ETV Bharat / bharat

কাৰ্গিল বিজয়ৰ দিৱসৰ পূৰ্বে দ্ৰাচ চেক্টৰ পৰিদৰ্শন বিপিন ৰাৱটৰ

সোমবাৰে কাৰ্গিল বিজয় দিৱসৰ 22 তম বাৰ্ষিকীত দ্ৰাচ ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ ইয়াৰ পূৰ্বে দেওবাৰে উক্ত স্থানৰ নিৰাপত্তাজনিত দিশ পৰিদৰ্শন কৰে চীফ অৱ ডিফেন্স বিপিন ৰাৱটে ৷

author img

By

Published : Jul 25, 2021, 10:51 PM IST

kargil-vijay-diwass-eve-cds-visits-areas-along-loc-in-dras-sector-of-kargil
দ্ৰাচ চেক্টৰ পৰিদৰ্শন চীফ অৱ ডিফেন্স বিপিন ৰাৱাটৰ

নেশ্যনেল ডেস্ক, 25 জুলাই : কাৰ্গিল দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে কাৰ্গিল জিলাৰ দ্ৰাচ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ অঞ্চলসমূহ পৰিদৰ্শন কৰে প্ৰতিৰক্ষা বিভাগৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱটে ৷ লগতে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ অঞ্চলসমূহত বৰ্তমান সময়ত বাহাল থকা নিৰাপত্তাৰ দিশটো আৰু কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে সেনা প্ৰধানগৰাকীয়ে ৷ এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে এই কথা ৷

কাৰ্গিল বিজয় দিৱস উপলক্ষে উক্ত স্থানত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ উল্লেখ্য যে, সোমবাৰে কাৰ্গিল বিজয় দিৱসৰ 22 তম বাৰ্ষিকীত দ্ৰাচ ভ্ৰমণ কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷ লগতে কাৰ্গিল সংঘৰ্ষৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে প্ৰদৰ্শন কৰা অদম্য সাহস আৰু ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে ৷

ইয়াৰ পূৰ্বে 2019 চনত ৰাষ্ট্ৰপতিগৰাকীক প্ৰতিকুল বতৰে কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰিবলৈ দ্ৰাচ ভ্ৰমণ কৰাত বাধা দিছিল ৷ যাৰ বাবে তাৰ পৰিৱৰ্তে শ্ৰীনগৰৰ বাদামীবাগস্থিত সেনাৰ 15 কৰ্পৰ মুখ্য কাৰ্যালয়ৰ এক যুদ্ধস্মাৰকত পুষ্পস্তৱক অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ৰাষ্ট্ৰপতি কোবিন্দে ৷ ভাৰতীয় সেনাই টুইটাৰযোগে উল্লেখ কৰে যে, দেওবাৰে চীফ অৱ ডিফেন্স বিপিন ৰাৱটে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ দ্ৰাচ খণ্ড পৰিদৰ্শন কৰি নিৰাপত্তা, পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ৷

সেনাপ্ৰধান গৰাকীয়ে উক্ত স্থানত নিয়োজিত সৈন্যসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকক উচ্চ প্ৰশংসা কৰে ৷ লগতে তেওঁলোকক কেৱল দৃঢ় আৰু দৃঢ় হৈ থাকিবলৈ অনুৰোধ জনাই সেনাপ্ৰধান গৰাকীয়ে ৷

লগতে পঢ়কঃ পেগাচাছ স্নুপিং অভিযোগ ভিত্তিহীন : জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.