্চলত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড । আন সম্প্ৰদায়ৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাৰ বাবেই নৃশংসভাৱে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে কিশোৰীগৰাকীক । হত্যাৰ অভিযুক্ত পিতৃ আৰু দুই ভাতৃক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
জানিব পৰা মতে সৰায় আকিল অঞ্চলৰ কিশোৰীগৰাকীৰ গাঁওখনৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । দুয়ো প্ৰায়ে লগ কৰিছিল । লগতে তেওঁলোক দুয়ো মোবাইলতো কথা বতৰা পাতিছিল । কিন্তু যুৱকজন আন সম্প্ৰদায়ৰ হোৱাৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকসকল এই সম্পৰ্কক লৈ অসন্তুষ্ট আছিল । পৰিয়ালৰ লোকে এই সম্পৰ্কৰ বিষয়ে জনাৰ পাছত দুয়োকে বাধা দিছিল । কিন্তু পৰিয়ালৰ বাধা নেওচি তেওঁলোকে কথা পাতিয়ে আছিল ।
শনিবাৰেও কিশোৰীগৰাকীয়ে যুৱকজনৰ সৈতে ফোনত কথা পাতি আছিল । কিশোৰীগৰাকীৰ পৰিয়ালে তেওঁক ফোনত কথা পাতি থকা দেখিছিল । তাৰ পাছতে পিতৃ আৰু দুই ভাতৃয়ে কিশোৰীগৰাকীক কুঠাৰেৰে আক্ৰমণ কৰে । কুঠাৰৰ আঘাতত কিশোৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় । ঘটনাটোৰ পাছতে স্থানীয় লোকসকলে আৰক্ষীক অৱগত কৰে ।
জিলা দণ্ডাধীশ সুজিত কুমাৰ, আৰক্ষী অধীক্ষক ব্ৰজেশ কুমাৰ শ্ৰীবাস্তৱসহ স্থানীয় আৰক্ষীৰ এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হয় । এটা ফৰেনচিক দলো ঘটনাস্থলীত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু কিশোৰীগৰাকীৰ পিতৃ আৰু দুই ভাতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ উপৰিও আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে জনোৱা মতে অভিযুক্তসকলে কিশোৰীগৰাকীক হত্যা কৰাৰ কথাও স্বীকাৰ কৰিছে । সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।