ETV Bharat / bharat

ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ 2000 বাহন

ভূমিস্খলনৰ বাবে জন্মু-কাশ্মীৰৰ ৰামবন জিলাত বন্ধ হৈ পৰিছে জন্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ ঘাইপথটো বন্ধ কৰি দিয়াৰ ফলত আৱদ্ধ হৈ পৰিছিল জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় 2,000 বাহন ৷

Jammu-Srinagar NH closed due to landslide in Ramban
ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ 2000 বাহন
author img

By

Published : Jan 11, 2021, 7:57 AM IST

নেশ্যনেল ডেস্ক,11 জানুৱাৰী : দেওবাৰে জম্মু-কাশ্মীৰৰ ৰামবন জিলাত সংঘটিত হোৱা ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হৈছিল জন্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷ ফলত দেওবাৰে বিয়লি 6 বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোত আৱদ্ধ হৈ পৰিছিল 2,000 ৰো অধিক বাহন ৷

জিলাখনৰ এজন অধিকাৰীয়ে প্ৰকাশ কৰা অনুসৰি, ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয় ৷ যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ পৰাত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় 2000 ৰো অধিক বাহন আৱদ্ধ হৈ পৰে বুলিও অধিকাৰীজনে প্ৰকাশ কৰে ৷

অধিকাৰীজনে প্ৰকাশ কৰা অনুসৰি, ৰামবন জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথটো মোকলাই দিয়াৰ বাবে পুৰুষ-মহিলা উভয়ে কাম কৰি আছে ৷ পাহাৰৰ পৰা শিল খহি পৰা বাবে ঘাইপথটো বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ৷

ইফালে, যান-বাহন আৰক্ষীয়েও পথটোত সৃষ্টি হোৱা যান-জঁটৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ সকলোকে যাতায়তৰ সময়ত গ্ৰহণ কৰিব লগা নিয়মবোৰ মানি যাত্ৰা কৰিবলৈ আহ্বান জনাইছে যান-বাহন আৰক্ষীয়ে ৷

অন্য এক খবৰৰ বাবে: ভাৰতৰ সৈতে আলোচনাত বহিবলৈ অমান্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.