ETV Bharat / bharat

জনা-নজনা : জাতিংগাত পক্ষীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন - পক্ষীৰ আত্মহত্যা কেন্দ্ৰ

জাতিংগাৰ নাম নুশুনা অথবা জাতিংগাৰ বিষয়ে নজনা মানুহ হয়তো অসমত বহু কমহে ওলাব ৷ পক্ষীৰ আত্মহত্যা কেন্দ্ৰ হিচাপে জনাজাত জাতিংগাক লৈ সকলোৰে উৎসুকতাৰ সীমা নাই ৷ বিশেষকৈ জাতিংগাত পক্ষীৰ আত্মহত্যাৰ কাৰণক লৈ সদায়ে এই ঠাইখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে ৷

bird-suicide-point
জাতিংগাত পক্ষীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন
author img

By

Published : Sep 18, 2021, 7:00 PM IST

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : জাতিংগাত পক্ষীৰ ৰহস্যজন মৃত্যুৱে ভাৰতৰ পক্ষীবিদসকলৰ লগতে গৱেষকসকলক সদায় আকৰ্ষিত কৰি আহিছে ৷ জাতিংগাৰ ওচৰত অৱস্থিত অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ বৰাইল পাহাৰে দক্ষিণ-পশ্চিমৰ বতাহক ঠাইবোৰত বিচ্যুত কৰে । তদুপৰি, ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাবোৰ পৃথক কৰা শীৰ্ষবোৰ (জাতিংগা ৰিজ বুলিও কোৱা হয়) তললৈ ঢলি পৰে আৰু মুখ্য বৰাইল পাহাৰৰ সৈতে মিলিত হয়, যাৰ ফলত চাপ(funnel effect)ৰ সৃষ্টি হয় ৷ পক্ষীৰ মৃত্যুৰ আঁৰত ইয়াৰ কোনো কাৰণো জড়িত থকাৰ সন্দেহ কৰা হৈছিল ৷

Jatinga bird suicide point
জাতিংগাত পক্ষীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন

কিন্তু শেহতীয়াকৈ জাতিংগাত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত শেহতীয়াকৈ উদ্ধাৰ হৈছে কিছু চাঞ্চল্যকৰ তথ্য ৷ জাতিঙ্গা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত ৷ জাতিংগা হৈছে এটা জেমি নাগা শব্দ, যাৰ অৰ্থ হৈছে 'বৰষুণ আৰু পানীৰ পথ'। অতি নৌসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত জাতিংগাত মৌচুমী ঋতুৰ শেষত, বিশেষকৈ অমাৱস্যা আৰু প্ৰচণ্ড ধুমুহা-বৰষুণৰ মাজত সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰত পক্ষীৰ আত্মহত্যাৰ ঘটনা সংঘটিত হয় । এই ঘটনাই সকলোৰে মাজত চাঞ্চল্য সৃষ্টি কৰি থকাৰ মাজতে গৱেষকসকলে ইয়াৰ কাৰণ উদ্ঘাটন কৰিবলৈ আহি বিভিন্ন তথ্য প্ৰকাশ কৰিছিল ৷

Jatinga bird suicide point
জাতিংগাত পক্ষীৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন

কিন্তু শেহতীয়াকৈ অহা এক তথ্য অনুসৰি, প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে । পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে । তথ্য অনুসৰি, এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে । একাংশ গাঁওবাসীয়ে অন্ধকাৰ নিশা পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে আৰু তেওঁলোকে বাঁহৰ খুঁটাৰেৰে মৰিয়াই হত্যা কৰে ।

জাতিংগাত পক্ষীৰ ৰহস্যজনক মৃত্যুৰ কথা প্ৰথম পোহৰলৈ আহে ১৯৬০ দশকত ৷ প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Geeয়ে প্ৰথম এই ঘটনাটো সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰিছিল । তেওঁ প্ৰসিদ্ধ পক্ষীবিদ স্বৰ্গীয় ছালিম আলিৰ লগত জাতিংগা ভ্ৰমণ কৰিছিল । আনহাতে পক্ষীৰ হত্যাৰ এই ঘটনাত প্ৰধানকৈ Tiger Bittern, Black Bittern, Little Egret, Pond Heron, Indian Pitta আৰু Kingfisher প্ৰজাতিৰ পক্ষীৰ অধিক ক্ষতি হয় ।

সম্প্ৰতি ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত দল-সংগঠনসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰাৰ বাবে অশিক্ষিত গাঁওবাসীক সচেতন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ পিছতে, জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পায় ।

লগতে পঢ়ক : জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.