ETV Bharat / bharat

Karnataka Poll Manifesto of Congress : কৰ্ণাটকত বিনামূলীয়া বাছ যাত্ৰা, বিদ্যুতৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ - কৰ্ণাটক বিধানসভা নিৰ্বাচন

কংগ্ৰেছে ঘোষণা কৰিছে যে যদি দলটো ক্ষমতালৈ আহে তেন্তে ৰাজ্যখনত প্ৰতিটো পৰিয়ালক 200 ইউনিট বিনামূলীয়া বিদ্যুৎ, পৰিয়ালৰ প্ৰতিগৰাকী মহিলা মুৰব্বীক প্ৰতিমাহে 2,000 টকা, নিবনুৱা স্নাতকসকলক দুবছৰৰ বাবে প্ৰতিমাহে 3,000 টকা আৰু নিবনুৱা ডিপ্ল'মাধাৰীসকলক প্ৰতিমাহে 1,500 টকাকৈ প্ৰদান কৰিব (Congress big promise ahead of Karnataka polls) ।

Karnataka Poll Manifesto of Congress
১০ মে'ত অনুষ্ঠিত হ'বলগা কৰ্ণাটক বিধানসভা নিৰ্বাচন
author img

By

Published : May 2, 2023, 1:21 PM IST

নিউজ ডেস্ক, ২ মে' : ১০ মে'ত অনুষ্ঠিত হ'বলগা কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে কংগ্ৰেছে 'সৰ্ব জনংগদা শান্তিয়া থোটা' (সকলো সম্প্ৰদায়ৰ শান্তিপূৰ্ণ বাগিচা) নামৰ কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে (Sarva Janangada Shanthiya Thota) । নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানটোত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, দলৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰ আৰু অন্যান্য নেতাসকল উপস্থিত থাকে (Congress released Karnataka poll manifesto) ।

নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি দলটোৱে ঘোষণা কৰে যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে প্ৰতিটো পৰিয়ালক 200 ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব (karnataka election 2023) । লগতে পৰিয়ালৰ প্ৰতিগৰাকী মহিলা মুৰব্বীক প্ৰতিমাহে 2,000 টকা, নিবনুৱা স্নাতকসকলক দুবছৰৰ বাবে প্ৰতিমাহে 3,000 টকা আৰু নিবনুৱা ডিপ্ল'মাধাৰীসকলক প্ৰতিমাহে 1,500 টকাকৈ প্ৰদান কৰিব । লগতে নিয়মীয়া কেএছআৰটিচি/বিএমটিচি বাছত সকলো মহিলাক বিনামূলীয়া ভ্ৰমণৰো প্ৰতিশ্ৰুতি দিছে (KSRTC BMTC buses free declared by congress) ।

আনহাতে, দলটোৱে 2006 চনৰ পৰা কৰ্মত যোগদান কৰা পেঞ্চনযোগ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন নীতি (ওপিএছ) প্ৰৱৰ্তনৰ বিষয়েও 'সহানুভূতিৰে' বিবেচনা কৰিব বুলি প্ৰকাশ কৰিছে । ইয়াৰ উপৰি এবছৰৰ ভিতৰত সকলো চৰকাৰী বিভাগত অনুমোদিত খালী পদ পূৰণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ।

"আমি বিশ্বাস কৰো যে আইন আৰু সংবিধান পবিত্ৰ আৰু বজৰং দল, পিএফআই বা আন কোনো ব্যক্তি তথা সংগঠনে ইয়াক উলংঘা কৰিব নোৱাৰে আৰু শত্ৰুতা বা ঘৃণা বিয়পাব নোৱাৰে । সেয়া লাগিলে সংখ্যাগৰিষ্ঠ বা সংখ্যালঘু সম্প্ৰদায়ৰ মাজতে নহওক কিয় । আমি এনে যিকোনো সংগঠনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি আইন অনুসৰি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিম ।" দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৱে কৰ্ণাটকত নিজৰ ইস্তাহাৰত এই কথা উল্লেখ কৰিছে ।

ইয়াৰ উপৰি কংগ্ৰেছে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ ১৫ শতাংশৰ পৰা ১৭ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিও দোহাৰে । অনুসূচিত জনজাতিৰ বাবে তিনি শতাংশৰ পৰা সাত শতাংশলৈ, সংখ্যালঘুৰ সংৰক্ষণ চাৰি শতাংশলৈ পুনৰ বাহাল কৰা আৰু লিংগায়ত, ভককালিগ্গাছ আৰু অন্যান্য সম্প্ৰদায়ৰ বাবে সংৰক্ষণ বৃদ্ধি কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে, কৰ্ণাটকত ভোটদানৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে কংগ্ৰেছে বৰ্তমানৰ শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰ কৰি তুলিছে আৰু চৰকাৰখনক '৪০ শতাংশ' কমিছনৰ চৰকাৰ বুলি কটাক্ষ কৰিছে । আনহাতে, কংগ্ৰেছে দলৰ প্ৰাৰ্থী তালিকাত বহুতো বিজেপিৰ পৰা কংগ্ৰেছলৈ অহা প্ৰাৰ্থীকো অন্তৰ্ভুক্ত কৰিছে । তেওঁলোকৰ ভিতৰত মুখ্য হৈছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰ । কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অহা ১০ মে'ত অনুষ্ঠিত হ'ব আৰু ভোটগণনা অনুষ্ঠিত হ'ব ১৩ মে'ত ।

লগতে পঢ়ক : Karnataka Polls 2023 : কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত আজি মোডীৰ ব্যস্ত কাৰ্যসূচী, ৰাহুল-প্ৰিয়ংকাৰো প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.