ETV Bharat / bharat

এতিয়াৰে পৰা আকাশমাৰ্গেৰে উপভোগ কৰিব পাৰিব ভূ-স্বৰ্গৰ সৌন্দৰ্য

জম্মু-কাশ্মীৰত পৰ্যটকৰ বাবে হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে চৰকাৰ । ডাল হ্ৰদকে (Dal Lake) ধৰি কেইবাটাও পৰ্যটনস্থলী আকাশমাৰ্গৰ পৰা দৰ্শন কৰিব পাৰিব পৰ্যটকে । পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

Jammu Kashmir administration is set to introduce helicopter services to boost tourism
জম্মু কাশ্মীৰত পৰ্যটকৰ বাবে আৰম্ভ হ'ব হেলিকপ্টাৰ সেৱা
author img

By

Published : Jul 10, 2021, 1:14 PM IST

নেশ্যনেল ডেস্ক, ১০ জুলাই: জম্মু-কাশ্মীৰৰ (Jammu-Kashmir) দৃষ্টিনন্দন দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে পৰ্যটকৰ আগমন ঘটে । নৌকা বিহাৰ, ৰ'পৱে আদিৰ জৰিয়তে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে পৰ্যটকে । কিন্তু এইবাৰ পৰ্যটকক আকৰ্ষিত কৰিবলৈ হেলিকপ্টাৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । ডাল হ্ৰদকে (Dal Lake) ধৰি কেইবাটাও পৰ্যটনস্থলীত এয়াৰ চাফাৰী (Air Safari) আৰু এয়াৰ ৰাইড কৰিব পাৰিব পৰ্যটকে ।

ৰাজ্যপালৰ উপদেষ্টা বছীৰ আহমেদ খানে শুকুৰবাৰে সচিবালয়ত অনুষ্ঠিত এক বৈঠকত এই পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে । বৈঠকত বছীৰ আহমেদ খানে কয় যে, এই পদক্ষেপে কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব আৰু পৰ্যটকক এক পৃথক অভিজ্ঞতা প্ৰদান কৰিব । তেওঁ লগতে কয় যে, বিভাগটোৱে গুৰুত্বপূৰ্ণ স্থানসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ আৰু পৰ্যটকক আকৰ্ষিত কৰিবলৈ হেলিকপ্টাৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

বছীৰ আহমেদ খানে বিষয়াসকলক হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিব পৰা জম্মুৰ লগতে কাশ্মীৰৰ বিভিন্ন পৰ্যটনস্থলী চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে । প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় মৌলিক আন্তঃগাঁথনি আৰু জনশক্তি সম্পৰ্কে সঠিক ভিত্তি প্ৰস্তুত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিছে ৰাজ্যপালৰ উপদেষ্টাগৰাকীয়ে । লগতে হেলিকপ্টাৰ সেৱাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাজ্যপালৰ উপদেষ্টা বছীৰ আহমেদ খানে জনোৱা মতে, ৰাজ্যপালে ইতিমধ্যে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে । এই পদক্ষেপে জম্মু-কাশ্মীৰৰ পৰ্যটন উদ্যোগক অধিক লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে । জম্মুৰ বৰফে আবৃত পাহাৰে পৰ্যটকক আকৰ্ষিত কৰে । সমান্তৰালকৈ কাশ্মীৰ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্যয়ো পৰ্যটকক মন্ত্ৰমুগ্ধ কৰে ।

ঝেলাম নৈৰ পাৰৰ পৰিৱেশ কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে । ডাল হ্ৰদৰ (Dal Lake) নৌকা বিহাৰৰো আনন্দ লয় পৰ্যটকে । ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি কিছু সময় প্ৰকৃতিৰ কোলাত জিৰণি লোৱাৰ বাবে বহু লোকে ঢাপলি মেলে জম্মু-কাশ্মীৰলৈ । বৰফৰ শুকুলা চাদৰে আৱৰা সু-উচ্চ পাহাৰে ৰিঙিয়াই মাতে পৰ্যটকক । এনে নান্দনিক দৃশ্য হেলিকপ্টাৰেৰে উপভোগ কৰিবলৈ পৰ্যটকে যে ভাল পাব তাত কোনো সন্দেহ নাই ।

লগতে পঢ়ক:অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.