ETV Bharat / bharat

জনা-নজনা: উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

author img

By

Published : Oct 4, 2021, 9:25 AM IST

নায়েগ্ৰা জলপ্ৰপাতৰ বিষয়ে আমি সকলোৱে জানো ৷ পৃথিৱীৰ সৰ্ববৃহৎ জলপ্ৰপাতটোৰ বিষয়ে নুশুনা অথবা নজনা লোকক বিচাৰি পোৱাটো কঠিন । নায়েগ্ৰা জলপ্ৰপাত সকলো প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ বাবে এক ৰোমাঞ্চকৰ ঠাই । এই জলপ্ৰপাত ভ্ৰমণৰ বাবে যোৱাটো সকলোৰে বাবে সপোন ৷ কিন্তু দূৰত্ব অথবা অৰ্থৰ অভাৱত হয়তো সকলোৰে বাবে নায়েগ্ৰা ভ্ৰমণৰ বাবে যোৱাটো সম্ভৱ নহয় ৷ কিন্তু আপুনি জানেনে, আপোনাৰ নিচেই সমীপতে থকা তথা অসমৰ নায়েগ্ৰা হিচাপে জনাজাত জলপ্ৰপাতটোৰ বিষয়ে ৷

Niagara of North East
উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ : অসমৰ নৈসৰ্গিক পৰিৱেশে সদায় পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে ৷ অসমত এনে বহু ক্ষেত্ৰ আছে যিবোৰ স্থানৰ তুলনা বিদেশৰ লগত কৰা হয় ৷ উদাহৰণ হিচাপে অসমৰ শুৱালকুছিক অসমৰ মানচেষ্টাৰ, হাফলঙক অসমৰ ছুইজাৰলেণ্ড, শ্বিলঙক নৰ্থ ইষ্টৰ স্কটলেণ্ড বুলি কোৱা হয় ৷ কাৰণ এই স্থানকেইখনৰ সকলোৰে সপোনৰ সেই দেশকেইখনৰ লগত তুলনা কৰিব পাৰি ৷ একেদৰে বিশ্বৰ অন্যতম বিস্ময়কৰ নায়েগ্ৰা জলপ্ৰপাতৰ নামেৰে অসমৰ এটা জলপ্ৰপাতৰ বিষয়ে উল্লেখ কৰা হয় ৷ আপুনি জানেনে ক’ত আছে এই জলপ্ৰপাতটো আৰু কিয় ইয়াক নায়েগ্ৰা জলপ্ৰপাতৰ নামেৰে জনা যায় ৷

মানৱ সমাজৰ এটা বিশেষ বৈশিষ্ট হৈছে, আমাৰ ওচৰতে থকা এটা সম্পদতকৈ দূৰত অথবা পাবলৈ তথা চাবলৈ সক্ষম নোহোৱাটোলৈহে আমাৰ আকৰ্ষণ অধিক হয় ৷ তদুপৰি বিদেশত থকা যিকোনো নেদেখা সম্পদ তথা বস্তু চাবলৈ, নজনা কথা জানিবলৈ আমি সদায় ইচ্ছুক ৷ লাগিলে তাতকৈও অধিক আকৰ্ষণীয় সম্পদ আমাৰ ওচৰতে নাথাকক কিয় ৷ সেয়ে বৰ্তমান ইন্টাৰনেটৰ যুগত আমি কেইবা হাজাৰ দূৰত্বত অৱস্থিত জনা-নজনা কথা জানিবলৈ ব্যস্ত থাকো ৷ কিন্তু আমাৰ কাষতে থকা অমূল্য সম্পদৰ বিষয়ে আমি অৱগত নহয় ৷ যাৰ বাবে অধিকাংশ লোকে অসমৰ নায়েগ্ৰা জলপ্ৰপাতৰ বিষয়ে অজ্ঞ ৷

Niagara of North East
উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

যি নহওক, অসমৰ নায়াগ্ৰা জলপ্ৰপাতটো ডিমা হাচাও জিলাত অৱস্থিত ৷ এই জলপ্ৰপাতটোক পানীমূৰ জলপ্ৰপাত বুলি জনা যায় ৷ পানীমূৰ জলপ্ৰপাত ডিমা হাচাও জিলাৰ উমৰাংছুত অৱস্থিত ৷ পানীমূৰ জলপ্ৰপাত অসমৰ এক উল্লেখযোগ্য পৰ্যটনস্থলীও । এসময়ত আন্তৰ্জাতিক পৰ্যায়ৰ অসমৰ পাঁচটা পৰ্যটনস্থলীত কাজিৰঙাৰ পাছত দ্বিতীয় স্থানত আছিল পানীমূৰ । মূৰ শব্দৰ অৰ্থ হৈছে প্ৰচণ্ড শব্দ । পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড শব্দৰে বৈ অহা জলপ্ৰপাতটোৰ পানী আৰু চৌপাশৰ মনোৰম দৃশ্যৰ বাবেই বৰ্তমানৰ ডিমা হাচাও জিলাৰ উমৰাংছু অঞ্চলৰ এই পানীমূৰলৈ বছৰি হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটিছিল ।

Niagara of North East
উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

লগতে পঢ়ক : স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰা অসমৰ এখন গাঁও

পানীমূৰ কেৱল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নহয়, ই হ’ল সমগ্ৰ জিলাখনৰ কল্পনাদিত প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যপূৰ্ণ এক অদ্বিতীয় ভঁৰাল । ইয়াৰ নীল বৰণীয়া আৰু স্বচ্চ জলৰাশি এই জলপ্ৰপাতৰ অন্যতম বৈশিষ্ট ৷ ডিচেম্বৰ মাহত এই স্থানত বনভোজ খাবলৈ বহু লোকৰ আগমণ হয় ৷ দেশী-বিদেশী পৰ্যটকো কিছু পৰিমাণে এই স্থানলৈ আগমণ হয় ৷ কিন্তু এতিয়াও এই স্থান তথা জলপ্ৰপাতৰ বিষয়ে পৰ্যটন বিভাগ তথা চৰকাৰে পৰ্যাপ্ত পৰিমাণে প্ৰচাৰ নকৰাত অতি কম সংখ্যক লোকৰহে এই স্থানলৈ আগমণ হয় ৷

Niagara of North East
উত্তৰ পূবৰ নায়েগ্ৰা পানীমূৰ

তদুপৰি পৰ্যটকৰ আকৰ্ষণৰ থলী পানীমূৰ এটা সময়ত হৈ পৰিছিল উগ্ৰপন্থীৰ নিৰাপদ ঘাটি । যাৰ বাবে লাহে লাহে পানীমূৰলৈ পৰ্যটক তথা কাষৰীয়া লোকৰ আগমণ দুৰ্বিসহ হৈ পৰিছিল আৰু পৰ্যটকৰ আগমণ হ্ৰাস পাবলৈ ধৰে ৷ সম্প্ৰতি পানীমূৰৰ পৰিস্থিতি শান্ত হৈছে যদিও এতিয়াও ইয়ালৈ পৰ্যটকৰ আগমণ বহু কম ৷

2016 চনত ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত ৰাজ্যৰ পৰ্যটন উদ্যোগটো সম্প্ৰসাৰণৰ বাবে কথা ঘোষণা কৰিছিল ৷ বলিউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক বেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছিল ৷ দেশ-বিদেশত অসমৰ পৰ্যটন ক্ষেত্ৰখনক প্ৰচাৰৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা ব্যক্ত কৰিছিল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, বিজেপি চৰকাৰে দ্বিতীয়তো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিলে যদিও পৰ্যটন ক্ষেত্ৰখনৰ অমূল পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিৰ মাজতেই থাকিল ৷ যাৰবাবে আজিও অৱহেলিত হৈ থাকিল উত্তৰ পূবৰ নায়েগ্ৰ পানীমূৰ জলপ্ৰপাত ৷

লগতে পঢ়ক : জাতিংগাত পক্ষীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.