ETV Bharat / bharat

Diwali observe as dark day: দেৱালী উদযাপন নকৰা এখন গাঁও

কৰ্ণাটকৰ দাৱনাগেৰে জিলাৰ লোকিকেৰে গাঁৱত দুটা শতিকা উদযাপন কৰা হোৱা নাই পোহৰৰ উৎসৱ দীপাৱলী । দীপাৱলীৰ দিনা এই গাঁওখনত বিৰাজ কৰে নিস্তব্ধতাই । গাঁওখনৰ গাঁওবাসীয়ে কিয় উদযাপন নকৰে জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:16 PM IST

Diwali observe as dark day
দেৱালী উদযাপন নকৰা এখন গাঁও

নিউজ ডেস্ক, 4 নৱেম্বৰ: পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ দেশতে অতি আড়ম্বৰৰে পালন কৰা হয় । এই দিনটোত সকলোৱে নতুন পোছাক পৰিধান কৰি, ফটকা ফুটাই উদযাপন কৰে । আলোকেৰে ৰণ্জিত হৈ পৰে সমগ্ৰ অঞ্চল ৷ আজি আমি ক’ব বিচাৰিছো এখন গাঁৱৰ কথা যিখন গাঁৱত উদযাপন কৰা নহয় দীপাৱলী ৷ এই গাঁওখনত আছে কৰ্ণাটকত ৷

কৰ্ণাটকৰ দাৱনাগেৰে গাঁৱৰ লোকে পূৰ্বে উদযাপন কৰিছিল পোহৰৰ উৎসৱ দীপাৱলী ৷ কিন্তু বিগত কেইবাদশক ধৰি গাঁওখনৰ লোকে উদযাপন কৰা নাই দীপাৱলী ৷ গাঁওবাসীৰ পৰা জানিব পৰা মতে, ইয়াৰ আঁৰত জড়িত আছে এক কৰুণ কাহিনী ৷ যাৰবাবে বিগত সময়ত গাঁওখনৰ লোকে দীপাৱলী পালনৰ পৰা বিৰত আছিল আৰু পাচলৈ ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি পৰাত ই ক্ৰমে পৰম্পৰালৈ পৰিণত হয় । এই উৎসৱৰ সময়ত গাঁওখনৰ লোকে শুভ কামো নকৰে ৷

অৱশ্যে বিজয়দশমী আৰু মহালয়া অমাৱস্যাৰ দিনা অধিকাংশ গাঁৱৰ লোকে জ্যেষ্ঠ উৎসৱ (Elder Festival) দিৱস হিচাপে পালন কৰে । সেই দিনটো তেওঁলোকে দীপাৱলীৰ দৰে উদযাপন কৰে । তদুপৰি গাঁওবাসীৰ মতে দীপাৱলীৰ দিনটো উৎসৱ হিচাপে পালন কৰিলে ই অধিক অশুভ হ’ব । সেয়ে দীপাৱলী উৎসৱৰ সময়ত তেওঁলোকে আন চহৰত বসবাস কৰা তেওঁলোকৰ আত্মীয়ৰ ঘৰলৈ গৈ ভোজ-ভাত খায় । গাঁৱৰ ৰাইজে জনোৱা মতে, কেৱল লোকিকেৰে গাঁৱতহে দীপাৱলী পালন কৰা নহয়।

কিয় পালন কৰা নহয় দীপাৱলী: প্ৰায় দুই শতিকাৰ পূৰ্বে লোকিকেৰে গাঁৱৰ একাংশ বয়োজ্যেষ্ঠ লোকে দীপাৱলীৰ বাবে কাশী ঘাঁহ আনিবলৈ হাবিলৈ গৈছিল । কিন্তু ঘাঁহ আনিবলৈ যোৱা কোনো এজন লোক হাবিৰ পৰা ঘূৰি নাহিল । গাঁৱৰ মানুহে সকলোতে বিচাৰ-খোঁচাৰ কৰাৰ পাচতো তেওঁলোকৰ সন্ধান উলিওৱাত ব্যৰ্থ হয় । ইয়াৰ পিচত গাঁৱৰ বয়োজ্যেষ্ঠসকলে দীপাৱলী উৎসৱ পালন নকৰাৰ সিদ্ধান্ত লয় ।

গাঁওবাসীয়ে বিশ্বাস কৰে যে যদি এই উৎসৱ গাঁৱত পালন কৰা হয় তেন্তে ই অশুভ হ’ব । গাঁওখনত উৎসৱ উদযাপন আয়োজন কৰা সময়ত অঘটন সংঘটিত হোৱাৰ দৃষ্টান্তও আছে ৷ গাঁৱৰ বয়োজ্যেষ্ঠ ৰামাস্বামী আৰু ওবালাপ্পাই কয় যে লোকিকেৰে গাঁৱত দীপাৱলী উৎসৱ পালন কৰা নহয় । ঘাঁহ-পুষ্প আনিবলৈ কাশীলৈ যোৱাসকল ঘূৰি নাহিল ৷ আমাৰ পূৰ্বপুৰুষৰ বিশ্বাসৰ বাবেই আমি উৎসৱ পালন বন্ধ কৰি দিছো । আমি ৰামনৱমীৰ দিনাটো বয়োজ্যেষ্ঠসকলৰ বাবে উৎসৰ্গা কৰি বিশেষ উৎসৱৰ আয়োজন কৰো ।

লগতে পঢ়ক: Corruption in road construction : আমগুৰিত বখলা-বখলে এৰিছে চাংমাই কোঁৱৰ গাঁও পথ, ৰাইজৰ প্ৰতিবাদত আধাতে এৰিলে নিৰ্মাণ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.