নেশ্যনেল ডেস্ক, 13 মে’ : কৰ্ণাটকত শেষ হাঁহি মাৰিলে কংগ্ৰেছে (Congress won Karnataka Election 2023) ৷ কংগ্ৰেছৰ আজিৰ এই বিজয় উৎসৱ কেৱল কৰ্ণাটকতে নহয়, সমগ্ৰ দেশত এক উৎসৱৰ দৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে ৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ এই বিজয়ৰ পিচত ভাৰতীয় জনতা পাৰ্টীৰ বাবে এক মোক্ষম আঘাত হিচাবে পৰিগণিত হৈছে ৷
কৰ্ণাটকৰ এই নিৰ্বাচন সন্দৰ্ভত শনিবাৰে এআইচিচিৰ সভাপতি এম মল্লিকাৰ্জুন খৰ্গে কয়, ‘‘কংগ্ৰেছ মুক্তি ভাৰত’ বিচৰাসকলে শেষত ‘বিজেপি মুক্তি দক্ষিণ ভাৰত’ৰ সন্মুখীন হ’বলগীয়া হৈছে’’ । তেওঁ আৰু কয়, ‘‘10 মে'ৰ এই নিৰ্বাচন কোনো দলৰ নাছিল ৷ সেয়া জনতাৰ নিৰ্বাচন আছিল আৰু শেষত জনতাৰ জয় হৈছে’’ ৷
লগতে পঢ়ক : Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী
শেহতীয়া তথ্য অনুসৰি, কংগ্ৰেছ দলটোৱে ১৩৬ খন আসন দখল কৰিবলৈ সক্ষম হৈছে (Karnataka Election Result 2023)। আনহাতে, বিজেপি ৬৫ খন আসনত আৰু জনতা দল চেকুলাৰে ১৯ খন আসনত জয়লাভৰ বিপৰীতে অন্যান্যই ৪ খন আসনত বিজয় সাব্যস্ত কৰে । এই ভোটৰ শতাংশ হিচাবে ক’বলৈ গ’লে কংগ্ৰেছে ৪৩ শতাংশ, বিজেপিয়ে ৩৬ শতাংশ আৰু জেডি (এছ)য়ে ১৩.২ শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছী কৰ্মীসকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰাৰ লগতে বিভিন্ন নৃত্য কৰি বিজয় উল্লাস কৰে ৷
আনহাতে, শেহতীয়া খবৰ অনুসৰি, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই ৰাজ্যপাল থাৱাৰ চান্দ গেহলটৰ হাতত প্ৰদান কৰিচে অব্যাহতি পত্ৰ (Karnataka CM Basavaraj Bommai submits resignation to Governor Thaawarchand Gehlot)।
ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন কৰে (Mamata on Karnataka Election Results) । তথ্য অনুসৰি, বিগত ২০১৮ চনত বিজেপিয়ে ১০৪ খন আসন পাইছিল । কংগ্ৰেছ ৮০ আৰু জেডিএছ ৩১ আৰু অন্যান্যই তিনিখন আসন লাভ কৰিছিল ।
এই নিৰ্বাচনত কংগ্ৰেছৰ ঐতিহাসিক বিজয় বুলি প্ৰতিপন্ন হৈছে ৷ বহু কংগ্ৰেছ নেতাই বোমাই চৰকাৰৰ বহু মন্ত্ৰীকো পৰাস্ত কৰিছে । এই বিজয়ৰ অন্যতম তথা প্ৰধান কাৰণটো হৈছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা ।
লগতে পঢ়ক : Mamata on Karnataka Election Results: কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাস্ত হৈছে : মমতা বেনাৰ্জী