নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: দেশত কৰ'ণাই পুনৰ ভয়ানক ৰূপ লৈছে । বহু ৰাজনৈতিক নেতাও শেহতীয়াকৈ কৰ'ণাত আক্ৰান্ত হোৱা দেখা গৈছে । এইবাৰ কৰ'ণাত আক্ৰান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামী ।
টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে এই কথা আৰু শেহতীয়া কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিডৰ স্বাস্থ্যবিধি পালন কৰি আইচ'লেচনত থাকিবলৈ আহ্বান জনায় । আনহাতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰো আক্ৰান্ত হৈছে কৰ’ণাত ৷ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক:ক'ভিড সংক্ৰমণৰ মাজতে পশ্চিমবংগত মোডী আৰু শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ