ETV Bharat / bharat

Justice Ujjal Bhuyan: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ

author img

By

Published : Jul 14, 2023, 11:25 AM IST

Updated : Jul 14, 2023, 11:37 AM IST

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ন্যায়াধীশ উজ্জ্বল ভূঞাক শপত গ্ৰহণ কৰোৱায় ৷

Justices Ujjal Bhuyan sworn in as SC Judges
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উজ্জ্বল ভূঞাৰ

নিউজ ডেস্ক, 14 জুলাই : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অসম সন্তান উজ্জ্বল ভূঞাৰ ৷ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটানাৰায়ণভাট্টিয়ে ৷ ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ন্যায়াধীশ উজ্জ্বল ভূঞাক শপত গ্ৰহণ কৰোৱায় ৷ 12 জুলাইত দুয়ো ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷

আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে টুইটযোগে কয়- "ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি মাননীয় ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উচ্চ ন্যায়ালয়ৰ 2 গৰাকী মুখ্য ন্যায়াধীশ- তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ ভেংকটানাৰায়ণ ভাট্টিক নিযুক্তি দি আনন্দিত হৈছে" ৷

উল্লেখ্য যে, অসম সন্তান তথা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিয়ে ৷ জ্যেষ্ঠতাৰ ভিত্তিত ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে ৷

ন্যায়াধীশ উজ্জ্বল ভূঞা তেলেংগানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ মূল উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় ৷ ন্যায়াধীশ উজ্জ্বল ভূঞাক 2011 চনৰ 17 অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তেওঁ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ আৰু বৰ্তমান 2022 চনৰ 28 জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

ইফালে ন্যায়াধীশ এছ ভেংকটনাৰায়ণ ভাট্টি বৰ্তমান কেৰালাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু তেওঁৰ মূল উচ্চ ন্যায়ালয় হৈছে অন্ধ্ৰ প্ৰদেশ ৷ ন্যায়াধীশ ভাট্টিক 2013 চনৰ 12 এপ্ৰিলত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক : PM Modi France Visit : প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ সৰ্বোচ্চ বঁটা 'গ্ৰেণ্ড ক্ৰছ অফ দ্য লিজিয়ন অফ অনাৰ' প্ৰদান

Last Updated : Jul 14, 2023, 11:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.