ETV Bharat / bharat

হিজাব নিষিদ্ধৰ গোচৰৰ শুনানি ৭ ছেপ্টেম্বৰলৈ স্থগিত ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Sep 5, 2022, 9:44 PM IST

কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত দিয়া নিষেধাজ্ঞাৰ ৰায়ৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ে ৭ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে (Supreme Court hearing on hijab) ।

Hijab
Hijab

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত দিয়া নিষেধাজ্ঞাৰ ৰায়ৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি সোমবাৰে উচ্চতম ন্যায়ালয়ে ৭ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে (Supreme Court hearing on hijab) । ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলিয়াক লৈ গঠিত এখন বিচাৰপীঠে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ৭ ছেপ্টেম্বৰলৈ স্থগিত ৰাখে (hearing on hijab in Supreme court on 7th September) ।

উল্লেখ্য উক্ত আবেদনসমূহ আছিল যোৱা ১৫ মাৰ্চত ৰাজ্য চৰকাৰৰ আদেশ বৰ্তাই ৰাখি কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক কৰা প্ৰত্যাহ্বান (petitions challenged to KHC verdict on hijab)। উক্ত ৰায়ত চৰকাৰী মহাবিদ্যালয়সমূহক চৌহদৰ ভিতৰত হিজাব পিন্ধা নিষিদ্ধ কৰাৰ ক্ষমতা প্ৰদান কৰিছে । বিচাৰপীঠখনে কাৰ্যসূচী আৰম্ভ কৰাৰ লগে লগে ন্যায়াধীশ গুপ্তাই জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়েক এটা সম্পূৰ্ণ সংকলন দাখিল কৰিবলৈ আহ্বান জনায় । ইয়াৰ সঁহাৰি দি হেগড়েয়ে কয় যে তেওঁৰ আবেদন প্ৰথমতে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছত দাখিল কৰা হৈছিল আৰু ইয়াৰ এটা সংকলন আছে (government colleges to ban wearing of hijab) ।

হিজাব পিন্ধাৰ অধিকাৰ ৰখাৰ বাবে আপীলকাৰীসকলৰ হৈ ওকালতি কৰা হেগড়েয়ে কয়, "আপুনি এগৰাকী ডাঙৰ হৈ অহা যুৱতীক ক'ব পাৰিবনে যে তেওঁৰ নিজৰ শালীনতাৰ ধাৰণাটোৰ ওপৰত তেওঁৰ নিয়ন্ত্ৰণ নাথাকিব ?"

আনহাতে, হেগড়েৰ যুক্তি শুনাৰ পিছত ন্যায়াধীশ গুপ্তাই জ্যেষ্ঠ অধিবক্তাজনক কয়, "এইটো এটা ধৰ্মীয় প্ৰথা হ'ব পাৰে, কিন্তু প্ৰশ্নটো হ'ল আপুনি হিজাবক এনে এখন বিদ্যালয়লৈ লৈ যাব পাৰিবনে য'ত ইউনিফৰ্ম নিৰ্ধাৰণ কৰা হয় ?" উল্লেখ্য, কৰ্ণাটক চৰকাৰক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজে এনেদৰে কয়, "একমাত্ৰ বিষয়টো হৈছে এটা প্ৰতিষ্ঠানত অনুশাসন আৰু তেওঁলোকে ইয়াক অনুসৰণ কৰিব নিবিচাৰে ।"

হিজাবে কেনেকৈ প্ৰতিষ্ঠানটোৰ অনুশাসন উলংঘা কৰিছে বুলি যেতিয়া বিচাৰপীঠে সোধে (hijab violating discipline of institution), তেতিয়া এএছজিয়ে কয়, "তেওঁলোকে ধৰ্মীয় ৰীতি-নীতি উলংঘা কৰাৰ নামত বিদ্যালয়ৰ ইউনিফৰ্ম বিধি উলংঘা কৰিব নোৱাৰে (violate school uniform code)।"

উল্লেখ্য যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এখন পূৰ্ণ বিচাৰপীঠে বিগত ১৫ মাৰ্চত উদুপীৰ কনিষ্ঠ মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা মুছলমান ছোৱালীসকলে শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অধিকাৰ বিচাৰি দাখিল কৰা আবেদন খাৰিজ কৰিছিল (Udupi college controversy) । উচ্চ ন্যায়ালয়ে কৈছিল যে, হিজাব পিন্ধাটো ইছলামত এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয় আৰু সংবিধানৰ ২৫ নং অনুচ্ছেদৰ (Article 25 of Constitution) অধীনত ধৰ্মৰ স্বাধীনতা (Freedom of Religion) যুক্তিসংগত সীমাবদ্ধতাৰ অধীন ।

লগতে পঢ়ক :শ্বেখ হাচিনাৰ ভাৰত ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.