নেশ্যনেল ডেস্ক, ২৭ জুন : পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ কূটাঘাতৰ লক্ষ্য জম্মু-কাশ্মীৰ । জম্মু আৰক্ষীৰ বিচক্ষণতাৰ বাবে এই লক্ষ্যত উপনীত নোৱাৰিলে উগ্ৰপন্থী সংগঠন । এক জনবহুল অঞ্চলত বিস্ফোৰণৰ লক্ষ্যৰে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই (LeT) স্থাপন কৰিছিল আইইডি (IED) । অৱশ্যে এই আইইডিটো বিস্ফোৰণ হোৱাৰ পূৰ্বে জম্মু আৰক্ষীয়ে উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰীখিনি ।
ইয়াৰ পূৰ্বে জম্মু বায়ু সেনা কেন্দ্ৰৰ ওচৰত দুটাকৈ বিস্ফোৰণ সংঘটিত হয় । আৰক্ষীয়ে সন্দেহ কৰা মতে ড্ৰোণৰ জৰিয়তে বিস্ফোৰক সামগ্ৰীবোৰ কঢ়িয়াই আনিছিল । লগতে বিমানক্ষেত্ৰৰ ওচৰত পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
জম্মু আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে সংবাদ মাধ্যমক জনোৱা মতে আৰক্ষীয়ে উদ্ধাৰ কৰা আইডিটো প্ৰায় ৫ ৰ পৰা ৬ কিল’গ্ৰাম ওজনৰ আছিল । সঞ্চালক প্ৰধানগৰাকীৰ মতে আইইডিটো এলইটি পোছাকৰ অপাৰেটিভে কোনো জনবহুল স্থানত স্থাপন কৰাৰ উদ্দেশ্যেৰে আনিছিল । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ঘটনাত জড়িত থকা আৰু কেইবাজনকো আটক কৰাৰ সম্ভাৱনা আছে । অনুৰূপ এক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নৰৱাল অঞ্চলৰ পৰা এজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ সন্ত্ৰাসবাদীজনৰ পৰা পাঁচটা ইম্প্ৰুভাইজড বিস্ফোৰক সঁজুলি (IED) জব্দ কৰিবলৈ সক্ষম হয় । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জম্মু বায়ু সেনা কেন্দ্ৰৰ কাৰিকৰী এলেকাত দিনটোৰ আৰম্ভণিতে সংঘটিত দুটা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে ।
বিষয়টো সন্দৰ্ভত বে-আইনী কাৰ্যকলাপ (Unlawful Activities Prevention Act) আইনৰ (ইউএপিএ) অধীনত এক এজাহাৰ দাখিল কৰা হৈছে । বিশেষ সূত্ৰই জনোৱা মতে আক্ৰমণত ব্যৱহাৰ কৰা দুখনকৈ ড্ৰোণৰ জৰিয়তে ৰখাই থোৱা বিমানখনক লক্ষ্য কৰা হৈছিল । সূত্ৰৰ মতে ঘটনাটোত কোনো বিশেষ ক্ষতিৰ খবৰ পোৱা হোৱা নাই যদিও দুজন কৰ্মচাৰী সামান্য আঘাতপ্ৰাপ্ত হৈছে ৷
প্ৰাৰম্ভিক ইনপুটৰ পৰামৰ্শ মতে আক্ৰমণটোৰ বাবে এক বিশেষ আকৃতিৰ বিস্ফোৰক সঁজুলি (explosive device) ব্যৱহাৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আৰু চিআৰপিএফ(CRPF) ডিআইজিৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে । এয়াৰ মাৰ্শ্বেল বিক্ৰম সিং উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: লোকসেৱা কেলেংকাৰী: ২৫ এপিএছ-এচিএছ বিষয়াৰ বহীত বিসংগতি