নিউজ ডেস্ক, 11 আগষ্ট : অৱতাৰ ছবিত পাণ্ডোৰা গ্ৰহৰ আকাশত ওলমি থকা পৰ্বতসমূহ প্ৰকৃততে আছে ৷ এইয়া অকল্পনীয় হ’লেও সত্য ৷ চীনৰ ঝাংজিয়াজীৰ তিয়ানজী পৰ্বতমালাক পাণ্ডোৰা গ্ৰহৰ শূন্যত ওলমি থকা পৰ্বতসমূহৰ লগত তুলনা কৰিব পাৰি ৷ চীনৰ য়ুনান প্ৰদেশৰ ঝাংজিয়াজী অঞ্চলত অৱস্থিত তিয়ানজী পৰ্বতমালা । চতুৰ্দশ শতিকাত চীনা তুজিয়া জনজাতীয় নেতা জিয়াং ডাকুনৰ নামেৰে এই পৰ্বতমালাক তিয়ানজী বুলি কোৱা হয় ৷ তিয়ানজীৰ অৰ্থ হৈছে স্বৰ্গৰ পুত্ৰ ৷
অদ্ভূত গাঁথনিৰ বাবে তিয়ানজীক পাহাৰৰ পৰিৱৰ্তে স্তম্ভ বুলিহে কোৱা হয় ৷ এই পৰ্বতসমূহ মূলতঃ কোৱাৰ্টজ শিলমাটিৰে(Quartz Sandstone)ৰে নিৰ্মিত ৷ গোটেই অঞ্চলটোত অগণন উচ্চ পাহাৰ আছে । ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১২৬২.৫ মিটাৰ । ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে বতৰৰ সঘন পৰিবৰ্তন । কেতিয়াবা আকাশখন অতি পৰিষ্কাৰ হৈ পৰে আকৌ কেতিয়াবা গোটেই অঞ্চলটো ডাৱৰে ভৰি পৰে । যদি কোনোবাই এই পৰ্বতমালাক এই উচ্চতাৰ পৰা চায়, তেন্তে তেওঁ এখন ভৌতিক কল্পনিক চিনেমাৰ দৃশ্য দেখা যেন অনুভৱ কৰিব পাৰিব ৷ যেন ডাৱৰৰ মাজত অগণন শৃংগহে ৷
চীনৰ আশ্চৰ্যকৰ এই পৰ্বতমালা প্ৰত্যক্ষ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা বছৰি 30 নিযুত পৰ্যটকৰ আগমন হয় । বিশেষকৈ অৱতাৰ ছবিৰ মুক্তিৰ পাছত তিয়নজী পৰ্বতৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছিল ।
লগতে পঢ়ক : জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো