নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ : এনে এক আখ্যান জড়িত আছে ইতিহাস বিজড়িত কন্দলী অঞ্চলত ৷ কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুত লুকাই আছে এটি বিস্ময়কৰ গুহা ৷ জনসমাজত এই বিস্ময়কৰ গুহাটো বাদুলী খোৰোং নামেৰে পৰিচিত ৷ ঐতিহাসিক এই আশ্চৰ্যকৰ খোৰোঙটোত যুগ যুগ ধৰি শত-সহস্ৰ বাদুলী বসবাস কৰি আহিছে ৷ জনবিশ্বাস মতে, এই বাদুলীবোৰ হেনো ঋষিৰ শাপত বন্দী হৈ থকা নাৰীৰূপী বাদুলীহে ৷
নগাঁও জিলাৰ দক্ষিণ-পূৱ প্ৰান্তত অৱস্থিত এই ঐতিহাসিক বাদুলী খোৰোং ৷ স্থানীয় লোকৰ মতে, প্ৰাক্ বৈষ্ণৱ যুগত কন্দলীত ৰাণী প্ৰমিলাই ৰাজত্ব কৰা নাৰী ৰাজ্যত এই বিস্ময়কৰ শিলৰ গুহাটো আছিল ৷ এই ৰাজ্যত কেৱল মাত্ৰ নাৰীয়েহে বসবাস কৰিছিল, ইয়াত পুৰুষৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ আছিল ৷
এদিন এগৰাকী ঋষিয়ে কৌতুহল দমাব নোৱাৰি নাৰীসকলে গুহাতনো কি কৰে আৰু কেনেদৰে থাকে, তাক চাবৰ বাবে গুহাত সোমাওতে গুপ্তচৰৰ হাতত ধৰা পৰাত ৰাণীয়ে ঋষিক শিলত ওলোমাই কঠোৰ শাস্তি বিহে ৷ ইয়াতে লাজে অপমানে খঙত টিঙিৰতুলা হৈ ঋষিয়ে ৰাজ্যৰ নাৰীসকলক গুহাৰ শিলত বাদুলী হৈ ওলমি থাকিবলৈ শাও দিয়ে ৷ ইয়াৰ পাছতেই লগে লগে সকলো নাৰী বাদুলী হৈ গুহাৰ শিলত ওলমি ৰয় ৷ গুহাত আবদ্ধ হৈ থকা বাদুলীবোৰেই সেই অভিশপ্ত নাৰীসকল বুলি মানুহে আজিও বিশ্বাস কৰে ৷
স্থানীয় লোকৰ অনুসৰি, এই বাদুলীবোৰ ঋষিৰ অভিশাপৰ বাবেই গুহাৰ নিৰ্দ্দিষ্ট সীমা অতিক্ৰম কৰি কেতিয়াও বাহিৰলৈ নাযায় ৷ জানিব পৰা মতে, এই গুহাৰ সৈতে পূৰ্বৰেপৰা স্থানীয় লোকৰ এক ওতপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে ৷ অঞ্চলটোৰ সমীপৱৰ্তী তিৱা লোকসকলৰ বসন্ত উৎসৱৰ নৃত্যৰ অত্যাৱশ্যকীয় সাজপাৰ বাদুলী খোৰোঙৰ পৰা অনাৰ এক পৰম্পৰা চলি আহিছে ৷ উৎসৱৰ আগদিনা নৃত্যশিল্পীসকলে প্ৰয়োজনীয় সাজপাৰ বিচাৰি পূজা-পাতল কৰাৰ লগতে গুহাত এখন শৰাই থৈ আহে আৰু পিছদিনা তেওঁলোকে গুহাৰ ফালৰপৰা শৰাইত থকা সাজপাৰবোৰ লৈ অনা হয় ৷
তদুপৰি গুহাটোৰ প্ৰৱেশদ্বাৰৰ পৰা সাত নং কক্ষত শিৱ-পাৰ্বতীৰ মূৰ্তিৰ এখন থান আছে ৷ সম্প্ৰতি বিগত 19 বছৰ ধৰি মহা শিৱৰাত্ৰিৰ এদিন পাচৰে পৰা এই ঐতিহাসিক কন্দলী পাহাৰত অনুষ্ঠিত হৈ আহিছে বাদুলী খোৰোং মেলা । এই মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয় আৰু মেলাস্থলী একপ্ৰকাৰে জনসমুদ্ৰত পৰিণত হয় ৷ ইফালে, বাদুলী খোৰোঙৰ আশে-পাশে থু পেলোৱা আৰু প্ৰস্ৰাৱ কৰা লোকৰ নানা ধৰণৰ বেমাৰ-আজাৰ, হানি-বিঘিনি ঘটাৰ বহু প্ৰবাদ বৰ্তমানেও ৰাইজৰ মাজত প্ৰচলিত হৈ আহিছে ৷
বাদুলি খোৰোঙৰ এই প্ৰবাদ সত্য নে কাল্পনিক সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই ৷ কিন্তু এই প্ৰবাদ যে সত্য, সেয়া সন্দেহাতীত ৷ কিন্তু এই গুহাই সদায়ে পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে ৷ ইয়াৰ লগতে স্থানীয় লোকৰ আবেগ অনুভূতি জড়িত হৈ আছে ৷ কিন্তু পৰিতাপৰ কথা যে কিম্বদন্তীৰে ভৰা বিস্ময়কৰ এই বাদুলী খোৰোংটো সম্প্ৰতি ইতিহাসত বিলীন হোৱাৰ দিশে গতি কৰিছে ৷
খোৰোঙত খাদ্যৰ অভাৱত দিনক দিনে বাদুলীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে ৷ উপযু্ক্ত ৰক্ষণাবেক্ষণ আৰু প্ৰচাৰৰ জৰিয়তে ইয়াক পৰ্যটকৰ আকৰ্ষণীয়স্থল হিচাপে গঢ়ি তুলি ৰাজ্যৰ পৰ্যটন উদ্যোগ অধিক সম্প্ৰসাৰিত কৰাৰ লগতে স্থানীয় লোকৰ নিয়োগৰ ব্যৱস্থা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিন্তু চৰকাৰে আজিকোপতি এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই ৷
লগতে পঢ়ক : জনা-নজনা : লক্ষাধিক নিষিদ্ধ গ্ৰন্থৰে নিৰ্মিত স্মাৰক