ETV Bharat / bharat

জনা-নজনা: বিবাহৰ তিনিদিনলৈ নৱ-দম্পতী যাব নোৱাৰে শৌচাগাৰলৈ - বৈবাহিক সম্পৰ্ক

সমাজ এনে কিছুমান পৰম্পৰাও আছে যাৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ আপুনি জানি আচৰিত হ’ব যে, পৃথিৱীত এনে এখন দেশ আছে য’ত বিবাহৰ পিছত তিনিদিন নৱ দম্পতী শৌচালয়লৈ যাব নোৱাৰে ।

couples not allowed to use toilet for 3 days
বিবাহৰ তিনিদিনলৈ নৱ-দম্পতি যাব নোৱাৰে শৌচাগাৰলৈ
author img

By

Published : Sep 8, 2021, 5:52 PM IST

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ : একবিংশ শতিকাতো ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব পৰা নাই জীৱশ্ৰেষ্ঠ মানৱ ৷ ধৰ্মান্ধতাৰ নামত অন্ধবিশ্বাসৰ নামত যদি কোনোবাদিনা কোনোজন নৰপিশাচৰ পৰ্যায়লৈ অৱনৰ্মিত হৈছে, আন কোনোবাজনৰ কাণ্ডই আকৌ হাঁহিৰহে খোৰাক যোগাইছে ৷ কিছুমান এনে উদ্ভট পৰম্পৰা আছে যাৰ কথা শুনিলে আপুনি থৰ-কাচুতিও হেৰুৱাব পাৰে ৷

Newly married Indonesian couples not allowed to use toilet for 3 days
জনা-নজনা: বিবাহৰ তিনিদিনলৈ নৱ-দম্পতি যাব নোৱাৰে শৌচাগাৰলৈ

বিবাহ হৈছে এক সামাজিক বন্ধন যাৰ জৰিয়তে দুয়োজন লোকৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন কৰা হয় । সমাজত বিভিন্ন সম্প্ৰদায়ৰ লোক আছে আৰু সকলোৱে বেলেগ বেলেগ নীতি-নিয়মৰ মাজেৰে বিবাহ অনুষ্ঠান উদযাপন কৰে । ইয়াৰে কিছুমান এনে পৰম্পৰা প্ৰচলিত হৈ আহিছে যি পৰম্পৰাৰ কথা শুনিলে আপুনিও আচৰিত হ’ব ৷

ইণ্ডোনেছিয়াৰ পৰম্পৰাগত ৰীতি-নীতিত অনুসৰি নৱ বিবাহিত দম্পতীক বিবাহৰ পিছত তিনিদিন শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ দিয়া নহয় । এই ৰীতি অনুসৰি নৱ বিবাহিত দম্পতীক সম্পূৰ্ণ তিনিদিন আৰু ৰাতি এটা কোঠাৰ ভিতৰত বন্দী কৰি ৰখা হয়, যাতে তেওঁলোকে শৌচাগাৰ ব্যৱহাৰ কৰিব নোৱাৰে ।

ইয়াৰ বাবে বিবাহৰ পাচত দম্পতীক তিনিদিন খুব কম পানী আৰু খাদ্য সামগ্ৰী দিয়া হয় । দম্পতীৰ ওপৰত এটা নিৰন্তৰ নজৰ ৰখা হয় যাতে তেওঁলোকে এই পৰম্পৰা ভংগ নকৰে ।

ইণ্ডোনেচিয়াৰ টিদংগ নামৰ সমুদায়টোৱে পালন কৰে এই নিয়ম । কোনোৱে এই নিয়ম ভংগ কৰিলে অশুভ বুলি ধৰা হয় । তদুপৰি নিয়ম ভংগ কৰিলে বিয়া ভাগিব পাৰে বা আন সমস্যা হ’ব পাৰে বুলিও তেওঁলোকে বিশ্বাস কৰে ।

ইণ্ডোনেচিয়ানসকলে বিশ্বাস কৰে যে এই সফল গৃহবন্দীত্ব দম্পতীৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলে আৰু তেওঁলোকে এক সু- স্বাস্থ্যৱান সন্তান জন্ম দিব বুলি বিশ্বাস কৰা হয় ।

লগতে পঢ়ক : জনা-নজনা : লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.