ETV Bharat / bharat

জনা-নজনা : লোক আদালত আৰু ইতিবৃত্ত

author img

By

Published : Sep 12, 2021, 4:46 PM IST

লোক আদালতৰ বিষয়ে সম্প্ৰতি সকলো জ্ঞান ৷ লোক আদালতে এতিয়া দেশজুৰি বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় শ শ গোচৰ বৰ্তমান লোক আদালতৰ জৰিয়তে মীমাংসা কৰা হয় ৷ কিন্তু লোক আদালত প্ৰকৃততে কি হয় আৰু কোনে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল তথা কিহৰ বাবে লোক আদালত প্ৰক্ৰিয়াক ভাৰতীয় সংবিধানে স্বীকৃতি দিলে জানেনে ?

Lok Adalat and History
লোক আদালত আৰু ইতিবৃত্তি

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : লোক আদালত হৈছে এক বৈকল্পিক বিবাদ নিষ্পত্তি প্ৰণালী ৷ ই হৈছে এক মঞ্চ য'ত ন্যায়ালয়ত বা প্ৰাক-মোকৰ্দমা পৰ্যায়ত বিচাৰাধীন বিবাদ/গোচৰসমূহ সৌহাৰ্দপূৰ্ণভাৱে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হয় । লোক আদালতক আইন সেৱা প্ৰাধিকাৰী আইন, 1987 ৰ অধীনত আইনী মৰ্যাদা দিয়া হৈছে ।

Lok Adalat and History
লোক আদালত

লোক আদালত প্ৰথমবাৰৰ বাবে ১৯৮২ চনৰ মাৰ্চ মাহত গুজৰাটত আৰম্ভ কৰা হৈছিল আৰু লাহে লাহে সমগ্ৰ দেশতে এই ব্যৱস্থাটো বিয়পি পৰিছিল । আইন সেৱা প্ৰাধিকাৰী আইন, 1987 (Legal Services Authorities Act, 1987)ৰ প্ৰণয়নৰ পাছত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 39-এ-য়ে লোক আদালতক এক বিধিবদ্ধ কৰ্তৃত্ব প্ৰদান কৰিছিল । ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ পি এন ভাগৱতীয়ে লোক-আদালতৰ প্ৰস্তাৱ দাঙি ধৰাৰ লগতে ইয়াক ৰূপায়ণো কৰিছিল ।

লোক আদালতক সাধাৰণতে জনসাধাৰণৰ আদালত বুলিও জনা যায় । এই ব্যৱস্থাটো প্ৰধানকৈ গান্ধীবাদী নীতিৰ ওপৰত আধাৰিত কৰি প্ৰৱৰ্তন কৰা হৈছিল । এই আইনখনে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক বিনামূলীয়া আইনী সেৱা প্ৰদান কৰাৰ লগতে কোনো নাগৰিকক ন্যায় প্ৰদান নকৰাটো নিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে । এই ব্যৱস্থাটো পুৰণি কালৰ পঞ্চায়ত ব্যৱস্থাৰ লগতো তুলনা কৰিব পাৰি ৷ লোক আদালতত মধ্যস্থতা আৰু মীমাংসাৰ জৰিয়তে বিবাদ নিষ্পত্তি কৰা হয় ।

Lok Adalat and History
লোক-আদালত

লগতে পঢ়ক : ৰেল লাইন নিৰ্মাণত ব্যৰ্থ হোৱা ব্ৰিটিছক সহায় কৰা হিমাচলৰ ফকীৰজন

লোক আদালতত গ্ৰহণ কৰা শুনানি ফৌজদাৰী আদালতত গ্ৰহণ কৰা শুনানি হিচাপে গণ্য কৰা হয় ৷ এই ৰায় সকলো পক্ষৰ বাবে চূড়ান্ত আৰু বাধ্যতামূলক হ'ব ৷ লোক আদালতৰ ৰায়ৰ ওপৰত আকৌ ন্যায়ালয়ত কোনেও আপীল কৰিব নোৱাৰিব ৷

প্ৰথম লোক আদালত ১৯৮৬ চনত চেন্নাইত অনুষ্ঠিত হৈছিল । লোক আদালতে মীমাংসা আৰু আপোচৰ দ্বাৰা নিষ্পত্তি কৰিব পৰা গোচৰবোৰ গ্ৰহণ কৰা হয় আৰু তেওঁলোক অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আদালতত বিচাৰাধীন হৈ থাকে । সাধাৰণতে বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান, দুৰ্ঘটনা, বৈবাহিক বিবাদ আদি সম্পৰ্কীয় গোচৰসহ ফৌজদাৰী আৰু দেৱানী গোচৰসমূহ লোক আদালতত মীমাংসা কৰা হয় ৷

Lok Adalat and History
ন্য়ায়ালয়

দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে লোক আদালতক এক আদৰণীয় পদক্ষেপ হিচাপে গণ্য কৰা হৈছে । সম্প্ৰতি দেশত বহু সময় ধৰি মীমাংসা নোহোৱাকৈ পৰি আছে প্ৰায় ১৫ লাখৰো অধিক গোচৰ । কিন্তু ৰাষ্ট্ৰীয় লোক আদালতত (National Lok Adalat) বৰ্তমান সময়ত বৃহৎ সংখ্যক গোচৰৰ মীমাংসা কৰা হৈছে ৷ যাৰবাবে ন্যায়িক ব্যৱস্থাৰ ওপৰত থকা চাপ বহু পৰিমাণে হ্ৰাস পাইছে ৷

লগতে পঢ়ক : ঋষিৰ শাপত য'ত বাদুলী হৈ ৰৈছে নাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.