ETV Bharat / bharat

IAF Jet crashes in Chamarajnagar : কৰ্ণাটকত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত - IAF Jet crashes

চামৰাজনগৰৰ এখন মুকলি পথাৰত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয় (IAF Jet crashes)। বিমানখনত দুগৰাকী পাইলট আছিল । কথমপি প্ৰাণৰক্ষা পাইলটৰ ।

IAF Jet crashes in Chamarajnagar
কৰ্ণাটকত বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Jun 1, 2023, 1:40 PM IST

Updated : Jun 1, 2023, 5:40 PM IST

নেশ্যনেল ডেস্ক,১ জুন : নেশ্যনেল ডেস্ক,১ জুন : কৰ্ণাটকত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত (IAF Jet crashes in Karnataka)। বৃহস্পতিবাৰে পুৱতি নিশা চামৰাজনগৰৰ এখন পথাৰত ভাৰতীয় বায়ু সেনাৰ এখন যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ।

বিমানখনত থকা দুগৰাকী পাইলটে পেৰাচুটৰ সৈতে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহে । অৱশ্যে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হৈছে । কি কাৰণত এই দুৰ্ঘটনা হ'ল সেয়া জানিব পৰা হোৱা নাই ।

জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন ভাৰতীয় বায়ু সেনাৰ মধ্যৱৰ্তী প্ৰশিক্ষক জেট কিৰণ আছিল । এইচ.এ.এল.-নিৰ্মিত বিমানখনে সমীপৰ আই.এ.এফ. প্ৰশিক্ষণস্থলীৰ পৰা উৰা মাৰিছিল আৰু দুপৰীয়া প্ৰায় ১২ বজাত দুৰ্ঘটনাত পতিত হয় । ইফালে দুৰ্ঘটনাটোৰ কাৰণ উদঘাটনৰ বাবে আদালতৰ তদন্তৰ নিৰ্দেশ দিয়া হয় । ভাৰতীয় বায়ু সেনাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে ।

দুৰ্ঘটনাত পতিত গাঁওখনৰ ৰাইজে উল্লেখ কৰা মতে যদি বিমানখন মুকলি পথাৰৰ সলনি গাঁৱৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হ'লহেঁতেন তেনেহ'লে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হলহেঁতেন । বিষয়াসকলে জনোৱা মতে বিমানখনৰ পাইলট দুগৰাকী তেজপাল আৰু ভূমিকা বুলি চিনাক্ত কৰা হৈছে । তেওঁলোক সামান্য আঘাতপ্ৰাপ্ত হৈছে (IAF Jet crash)।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে বায়ু সেনাৰ এটা দল, অগ্নি নিৰ্বাপক বাহিনী আৰু প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । দুৰ্ঘটনাটোৰ পাছতে বিমানখনত জুইৰ সূত্ৰপাত হয় আৰু অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰে । গাওঁবাসীয়ে দুয়োগৰাকী পাইলটক উদ্ধাৰ কৰে । লগে লগে আঘাতপ্ৰাপ্ত পাইলটসকলৰ বাবে এটা অস্থায়ী শিবিৰ স্থাপন কৰা হয় । জিলা প্ৰশাসনৰ বিষয়াসকলে বেংগালুৰুৰ আইএএফ কৰ্তৃপক্ষক অৱগত কৰে আৰু তাৰ পাছতে এখন বিশেষ হেলিকপ্টাৰ ঘটনাস্থলীত উপস্থিত হৈ আহত পাইলট দুগৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

ইফালে যোৱা ৮ মে'ত ৰাজস্থানৰ হনুমানগড় জিলাত অনুৰূপ ঘটনা সংঘটিত হৈছিল । এটা ঘৰৰ ওপৰত ভাৰতীয় বায়ু সেনাৰ এখন মিগ ২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছিল । ঘটনাটোত তিনিগৰাকী মহিলাৰ মৃত্যু হৈছিল আৰু আন বহুতো লোক আহত হৈছিল ।

লগতে পঢ়ক :Train caught fire at Kannur Railway station: কন্নুৰ ৰে’লৱে ষ্টেচনত ৰে’লত লাগিল জুই

Last Updated : Jun 1, 2023, 5:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.