ETV Bharat / bharat

JK DG Prisons murder : মুখ্য অভিযুক্ত য়াছিৰ আহমেদক আটক

author img

By

Published : Oct 4, 2022, 1:43 PM IST

জম্মু-কাশ্মীৰ আৰক্ষীয়ে মঙলবাৰে কয় যে জম্মু-কাশ্মীৰৰ কাৰাগাৰৰ সঞ্চালক প্ৰধান হেমন্ত কুমাৰ লোহিয়াৰ হত্যাৰ প্ৰাৰম্ভিক তদন্তত উগ্ৰবাদৰ দিশটো অস্বীকাৰ কৰা হৈছে । ইয়াৰ বিপৰীতে এই হত্যাকাণ্ডৰ মূল অভিযুক্তজনক তেওঁৰ ঘৰুৱা সহায়ক বুলি চিনাক্ত কৰিছে (murder of Director General of Prisons JK)।

JK DG murder
JK DG murder

নেচনেল ডেস্ক, ৪ অক্টোবৰ : জম্মু-কাশ্মীৰ আৰক্ষীয়ে মঙলবাৰে জম্মুৰ উদয়ৱালা অঞ্চলৰ এটা ঘৰত সন্দেহজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হোৱা কাৰাগাৰৰ সঞ্চালক প্ৰধান এইচ কে লোহিয়াৰ হত্যাৰ মুখ্য অভিযুক্ত য়াছিৰ আহমেদক আটক কৰে (HK Lohia murder main accused apprehended) ।

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে মঙলবাৰে কয় যে জম্মু-কাশ্মীৰৰ কাৰাগাৰ সঞ্চালক প্ৰধান হেমন্ত কুমাৰ লোহিয়াৰ হত্যাৰ (JK DG prisions Hemant Kumar Lohia killed) প্ৰাৰম্ভিক তদন্তত উগ্ৰবাদৰ দিশটো অস্বীকাৰ কৰা হৈছে । ইয়াৰ বিপৰীতে এই হত্যাকাণ্ডৰ মূল অভিযুক্তজনক তেওঁৰ ঘৰুৱা সহায়ক বুলি চিনাক্ত কৰিছে (main accused of JK DG murder domestic help) । উল্লেখ্য, চৰকাৰী সূত্ৰ মতে, জ্যেষ্ঠ আইপিএছ বিষয়াজনৰ মৃতদেহ সোমবাৰে নিশা জম্মু চহৰৰ তেওঁৰ বাসগৃহত পোৱা উদ্ধাৰ হয় ।

জম্মুৰ এডিজিপি মুকেশ সিঙে (ADGP Jammu Mukesh Singh) এক বিবৃতিত কয় যে মূল অভিযুক্তজনক তেওঁৰ ঘৰুৱা সহায়ক য়াছিৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে । তেওঁ ৰামবানৰ বাসিন্দা । জম্মু বিভাগৰ শীৰ্ষ আৰক্ষীয়ে বিবৃতিটোত কয়, "ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা চিচি টিভি ফুটেজত সন্দেহযুক্ত অভিযুক্তজনে অপৰাধ সংঘটিত কৰাৰ পিছত পলাই যোৱা দেখা গৈছে ।"

"তেওঁ প্ৰায় ছয় মাহ ধৰি এই ঘৰটোত কাম কৰি আছিল । প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে তেওঁ আচৰণত যথেষ্ট আক্ৰমণাত্মক আছিল আৰু সূত্ৰ অনুসৰি গভীৰ হতাশাতো ভুগি আছিল ।" এইদৰে উল্লেখ কৰি এডিজিপিয়ে লগতে কয়, "প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি এতিয়ালৈকে কোনো উগ্ৰপন্থী কাৰ্য স্পষ্ট হোৱা নাই । কিন্তু পুংখানুপুংখ তদন্ত চলি আছে ।"

ইয়াৰ উপৰি তেওঁ কয় যে উক্ত অপৰাধ সংঘটিত কৰা অস্ত্ৰ ইতিমধ্যে জব্দ কৰা হৈছে । লগতে কিছুমান তথ্য-প্ৰমাণো লাভ কৰা গৈছে যিবোৰে তেওঁৰ মানসিক অৱস্থা প্ৰতিফলিত কৰে । উল্লেখ্য, ইতিমধ্যে আৰক্ষীয়ে সন্দেহযুক্ত অভিযুক্তজনৰ আলোকচিত্ৰও প্ৰচাৰ কৰিছিল আৰু অভিযুক্তজনক বিচাৰি উলিয়াবলৈ ৰাজহুৱা সহায় বিচাৰিছিল । আৰক্ষীৰ বিবৃতিত কোৱা হৈছিল, "অভিযুক্তৰ বিষয়ে যিকোনো তথ্য লাভ কৰা যিকোনো ব্যক্তিয়ে যেন তথ্যবোৰ আৰক্ষীক জনায় ।"

ইতিমধ্যে জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে (Hemant lohia murder in jammu kashmir)। সিঙে জনোৱা অনুসৰি, ৫৭ বছৰীয়া লোহিয়াক হত্যাৰ পিছত মৃতদেহটো জ্বলাই দিবলৈ চেষ্টা কৰিছিল হত্যাকাৰীয়ে (JK DG Jail Hemant Lohia kill)। উল্লেখ্য যে চলিত বৰ্ষৰ আগষ্টত লোহিয়াক পদোন্নতিৰ সৈতে কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ কাৰাগাৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছিল ।

আনহাতে, জম্মু অঞ্চলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জনোৱা অনুসৰি, মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ উদয়ৱালাস্থিত বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ কৰা ১৯৯২ বেটচৰ আই পি এছ বিষয়া লোহিয়াৰ (৫২) ডিঙিত আঘাতৰ চিন পোৱাৰ লগতে তেখেতৰ শৰীৰতো জ্বলাৰ দাগ পোৱা গৈছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ)ক হত্যা, সন্ত্ৰাসবাদী সংগঠন TRF ৰ হত্যাৰ দায়িত্ব স্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.