ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

author img

By

Published : Apr 24, 2021, 1:06 PM IST

Updated : Apr 24, 2021, 1:22 PM IST

শনিবাৰে পুৱা 11 বজাত ভাৰতৰ 48 তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তত্বাৱধানত জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে শপত গ্ৰহণ কৰে ৷ 26 আগষ্ট 2022 বৰ্ষত ন্যায়াধীশ ভেংকটৰমণে অৱসৰ গ্ৰহণ কৰিব ৷

ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ হিচাপে গ্ৰহণ কৰে শপত ন্যায়াধীশ ভেংকট ৰমনে

নেশ্যনেল ডেস্ক,24 এপ্ৰিল:শনিবাৰে পুৱা 11 বজাত ভাৰতৰ 48 তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ তত্বাৱধানত জ্যেষ্ঠ ন্যায়াধীশ নথালপতি ভেংকটৰমণে শপত গ্ৰহণ কৰে ৷ 26 আগষ্ট 2022 বৰ্ষত ন্যায়াধীশ ভেংকটৰমণে অৱসৰ গ্ৰহণ কৰিব ৷ প্ৰায় 16 মাহৰ বাবে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছে ভেংকটৰমণ ৷

এনভি ৰমনৰ জন্ম হৈছিল 1957 চনৰ 27 আগষ্টত অন্ধ্ৰ প্ৰদেশৰ পোন্নবৰম নামৰ এখন গাঁৱৰ এটা কৃষক পৰিয়ালত ৷ তেওঁ বিজ্ঞান আৰু আইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ পৰিয়ালটোৰ ভিতৰত তেওঁ আছিল প্ৰথম গৰাকী অধিবক্তা ৷ যাৰ বাবে তেওঁ সকলোৰে আদৰৰ আছিল ৷

আনহাতে, অসামৰিক আৰু অপৰাধীৰ গোচৰৰ পক্ষতো আছে তেওঁৰ দখল ৷ লগতে তেওঁ সংবিধান, শ্ৰম, সেৱা, আন্তঃৰাজ্যিক নদী বিবাদ আৰু নিৰ্বাচন সম্পৰ্কীয় বিষয়বোৰতো আছে দখল ৷ ৰমণক 2000 চনৰ 27 জুনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল ৷ 2013 চনৰ 10 মাৰ্চৰ পৰা 20 মে’লৈকে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

পৰৱৰ্তী পৰ্যায়ত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰিছিল ৷ ৰমণে বেংগালুৰুৰ নেচনেল ল স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰিষদৰ সদস্য আছিল । ন্যায়াধীশ ৰমণে অন্ধ্ৰ প্ৰদেশৰ ন্যায়িক একাডেমীৰ সভাপতি হৈ থাকোতে ভাৰতীয় আইন ব্যৱস্থা প্ৰচাৰৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল ৷ লগতে অপৰাধ, ন্যায়, প্ৰশাসনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আঞ্চলিক ন্যায়িক সন্মিলন আৰম্ভ কৰিছিল ন্যায়াধীশ নথালপতি ভেংকটৰমণে । ন্যায়াধীশ বাৰ্মা আয়োগে মহিলাৰ ওপৰত হোৱা যৌন আক্ৰমণৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰিবলৈ ভেংকটৰমণে প্ৰদান কৰা পৰামৰ্শৰ ভিত্তিত কিছু পৰিমাণে ফৌজদাৰী প্ৰক্ৰিয়াৰ বিধি সংশোধন কৰা হৈছিল ।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে ৰাজহুৱা অধিবক্তাৰ খালী পদসমূহ পূৰণ কৰাৰ বাবে ৰাজ্যক নিৰ্দেশনা প্ৰদান কৰিছিল ৷ যাৰ ফলত অপৰাধমূলক বিচাৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু ফলত অপৰাধী ন্যায় প্ৰশাসনৰ গতিও সলনি হৈছিল ।

লগতে পঢ়ক: সংকটকালত ভাৰতীয় বায়ু সেনাৰ যুগান্তকাৰী পদক্ষেপ

Last Updated : Apr 24, 2021, 1:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.