ETV Bharat / bharat

ED latest news: কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ জেডিইউৰ ৰাধাচৰণ শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:10 PM IST

আয় আৰু সম্পত্তিৰ অসামঞ্জ্যতা আৰু কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জেডিইউৰ বিধান পৰিষদৰ সদস্য ৰাধাচৰণ শ্বাহক । বৃহস্পতিবাৰে দলটোৰ সাংসদ-বিধায়ক আদালতত হাজিৰ হোৱাৰ কথা ।

ED latest news
আয় আৰু কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ জেডিইউৰ ৰাধাচৰণ শ্বাহ

নেশ্যনেল ডেস্ক, 14 ছেপ্টেম্বৰ: বিহাৰৰ শাসকীয় দল জেডিইউৰ বিধান পৰিষদৰ সদস্য ৰাধাচৰণ শ্বাহক বুধবাৰে গ্ৰেপ্তাৰ কৰে ইডিয়ে । জানিব পৰা মতে, বৃহস্পতিবাৰে দলটোৰ সাংসদ-বিধায়ক আদালতত হাজিৰ হোৱাৰ কথা । জেডিইউৰ এমএলচি গ্ৰেপ্তাৰ হোৱাৰ পিছতে বিহাৰ-ঝাৰখণ্ডৰ বহু লোকৰ কাৰ্যকলাপৰ উন্মোচন হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ইডিয়ে গ্ৰেপ্তাৰ কৰা অষ্টম উত্তীৰ্ণ ব্যক্তিজনে সাধাৰণ জেলেপী ব্যৱসায়ৰ পৰা কোটি কোটি টকাৰ ধন-সম্পত্তি অৰ্জন কৰিলে । ইয়াৰ তদন্তৰ বাবে ইডি আৰু আইটিয়ে যোৱা সাত মাহত কেইবাবাৰো ব্যৱস্থা গ্ৰহণ কৰিছিল ।

জে ডি ইউৰ বিধান পৰিষদৰ সদস্যগৰাকীৰ শিক্ষাগত অৰ্হতা মাত্ৰ অষ্টম পাছ বুলি তেওঁ শপতনামাত দাখিল কৰিছে । ইমান কম শিক্ষাগত অৰ্হতা হোৱাৰ পিছতো ব্যক্তিজনে আজি কোটি কোটি টকা আত্মসাৎ কৰিলে সেয়াৰ তদন্তৰ বাবেই ইডিয়ে জিম্মাত লৈছে শ্বাহক । তেওঁৰ সম্পত্তিৰ উৎস জানিবলৈ ইডি আৰু আইটি সংস্থাই যোৱা এবছৰত কেবাবাৰো বিধান পৰিষদৰ কেবাস্থানতো অভিযান চলায় আৰু ইয়াৰ অন্তত বুধবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

আই টি আৰু ই ডিৰ লোকে যেতিয়া জে ডি ইউ এম এল চিৰ আয়ৰ উৎসৰ তদন্ত আৰম্ভ কৰিলে, তেতিয়া পোহৰলৈ আহিল এক চাঞ্চল্যকৰ তথ্য । জানিব পৰা মতে, 80 ৰ দশকত এসময়ত আৰাহ ষ্টেচনৰ বাহিৰত জেলেপী বিক্ৰী কৰা ৰাধা চৰণ শ্বাহে আজি কেৱল বিধান পৰিষদৰ সদস্য হোৱাই নহয়, কোটি কোটি মূল্যৰ বেনামী সম্পত্তিও অধিগ্ৰহণ কৰিছে । কৰ ফাঁকিৰ লগতে কোটি কোটি টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে বিধান পৰিষদৰ সদস্যগৰাকীৰ বিৰুদ্ধে ।

জেডিইউৰ ৰাজ্যিক সভাপতি উমেশ কুশৱাহাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় কয়, "এয়া নতুন কথা নহয় । যদি কোনো নেতাই বিজেপিৰ কথা কয় বা বিৰোধিতা কৰে, তেন্তে কেন্দ্ৰই তেওঁৰ বিৰুদ্ধে ইডি বা চিবিআই প্ৰেৰণ কৰে । আমি ইয়াৰ বাবে ভয় কৰা নাই ।"

বালি মাফিয়াৰ সহযোগত কোটি কোটি টকা আদায় কৰাৰ অভিযোগ ৰাধা চৰণ শ্বাহৰ বিৰুদ্ধে । প্ৰাপ্ত খবৰ অনুসৰি শ্বাহ বালি চিণ্ডিকেটৰ সৈতেও জড়িত । আনকি, বালি ব্যৱসায়ৰ জৰিয়তে শ্বাহ ডাঙৰ ডাঙৰ ৰিজ’ৰ্ট আৰু হোটেলৰ মালিক হৈ পৰা বুলিও অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, ৰাধাচৰণ শ্বাহ বূৰ্বে আৰজেডিৰ এমএলচি আছিল । 2015 চনত প্ৰথমবাৰৰ বাবে আৰজেডি কোটাৰ পৰা এমএলচি হৈছিল । তেওঁ লালু যাদৱৰ অতি ঘনিষ্ঠ বুলি সেই সময়ত চৰ্চা চলিছিল । শ্বাহে এন ডি এ এম এল চিৰ প্ৰাৰ্থী হুলাছ পাণ্ডেক পৰাস্ত কৰিছিল । কিন্তু 2020 চনত আৰজেডিৰ 8 গৰাকী এমএলচিৰ ভিতৰত 5 গৰাকীয়ে বিচ্ছিন্ন হৈ জেডিইউত যোগদান কৰে । ইয়াৰ লগত আছিল ৰাধা চৰন শ্বাহো ।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আয়কৰ বিভাগে ৰাধা চৰণৰ 22 টাতকৈও অধিক স্থানত অভিযান চলাইছিল । বিহটা আৰক্ষী থানাতো এজাহাৰ দাখিল কৰা হয় । ইয়াৰ পিছত 6 জুনত ইডিয়ে একেলগে পাটনা, ধনবাদ, কলকাতা, হাজৰিবাগৰ 27 টা স্থানত অভিযান চলায় । এই অভিযানৰ সময়ত 1.5 কোটি টকাৰ নগদ ধনৰ লগতে 11 কোটি টকাৰ সম্পত্তিৰ কাগজ উদ্ধাৰ কৰা হয় । ইয়াৰ পূৰ্বে এই কাৰ্যৰ সময়ত ৰাধা চৰণ শ্বাহৰ পৰা 1 কোটিতকৈ অধিক নগদ ধন আৰু 11 কোটি টকাৰ সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক: Bengal school jobs scam: ইডিৰ কলকাতা কাৰ্যালয়ত উপস্থিত হ’ব টিএমচি সাংসদ অভিষেক বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.